নতুন‌ কৃষি আইন আৰু কৃষকৰ আশংকা-সম্পাদকীয়

কৃষি কাৰ্যৰ আৰম্ভণিয়ে নৱ প্ৰস্তৰ যুগত মানৱ সভ্যতাৰ সূত্ৰপাত ঘটাইছিল আৰু মানৱ জাতিয়ে নিগাজীকৈ বসবাস কৰিবলৈ আৰম্ভ কৰিছিল।তেতিয়াৰ পৰা বিভিন্ন পৰ্যায় অতিক্ৰম কৰি মানুহে সভ্যতাৰ জখলাডালৰ শিখৰ স্পৰ্শ কৰিলে যদিও এতিয়াও জীৱন নিৰ্বাহৰ বাবে কৃষি কাৰ্যৰ ওপৰতে নিৰ্ভৰশীল।ভাৰতবৰ্ষৰ দৰে  উন্নয়নশীল ৰাষ্ট্ৰ য'ত দেশৰ দেশৰ ৭০ শতাংশ লোক এতিয়াও কৃষিৰ ওপৰতে নিৰ্ভৰশীল আৰু ইয়াৰ অৰ্থনীতিৰ মূল মেৰুদণ্ডডালেই হৈছে কৃষি।গতিকে দেশখনত কৃষি কাৰ্যৰ লগত জড়িত হৈ দেশবাসীক জীয়াই ৰখাৰ বাবে তাড়না ভোগ কৰা কৃষকসকলৰ গুৰুত্ব সৰ্বাধিক হ'ব লাগিছিল।কিন্তু ৰ'দ -বৰষুণৰ মাজতো হাড় ভগা  পৰিশ্ৰম কৰিও শোষণ বঞ্চনাৰ বলি  হোৱা কৃষকসকলে কিমান তথৈবচ জীৱন- যাপন কৰিবলগীয়া হয় সেইয়া নক'লেও সহজেই অনুমেয়।বিভিন্ন কাৰকৰ প্ৰভাৱত ইপ্সিত শস্যৰ উৎপাদনত ব্যৰ্থ হৈ দেশত‌‌ প্ৰতিবছৰে কিমান কৃষকে আত্মহত্যাৰ পথ বাছি ল'ব লগা হয় তাৰ হিচাপ নাই।সমাজৰ প্ৰতি চেতনাহীন আঢ্যৱন্ত পৰিয়ালৰ লোকসকলে দৈনন্দিন বিয়া- সবাহ, বাৰ্থদে -পাৰ্টি আদিৰ নামত সুস্বাদু খাদ্য খায় আৰু পেলাইয়ো কিন্তু যিসকল কৃষকে দিন-ৰাতি একাকাৰ কৰি শস্যৰ উৎপাদন কৰে তেওঁলোকেই অনাহাৰে থাকিবলগীয়া অৱস্থা হয়।এয়াই হৈছে সম্প্ৰতি ভাৰতবৰ্ষৰ কৃষকসকলৰ স্বাভাৱিক জীৱন পৰিক্ৰমা।দুখৰ বিষয়, স্বাধীনোত্তৰ সত্তৰ  দশকৰ পিছতো পৰিৱৰ্তিতৰূপত গঠন হোৱা চৰকাৰসমূহৰ ভিতৰত কৃষকসকলৰ প্ৰকৃত উন্নতিৰ সদ ইচ্ছা কাৰো কাম্য নহয়। বজাৰত বস্তুৰ আকাশলংঘী দাম হোৱা সাম্প্ৰতিক সময়ত কৃষি কাৰ্যৰ লগত জড়িত একোটা পৰিয়ালৰ মাহিলি গড় উপাৰ্জন হৈছে মাত্ৰ ২৪০০ টকা।মহামাৰী কৰ'ণাৰ আতংকই এই দীৰ্ঘদিনীয়া সময়খিনিত কৃষকসকলৰ জীৱনত   কিদৰে প্ৰভাৱ পেলাইছে সেইয়া সহজবোধ্য।

শেহতীয়াকৈ কৃষকসকলৰ উন্নয়ন আৰু সামগ্ৰিকভাৱে কৃষি খণ্ডটোৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি সংসদত তিনি খনকৈ বিল গৃহীত হয়।Farmer's Produce Trade and Commerce (Promotion and Facilitation) Bill,2020 কৃষিজাত সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য ( উত্তৰণ আৰু সহায়তা) আইন-২০২০,Farmers Empowerment and Protection Agreement on Price Assurance and Farm Services Bill, 2020 (দৰ নিশ্চয়তা আৰু কৃষি সেৱা চুক্তিৰে কৃষক (সবলীকৰণ আৰু নিৰাপত্তা) আইন-২০২০, Essential Commodities Amendment Bill(অত্যাৱশ্যকীয় সামগ্ৰীৰ সংশোধনী বিল ২০২০)।তিনিওখন বিলৰ মূলত কৃষিজাত সামগ্ৰীৰ বজাৰৰ লগত জড়িত।কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ বিতৰণ আৰু বিকিৰণৰ মূল কেন্দ্ৰটোৱেই হৈছে বজাৰ। চলিত  বৰ্ষৰ ২০ ছেপ্টেম্বৰ তাৰিখে গৃহীত হোৱা আইন কেইখনৰ‌ জৰিয়তে বিশেষকৈ ‌কৃষকৰ  উৎপাদিত সামগ্ৰীৰ ক্ৰয়-বিক্ৰয়ৰ প্ৰয়োজনীয় দিশ বজাৰৰ সুবিধা দিয়াৰ প্ৰয়াস কৰা হৈছে, য'ত কৃষকসকলে নিজ ইচ্ছা মতে উৎপাদিত সামগ্ৰীৰ ‌দৰদাম কৰিব ‌পাৰিব।ঠিকা ভিত্তিক‌(Contract Farming) কৃষি ব্যৱস্থাৰ প্ৰচলনো এই আইনৰ আন এক দিশ।তদুপৰি ‌কৃষকসকলে ভাৰতৰ যিকোনো‌ ঠাইত শইচৰ বিতৰণ কৰিব পাৰিব।সংসদত গৃহীত হোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ সংশোধনী আইনৰ‌ মতে চাউল, দাইল, আলু ইত্যাদি অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত চৰকাৰী প্ৰতিবন্ধকতা উঠাই দিয়াৰ মূল উদ্দেশ্যটো হৈছে কৃষকক উৎপাদক হিচাপে এখন বহল  পৰিসৰৰ বজাৰ দি উপযুক্ত ‌দৰ পাব পৰাটো।ইয়াৰ লগত ২০১৩ চনৰ পৰা প্ৰৱৰ্তন হৈ অহা খাদ্য সুৰক্ষা আইনখনো জড়িত ।

            এতিয়া প্ৰশ্ন হ'ল কৃষকৰ উন্নয়নৰ উদেশ্যে গৃহীত হোৱা বিধেয়কখনৰ প্ৰতিবাদ কৰি কৃষকসকলেই আকৌ কিয় ৰাজপথত আন্দোলন কৰিবলীয়া হৈছে? কৃষিজাত সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (উত্তৰণ আৰু সহায়তা) আইনৰ মতে ভাৰতৰ যিকোনো‌ মানুহে দেশৰ যিকোনো‌ ঠাইতে শইচৰ কিনা- বেচা কৰিব পাৰিব।কিন্তু কৃষকৰ মূল দাবী হৈছে যি বজাৰ বা মাণ্ডী তাক বাহাল ৰাখি  নূন্যতম সমৰ্থন মূল্যৰে(Minimum Support Price) আনুষ্ঠানিক স্বীকৃতিৰে ক্ৰয়-বিক্ৰয় কৰা য'ত ধনী শ্ৰেণীৰ কৃষকসকল অধিক লাভান্বিত হোৱাৰ অৱকাশ আছে কিয়নো যিকোনো‌ ঠাইতে বেচা-কিনা কৰিব পৰাকৈ দেশৰ সৰ্বাধিক কৃষক সক্ষম নহয়।তদুপৰি আটাইকেইখন কৃষি আইনৰ দ্বাৰা চৰকাৰে ব্যক্তিগত খণ্ডক অধিক অগ্ৰাধিকাৰ দিয়া যেন অনুমান হয়।কৃষকসকলৰ আগতীয়াকৈ মতামত বা পৰামৰ্শ নোলোৱাকৈ তিনিখনকৈ আইন জাপি দিয়াটো কৃষকসকলৰ পৰিপন্থী বুলি কৃষকসকল বিৰুদ্ধাচৰণ হৈ আইনখনৰ প্ৰতিবাদ সাব্যস্ত কৰি ভাৰত বন্ধ কাৰ্যসূচী লৈছে, ৰাজধানী দিল্লী উত্তাল কৰিছে।
      
           ভাৰতবৰ্ষৰ দৰে কৃষি প্ৰধান  দেশখনত কৃষকসকলেই হৈছে মূল মেৰুদণ্ডডস্বৰূপ।আইনকেইখনৰ প্ৰতিবাদত  কৃষকসকল যাতে ৰাজনীতিৰ বশৱৰ্তী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গৃহীত আইন কেইখনে যাতে কৃষকসকলৰ সৰ্বাধিক উত্তৰণ সাধিব  পাৰে তাৰ প্ৰতি চৰকাৰে বিশেষ গুৰুত্ব দি কাৰ্যব্যৱস্থা গ্ৰহণ কৰা উচিত।ভাৰতৰ দৰে কৃষি নিৰ্ভৰশীল দেশত কৃষকৰ উপযুক্ত বিকাশৰ অবিহনে দেশৰ সামগ্ৰিক উন্নয়ন কেতিয়াও সম্ভৱ নহয়।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send