ৰেগিঙ~চুটিগল্প-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
বিপ্লৱে কৃটিম ধমকিৰে ৰাস্তাত লগ পোৱা নবাগত কেইটাক আজি ৰাতি এঘাৰ বজাত তাৰ ৰুমলৈ আহিবলৈ হুকুম দিলে ৷ উদ্দেশ্য হোষ্টেলত আজি ৰাতিৰ ৰেগিঙ জমাব লাগিব ৷ যোৱা বছৰ সিও টো কম ৰেগিঙ খোৱা নাছিল ৷ এইবাৰ আকৌ পাছে তাৰ নাম শুনিলেই নবাগতবোৰ সন্ত্ৰাসিত হৈ পৰে ৷ তৰ্জন গৰ্জন খাই থৰথৰকৈ কপি থকা লৰা কেইটাৰ অৱস্থা দেখি পেটে পেটে তাৰ খুব মজা লাগিল ৷ ৰাতিৰ মেহফিলটোৰ কাৰণে বজাৰৰ ওৱাইন চপখনৰ পৰা এটা হুইস্কিৰ বটলো লৈ আহিল ৷ হোষ্টেলৰ গেট খন পাওঁতেই এজনী মহিলা আৰু এজন লৰা তাৰ ৰুমৰ সন্মুখতে ৰৈ থকা দেখি হাতৰ বটলটো সি চাৰ্টৰ তলত লুকুৱাই ললে ৷ ওচৰ চাপি দেখিলে সেইয়া দেখোন তাৰ দূৰসম্পৰ্কীয় হিৰণ্ময়ী মাহী আৰু কংকণ ৷
   মাহীয়েকে বিপ্লৱক দেখাৰ লগেলগে সাবটমাৰি ধৰি কলে তোমাকে অথনিৰে পৰা বিচাৰি আছিলো ৷ কংকণক এইবাৰ তোমালোকৰ কলেজত চিভিল ইঞ্জিনীয়াৰিঙ বিভাগত নাম ভৰ্ত্তি কৰালো ৷ তোমাৰ হোষ্টেলতে চিট পাইছে ৷ যোৱা বছৰ মেডিকেল কলেজটো তাৰ নাম ভৰ্তি কৰিছিলো ৷ পাছে ৰেগিঙৰ নামত তাক লৰা এজন বেয়াকৈ মাৰপিট কৰা বাবে সি আৰু হোষ্টেললৈ উভতি যাবলৈ সাহসেই নকৰিলে ৷ এইবাৰো সি ৰেগিঙৰ ভয়তে ইঞ্জিনিয়াৰিঙ পঢ়িবলৈ আহিব বিচৰা নাছিল ৷ তুমি ইয়াতে পঢ়ি থকা বুলিহে অবশেষত মন মেলিলে ৷ গতিকে তোমাকে বাপেকী নথকা লৰাটোক গতালো ৷ ভাই বুলিয়েই নহয় অভিভাৱক হিচাবেও চাবা ৷ বিপ্লৱে কংকণৰ সম্পূৰ্ণ চোৱাচিতা কৰিব বুলি সকাহ দিয়াৰ পাছত দুয়োটাক মূৰ গা পিহি মাহীয়েকে সেই দিনাখন অশ্ৰুসিক্ত নয়নেৰে বিদায় ললে ৷
মাহীয়েক যোৱাৰ পাছত বিপ্লৱে অলপ সময় কিবা চিন্তা কৰি কংকণৰ চকুত পৰাৰ আগতেই হুইস্কিৰ বটলটো ডাষ্টবিনত পেলাই দিলে ৷ কংকণক লগত লৈ বিপ্লৱে ৰাতি অহা নবাগত সকলৰ লগত কংকণৰ চিনাকী পৰ্বটো উদযাপন কৰিবলৈ চিপচ, চানাচুৰ আৰু বিস্কুট অলপকে আনো বুলি বজাৰলৈ খোজ দিলে ৷

✍️ চুমিন্দ্ৰ চৌধুৰী
নতুন দিল্লী ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)