পশুতকৈও নিকৃষ্ট নেকি জীৱশ্ৰেষ্ঠ মানুহ~অনুভৱ-জুলহাছ আলী আহমেদ

©Admin
0
_জীৱশ্রেষ্ঠ উপাধিৰে মহীয়ান এচাম মানুহতকৈ যেন অবোধ পশু শ্রেষ্ঠ,— কিয়নো ইহঁতৰ মাজত নাই কোনো জাতিভেদ, নাই কোনো কাজিয়া-পেছাল, নাই কোনো হিংসা-বিদ্বেষ, নাই কোনো ৰাজনৈতিক দন্দ, নাই ক্ষমতাকেন্দ্ৰিক সংঘাত, নাই কোনো লোভ-লালসা, নাই কোনো প্ৰতিযোগিতা পৰায়ণ মনোভাৱ, নাই খোৱা-কামোৰাৰ মানসিকতা, নাই কোনো প্ৰকাৰৰ ইৰ্ষা কিংবা গৌৰৱ-অহংকাৰ, নাই ধন ঘটাৰ বাসনা, নাই কোনো ছল-চাতুৰীৰ প্ৰৱণতা, নাই কোনো ধৰনৰ ঠগ-প্ৰৱঞ্চনা কৰাৰ মনোবাঞ্চা, নাই আনক কষ্ট দি নিজে সুখী হোৱাৰ লিপ্সা, নাই কাকো প্ৰতাৰণা কৰাৰ অভিপ্ৰায়, নাই কোনো লোভ মোহ কাম ক্ৰোধৰ হবী, আৰু নাই সৃষ্টিৰ শ্ৰেষ্ঠ জীৱ মানৱ মণ্ডলীক সমূলঞ্চে ধংস কৰাৰ ভয়ানক পৰিকল্পনা। সিহঁত শান্তিপূৰ্ণ পৰিৱেশত থাকি ঐক্যবদ্ধ হৈ নিঃস্বাৰ্থভাৱে কেৱল নিজৰ ভোক নিবাৰণৰ নিমিত্তে দুবেলা দুমুঠি অন্নৰ যোগাৰত ব্যস্ত হৈ থাকে। আৰু আমি?... হয়, জীৱশ্ৰেষ্ঠ মানুহ হৈ আমি কি কৰি আছোঁ? যি কৰিব নালাগিছিল আজি আমি তাকেই কৰি থকা নাইনে? তাৰ পাছতো জীৱশ্ৰেষ্ঠৰ উপাধি খামুচি ধৰি ৰখাটো আমাৰ পক্ষে কিমানদূৰ যুক্তিসংগত? পৰম কৰুণাময় পৰমাত্মা পৰমেশ্বৰ আল্লাহ ৰাব্বুল আলামিনে অতি মৰমেৰে আমাক সুন্দৰ ৰূপসজ্জা, মনোমোহা আকৃতি-প্ৰকৃতি, মায়াবিনী গঠনপ্ৰণালী, আকৰ্ষণীয় চেহেৰা, আকৃষ্ট কৰিব পৰা মুখমণ্ডল, সুমধুৰ সুৰ, অনান্য গুণেৰে সমৃদ্ধ, দয়া, প্ৰেম মানৱতা, মূল্যবোধ, উদাৰতা, মহানুভৱতা, নৈতিকতা, জ্ঞান, বিবেক-বুদ্ধি, প্রজ্ঞা আদি সকলোখিনিয়েই দি সৃষ্টিৰ সুন্দৰতম জীৱ মানুহ হিচাপে সৃষ্টি কৰি জীৱশ্ৰেষ্ঠৰ উপাধিৰে বিভূষিত কৰিছে। কাৰণ মানুহেই সৃষ্টিৰ মহৎ উদ্দেশ্য সফল কৰিব, পৃথিৱীৰ বুকুত মানুহে ঈশ্বৰ-আল্লাহৰ গুণাকীৰ্ত্তন কৰাৰ লগতে ধৰাৰ বুকুত এখন সুন্দৰ, সুশৃংখল, স্বচ্ছ, শান্তিপূৰ্ণ, প্ৰগতিশীল আৰু সমন্বয়ৰ মানৱ সমাজ গঠন কৰি মানৱীয় গুণ বিলোৱাৰ উপৰিও সকলো জীৱৰ কল্যাণ চিন্তা কৰিব, তাৰোপৰি আধ্যাত্মিকতাৰ ধ্যান-ধাৰণাৰে মানৱ সমাজত সত্য, শুদ্ধ, শান্তিৰ ধৰ্মৰ বাণী বিলাব, মানুহক সৎ কামৰ আদেশ আৰু অসৎ কামৰ নিষেধ কৰাৰ সমান্তৰালকৈ নিজেও এজন মানুহৰ কৰণীয়খিনি কৰি যাব আৰু বৰ্জনীয়খিনি বৰ্জন কৰি চলিব কিন্তু পৰিতাপৰ বিষয় আজি জীৱশ্ৰেষ্ঠৰ উপাধিৰে বিভূষিত এচাম মানুহে প্ৰতিনিয়ত অমানুহৰ কৰ্মসমূহ কৰি গৈছোঁ, এনেকুৱা কোনো অধৰ্মী পাপ কৰ্ম নাই যিটো মনুষ্যই নকৰে বা কৰা নাই, এক কথাত কবলৈ গলে আজি জীৱশ্ৰেষ্ঠ মানৱ জাতি যেন পশুতকৈ'ও নিকৃষ্ট প্ৰাণী হবলৈ গৈ আছে।

✍️জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও,অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)