ভোজৰ চিঠি~গল্প-ধীৰাজ গোস্বামী

©Admin
0
     পোনাকন অসমীয়া ভাষাসেৱক হৰেন মাষ্টৰৰ ল'ৰা।ঘৰৰ একমাত্ৰ ল'ৰা বাবে অতি মৰম চেনেহৰ মাজতে এখোজ-দুখোজকৈ ডাঙৰ হৈ আহিছিল।অতি মেধাৱী হৰেনে বহু দুখ, কষ্টৰ মাজেৰে সুনামেৰে নিজৰ ছাত্ৰ জীৱন সমাপ্ত কৰিছিল। চাকৰিৰ বাবে কেইবছৰমান কষ্ট কৰিবলগীয়া হৈছিল যদিও ভগৱানৰ সুদৃষ্টি আৰু নিজৰ নেৰা-নেপেৰা চেষ্টাত চাকৰিৰ বজাৰত ,ৰাইজৰ দাবীত ঘোচ নিদিয়াকৈয়ে এটি শিক্ষকৰ চাকৰি পাইছিল । নিজে অধ্যয়ন কৰা বিদ্যালয়খনত শিক্ষকতা কৰি বেছ আনন্দিত আছিল হৰেন মাষ্টৰ।
       চাকৰিটো পোৱাৰ পিছত এটা ধুনীয়া ঘৰ সাজি হৰেন মাষ্টৰে বিয়া পাতিলে ওচৰৰে নগৰখনৰ বিশিষ্ট ব্যৱসায়ী উদয় শংকৰ বৰ্মনৰ নুমলীয়া ছোৱালী ৰেণুকা বৰ্মনক।ৰেণুকাই শিক্ষাৰ নামত সংস্কৃত টোলৰ পৰা মেট্ৰিকৰ দেওনাখন পাৰ হৈছিল।হৰেন মাষ্টৰে ভাবিছিল যে ৰেণুকাৰ শিক্ষাটো চোৱাৰ বৰ প্ৰয়োজন নাই কাৰণ তাই অলপ কাম-কাজ কৰি ঘৰখন ধৰি ৰাখিলে হ'ল ।বহু ছাত্ৰ ছাত্ৰীক জ্ঞান দিয়া মাষ্টৰজনে জানো ঘৰখনৰ মানুহজনীক অলপ শিকাই বুজাই ৰাখিব নোৱাৰিবনে ?
        পোনাকন ,হৰেন মাষ্টৰে ল'ৰা সন্তান জন্ম হোৱাৰ আগতে ৰখা এটি স্বপ্নৰ নাম যদিও পোনাকনৰ স্কুলত লিখা নাম অস্তদীপ ।অস্তদীপ নামটো মায়েকে ৰাখিছিল । পোনাকনৰ মোমায়েকৰ ককায়েকে দিয়া নাম।হৰেন মাষ্টৰৰ এই নামটো সিমান ভাল নালাগিল কিয়নো এটি আৰম্ভণিক অস্তৰে নামাকৰণ কৰিবলৈ ভাল নালাগে।তথাপিও আপত্তি নেদেখুৱালে ।আজিকালি পোনাকনক সকলোৱে জেমচ বুলি জানে ।মায়েকে ৰাখিলে এই নাম আৰু হৰেনকো পোনাকন বুলি মাতিবলৈ মানা কৰিলে ।পোনাকন কেতিয়াও ইংৰাজী মাধ্যমৰ ছাত্ৰৰ নাম হ'বই নোৱাৰে ।
          হৰেন মাষ্টৰৰ ল'ৰা এইবাৰ নৱম শ্ৰেণীৰ ছাত্ৰ।ঘৰখনত লাহে লাহে অসমীয়া ভাষা কোৱাটো এক অপৰাধ যেন হৈ পৰিছে ।ৰেণুকাই এনে এটা পৰিৱেশৰ সৃষ্টি কৰিছে যেন জেমচে সকলো ইংৰাজীতে কৰিব পাৰিব লাগিব।ডাঙৰ এনৰ'য়ড মোবাইলত ইংলণ্ডৰ মানুহৰ খানা চাই চাই জেমচক যোগান ধৰাৰ চেষ্টা কৰে ৰেণুকাই।মাষ্টৰেও মাজে মাজে ৰেণুকাৰ হাতৰ ইংৰাজৰ খাদ্য নোখোৱা নহয় ।পিছে মাজে মাজে হৰেণ মাষ্টৰৰ ভাব হয় ,জিভাখন নাথাকিলে হয়টো মাষ্টৰৰ জীৱনটো থাকিলহেঁতেন ।
             নতুন শিক্ষানীতিত মাতৃভাষা বাধ্যতামূলক হোৱা খবৰটো শুনি হৰেন মাষ্টৰে বৰ সুখ পাইছিল।যিমান হ'লেওঁ ভাষাটোৰ প্ৰতি তেওঁৰ এক দুৰ্বলতা আছে ।তেওঁ অসম সাহিত্য সভাৰো আজীৱন সভ্য । ইতিমধ্যে তেওঁ নিজৰ কেবাখনো গল্প ,কবিতাৰ কিতাপ প্ৰকাশ কৰিছে ।আজিকালি মানুহে মাষ্টৰক উদাহৰণ দি কথা কয় ।নিজে অসমীয়া ভাষাৰ কথা কয় কিন্তু পুতেকক ইংৰাজ চাহাব বনাব।আমাৰ ল'ৰা ছোৱালীক আবেগিক কৰি ,নিজৰ চাকৰি বচাইছে,মেল মিটিঙত গামোচা তুলিছে আৰু ঘৰখনত অসমীয়া ভাষা নিষিদ্ধ কৰিছে ।কথাবোৰ মাষ্টৰৰ কাণত পৰে কিন্তু কৰিব কি ?উপাই নাই ৰেণুকাক ক'লে কয় আমাৰ জেমচক আপোনাৰ দৰে শিক্ষক হ'বলৈ দি তাৰ দুখ চাব নোৱাৰো । অসমত ভৱিষ্যতে শিক্ষকৰ বাহিৰে অসমীয়া ভাষা পঢ়াসকলে কি কৰিব পাৰিব ?অসমত এতিয়াৰ বেমাৰবোৰো আনকি বিদেশৰ পৰা অহা ইংৰাজী নামৰ ।মানুহে কি কয় ,সেইবোৰ শুনিব নালাগে ।আমি কিছুদিনৰ পিছত বিদেশতে থাকিম।আপুনিও অৱসৰ লোৱালৈহে ইয়াতে থাকিব। তাৰ পিছত ঘৰ মাটি বিক্ৰী কৰি আমাৰ লগতে যাব ।কথাখিনি শুনি হৰেন মাষ্টৰে বৰ দুখ পালে যদিও মুখ ফুটাই একো নক'লে ।
          আজিকালি জেমচক অসমীয়াৰ টিউচন দিব লগা হ'ল।সি অসমীয়া লিখিবই নাজানে।পৰীক্ষাত ভাল ফল দেখুৱাবলৈ সকলোতে সমান গুৰুত্ব দিব লাগে।ইয়াৰ বাবে ৰেণুকাই চৰকাৰক বহু গালি গালাজ কৰি হৰেন মাষ্টৰৰ স্কুলৰ টেটৰ শিক্ষক এজনক টিউচন লগালে। অসমীয়াৰ শিক্ষকজনক ৰেণুকাই শিক্ষকৰ মৰ্যদা দিবই নোৱাৰে ।প্ৰথম দিনাই শিক্ষকজনে ৰেনুকাক বাইদেউ বুলি সম্বোধন কৰোঁতে ৰেণুকাই মেডাম বুলিব শিকাই দিছে শিক্ষকজনক।সেই কথাটো স্কুলত হৰেন মাষ্টৰক লগৰ শিক্ষকবোৰে কোৱাত কম লাজ পাইছিলনে ?তাৰ বাবে তেওঁ দুদিনধৰি ঘৰত খোৱালোৱা বাদ দিছিল ।
             দেওবাৰ বুলি ৰেণুকাই ঘৰটো অলপ সজাব লৈছিল।মেজৰ কিতাপখিনি ঠিক-ঠাক কৰি থ'লে কোঠাটোৰ সৌন্দৰ্য্য বাঢ়ে ।হৰেন মাষ্টৰে পঢ়া অসমীয়া কিতাপবোৰ তলত ৰাখি বজাৰৰ পৰা কিনি অনা ইংৰাজী ভাষাৰ কিতাপবোৰ ওপৰত সজোৱাটো ৰেণুকাৰ ষ্টাইল । বাতৰি কাকতবোৰ জাপিলেও ওপৰত আসাম ট্ৰিবিউনখন থয় ।আজিও কিতাপবোৰ জাপি থাকোতে ৰেনুকাই এখন চিঠি দেখিলে।ধুনীয়া গোট গোট আখৰেৰে হৰেন মাষ্টৰে লিখা অসমীয়া চিঠি ।ৰেণুকাৰ দেখি ভাল লাগি গ'ল ।কি লিখা আছে পঢ়ি চাবৰ মন গ'ল ৰেণুকাৰ। কাম বন্ধ কৰি চোফাখনত বহি চিঠিখন পঢ়িব ধৰিলে ।
                               *শ্ৰদ্ধাঞ্জলি*                    
                 ৱাসাংসি জীৰ্ণানি যথা বিহায়
                 নৱানি গৃহ্নাতি নৰোহপৰাণি।
                তথা শৰীৰাণি বিহায় জীৰ্ণন্যন্যানি
                 সংজাতি নবানি দেহী ॥
                       

                           (ফটোখন দিবা)
                         

                          শ্ৰী হৰেন পাঠক
                    জন্ম: ০১ জানুৱাৰী ১৯৭৭চন ।
                    মৃত্যু : ------------------------------

                            * ওঁম শান্তি *
শ্ৰদ্ধাভাজনেষু,
       যোৱা ....... তাৰিখ ..... বাৰে মোৰ স্বামী/পিতা শ্ৰী হৰেন পাঠক বাৰ্ধক্যজনিত কাৰণত পৰলোকলৈ গমন কৰে ।
       সেয়েহে ,তেখেতৰ বিদেহ আত্মাৰ সদ্গতি আৰু চিৰশান্তিৰ বাবে হিন্দু শাস্ত্ৰৰ বিধিমতে অহা...... তাৰিখ..... বাৰে শুদ্ধি আৰু ....তাৰিখ .... বাৰে মৎস্যস্পৰ্শৰ দিন ধাৰ্য কৰিছোঁ ।
       উক্ত দুয়োদিনতে আপোনাক/আপোনালোকক সপৰিয়ালে আমাৰ বাসগৃহত উপস্থিত হৈ মৃতকৰ আত্মাৰ শান্তি কামনা কৰাৰ লগতে আমাকো আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ ।
                                          শ্ৰদ্ধাসহকাৰে
                                      পৰিয়ালবৰ্গৰ হৈ...
                                 শ্ৰী ৰেণুকা বৰ্মন পাঠক(পত্নী)
                             শ্ৰী অস্তদীপ শাণ্ডল্য (পোনাকন,জেমচ)
বি:দ্ৰ:-
ৰেণু মোৰ মৃতদেহটো পিছফালে বাৰীৰ আমগছজোপাৰ তলতে সৎকাৰ কৰিব দিবা।ভোজত খৰছ কৰিবলৈ কিছু নগদ ধন লাগিব নহয় ।তাৰ বাবেও ব্যৱস্থা এটা কৰিম ৰ'বা।মোৰ ফাইলত তোমাৰ আৰু পোনাকনৰ বাবে সকলো যোগাৰ কৰি থোৱা আছে ।বেংকৰ কামখিনিও সহজতে হ'ব ।সকলোতে তোমাৰ নাম ৰাখিছোঁ ।এই চিঠিখন আমাৰ স্কুলৰ কাষৰ প্ৰেছটোত দিবা ।পইচা দি থৈছোঁ ।চিঠিখন অসমীয়াতে কৰিবা, এয়া মোৰ শেষ ইচ্ছা ।তুমি আৰু তলত এফাকি ইংৰাজী সোমাই নিদিবা ।তোমাৰ আৰু পোনাকনৰ মানুহখিনিক ইংৰাজীত মুখেৰে মাতিবা।আৰু শুনা মোৰ অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ প্ৰমান পত্ৰখন ওচৰৰে কাৰ্যালয়ত জমা দিবা ।
            চিঠিখন ৰেণুকাই ওপৰৰ শ্লোকটো এৰি একে উশাহতে পঢ়ি শেষ কৰিলে।ইতিমধ্যে ৰেণুকাৰ চকুৰে বৈ অহা গৰম গৰম চকুলোৰে পিন্ধি থকা কুৰ্তিটো তিতি গাত লাগি ধৰিছিল।বাহিৰত বজাৰৰ পৰা আহি হৰেন মাষ্টৰে মাত লগালে ,ৰেণু দুৱাৰ খোলাচোন বজাৰত আজি বহুত সৰু মাছ ওলাইছিল। ময়ো তাৰে অলপ আনিলোঁ ।চিন্তা নকৰিবা, আজিকালি বজাৰতে মাছ বাচি দিয়ে ।আধাকেজিত মাত্ৰ ২০ টকা লয় ।
                             
🖊️ধীৰাজ গোস্বামী
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)