মাথোঁ অপেক্ষা-চিন্ময় ডেকা

বহুদিনেই হ'ল জানা
তোমাক নেদেখা
তোমাৰ চকুৰ চাৱনিয়ে যেন
অনুভৱৰ দলিচাত
মোক কৰেহি আমনি__।।

হৃদয়ৰ গোপন কোনত
ৰাখিছোঁ তোমাক জানা
মৰম, স্নেহ ভালপোৱা
নিঠৰুৱা মোৰ মনে কয়
তোমাক উষ্ম আদৰণি জনাবলৈ__।।

নিষ্ঠুৰ সময়ে তোমাক
আঁতৰাই নিলে
হৃদয়ৰ এচুকত তুমি
আহিবা বুলি
ৰৈ আছোঁ জীৱনত সংগোপনে মই

✍️চিন্ময় ডেকা
ওডালগুৰি টংলা
             

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send