মুঠতে আপোনাক বিচাৰো-পংখী মৰাণ

©Admin
0
হৃদয়ৰ কেঁচা তেজ ঢালি
বুকুৰ পাণ্ডুলিপিখন আঁকি চাব খোজো
স্নিগ্ধতাই কঢ়িয়াই অনা নিশাৰ পোহৰত।
সীমাহীন ভালপোৱাবোৰৰ সোৱাদ
অপেক্ষাৰ বতাহে উৰুৱাব নোৱাৰাকৈ
আপোনাক ধৰি ৰাখিব খোজো
হেঁপাহবোৰৰ মাজত।
আপুনি নাজানে মই কিমান ভাল পাওঁ
আপোনাৰ বাবে মোৰ অপেক্ষা বোৰ সুকীয়া
জীয়াই থকাৰ প্ৰেৰণা।
আপুনি জানো পোৱা নাই মোৰ হিয়াৰ বতৰা?
মোৰ হৃদয়ৰ উচুপনি
কিয় পাহৰিব খোজে আপুনি?
ৰাতি ৰাতি উজাগৰে
কবিতা লিখো আপোনাৰ বাবে
তথাপিও আপুনি কিয় নুবুজে?
বুকুত কঢ়িয়াই লৈ ফুৰিছো আজিও আপোনাক
সংগোপনে,আশা ভৰা হেঁপাহেৰে।
যাৰ বাবে দুচকুত সপোন ফুলে
প্ৰেমৰ আবেগে আমনি কৰে
এইয়া বাৰু ভালপোৱা নহয়নে?

কেতিয়াবা সময় পালে আহিব
আপোনাৰ বাবে সাঁচি ৰখা বুকুৰ মৰমবোৰ জুখি চাব
বেদনাতকৈ ওজন বহুত বেছি হ'ব।
কেতিয়াবা ভাবো মই কিয় আপোনাক বিচাৰো?
নাজানো
নাজানো আৰু নুবুজো বাবেইটো 
আপোনাক কঢ়িয়াই লৈ ফুৰো
মুঠতে আপোনাক বিচাৰো।
সিদিনাৰ শ্ৰেষ্ঠ কবিতা"কিয় বাৰে বাৰে সুধি থাকা মই প্ৰেমত পৰা নাই বুলি"
তাৰ উত্তৰো আপুনি।
কোনোবাই যেতিয়া বাৰুকৈয়ে সোধে
হৃদয় ছৈখোৱা ঘাটৰ কাহিনী
তেতিয়া
আপোনাৰ কথা শুনি কয় তেওঁ আহিব
কিন্তু মই জানো আপুনি কেতিয়াও নাহে 
আপোনাক ভগৱানে পঠিওৱা নাই মোৰ বাবে
আপুনি জননীৰ বাবে।
দেশমাতৃৰ হৈ জিলিকি থাকক সদায়
আপোনাৰ শ্বহীদ বেদীত মোৰ বন্তি গছি
কেতিয়াও নুনুমাই
ভাল পাওঁ আপোনাক সদায়।

✍️পংখী মৰাণ
উইমেনজ্ কলেজ তিনিচুকীয়া
স্নাতক তৃতীয় ষান্মাষিক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)