পপীয়া তৰা-বাণীকান্ত লহকৰ

©Admin
0
মকৰাৰ জালফালি লুং লুঙীয়া বাটেৰে
পিপৰা খোজেৰে এটা পপীয়া তৰা খহি পৰিছিল

মাতাল হ'ব খোজা হাবিখনক বান্ধিছিল
জুই ফুল হৈ ফুলি থকা স্ফুলিংগবোৰ

আটোম টোকাৰীকৈ বান্ধি মূৰত তুলি
এঙাৰত পৰ্যবসিত কৰিছিল

সহজতে ঢুকি নোপোৱা বেলিটো
মুঠি মাৰি ধৰিছিল

আঙুলিৰ ফাঁকেৰে বিচ্ছুৰিত ৰশ্মি
বেৰৰ জোলোঙাৰে সৰিছিল

সূৰুয বিচৰা হাতকেইখনে কৰায়ত্ত কৰিলে
নেপথ্য কোঠাৰ চুঙাৰ বাদুলি ।

✍️বাণীকান্ত লহকৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)