বিখ্যাত হ'বলৈ সহজ ভাল হোৱাটো কঠিন ~অনুভৱ- হেমেন হাজৰিকা

©Admin
0
 এটা সন্তানক ডাঙৰ দীঘল কৰি সমাজত মানুহ হিচাপে চিনাকি কৰি গঢ় দিয়াটো আজিৰ দিনত খুবেই কঠিন | সন্তান জন্ম দিয়াটো সহজ কিন্তু এগৰাকী মাতৃৰ গৰ্ভত ভাল সন্তান ধাৰণ কৰাটোও খুউব কঠিন | কিয়নো মানুহ বিখ্যাত হোৱাটো সহজ কিন্তু ভাল মানুহ হোৱাটো সিমান সহজ নহয় | ৰাতিটোৰ ভিতৰতে এজন মানুহ বিখ্যাত হৈ যাাব পাৰে , কিন্তু ৰাতিটোৰ ভিতৰতে ভাল মানুহ হ'ব নোৱাৰে | ভাল মানুহ হ'বলৈ মানুহক সময় লাগে | সাধনা লাগে | কেনেদৰে হ'ব পাৰি দহজনে ভাল বুলি ক'ব পৰা এজন মানুহ | যিয়ে সময় বালিত খোজ থৈ যাব পাৰে | তেঁওৰ অবৰ্তমানত আনে ক'ব পাৰে ইয়াত এজন মানুহ আছিল | তেখেতে তেখেতৰ জীৱন কালত কৰিব পৰা কামেই , তেখেতৰ ব্যৱহাৰে , তেখেতৰ আচৰণে জীয়াই ৰাখিব মানুহৰ মাজত এগৰাকী ভাল মানুহ হিচাবে | ইয়াৰ আৰম্ভণি হ'ব লাগিব মাতৃগৰ্ভত ভ্ৰুণে স্থিতি লোৱাৰ দিনটোৰ পৰাই | এটা শিশু জন্মৰ আগমুহুৰ্তলৈ মাকৰ গৰ্ভত থাকে , তেতিয়াই সি সকলো শুনে , গতিকে এই ক্ষেত্ৰত মাক গৰাকী সাৱধান হ'ব লাগে বুলি লোকে কয় | এই ক্ষেত্ৰত শ্ৰীকৃষ্ণ আৰু অভিমুন্যৰ কথা উল্লেখ কৰিব পাৰি |
এজন ভাল মানুহ বিখ্যাত নহ'বও পাৰে আৰু এজন বিখ্যাত মানুহ ভাল নহ'বও পাৰে | কাৰণ এজন মানুহ বেয়া হৈও বিখ্যাত হ'ব পাৰে | গতিকেই কোৱা হয় ভাল হোৱাটো ইমান সহজ নহয় | ভাল মানুহৰ সংগ কম , বন্ধু কম | সেয়েহে তেওঁক বেছি মানুহে চিনি নাপায় | তেওঁ হ'ব আজিৰ তাৰিখত সোঁতৰ বিপৰীতে যোৱা মানুহ | আজিৰ সমাজ ব্যবস্থাত যেনেদৰে মানুহ চলিবলৈ লৈছে ভাব হয় সমাজত ভাল মানুহ আছেনে বাৰু ? ইতিমধ্যে আমাৰ মাজৰ পৰা বহু ভাল মানুহ আঁতৰি গ'ল চিৰদিনলৈ | সেই ৰিক্ত স্থান পূৰণ কৰিবলৈ অসম মাতৃয়ে কেতিয়াকৈ তেনে সন্তান প্ৰসৱ কৰিব ? তাৰ বাবে আমি আৰু কিমান দিন অপেক্ষা কৰিব লাগিব | আমাৰ ভালৰ বাবে আমি ভাল বুলিব পৰাকৈ এজন ভাল মানুহ | ভাল মানুহ হ'বলৈ এটা ভাল পৰিৱেশৰ প্ৰয়োজন হ'ব | ভাল আমৰ পুলি কেতিয়াবা বকৰাণিত গজিলেও সেই পুলিৰ পৰা ভাল আম আশা কৰিব নোৱাৰি | মই এজন ভাল মানুহ হ'ম বুলি সংকল্প লৈ আগবাঢ়ি সাধনা , অধ্যৱসায় ,আদিৰে আগবাঢ়িব লাগিব | ইয়াৰ মূল আধাৰ হ'ব তেওঁৰ ঘৰখন , পৰিয়াল আদি | কাৰণ এটা শিশুৰ বৃদ্ধি আৰু বিকাশৰ মূল আধাৰ হ'ল ঘৰখন | গতিকে তাৰ পৰাই আৰম্ভ কৰিব লাগিব যাত্ৰা | সপোনক সৰোগত কৰি নিজকে প্ৰতিষ্ঠা কৰিবলৈ হ'লে কঠোৰ সাধনাই হ'ব মূল মন্ত্ৰ | কাৰণ আজিৰ তাৰিখত আমাক ভাল মানুহৰ আৱশ্যক হৈছে | বিখ্যাত মানুহ আমাক নালাগে , লাগে ভাল মানুহ | ভাল মানুহেহে সমাজখন ভালকৈ সজাব পাৰিব | আমি আশা কৰিছোঁ ভাল মানুহে ভালদৰে এখন ভাল সমাজ গঢ়ক ||

✍️হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)