অসমীয়া সমাজ জীৱনত শংকৰদেৱৰ প্ৰভাৱ~আধ্যাত্মিক-সাৰঙ্গ সৰ্বানন্দ নেওঁগ

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ অসমীয়া সাহিত্য সংস্কৃতিৰ জনক । যাৰ অবিহনে অসমীয়া সভ্যতাই বাট নেদেখে । অসমীয়া সমাজ খনক চিনাকি দিবলৈ যিবোৰ সমলৰ প্ৰয়োজন হয় এই সকলোবোৰৰ মূল কাণ্ডাৰী মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বুলি ক'লেও হয়তো বঢ়াই কোৱা নহয় । কিয়নো বিশ্বজনীন এক ঈশ্বৰবাদী চিন্তাৰে বৃহত্তৰ অসমীয়া সমাজ গঢ়িবলৈ গুৰুজনাই যি ধৰ্ম বিপ্লৱৰ সূচনা কৰিছিল যাৰ জৰিয়তে অসমীয়া জাতিৰ সাংস্কৃতিক পৰিচয় বৰ্তমান বিশ্বৰ জ্ঞাত হ'বলৈ লৈছে তাৰ মূল উৎসই হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সৃষ্টিৰাজি। 
       যি সময়ত অসম অস্পৃশ্যতাৰ অন্ধকাৰত ডুব গৈ আছিল ,ধৰ্মীয় ভেদাভেদ ,উচ্চ নীচ বৰ্ণ বৈষম্যই আমাৰ সমাজ কলুষিত কৰি ৰাখিছিল ,মানুহৰ মনবোৰ সংকীৰ্ণতাই আৱৰি ৰাখিছিল তেনে সময়তে শংকৰ গুৰুজনাৰ আৱিৰ্ভাৱ হৈছিল সমগ্ৰ অসমীয়াক আধ্যাত্মিক চিন্তা চেতনাৰে উজ্জীৱিত কৰি মুক্তিৰ পথ দেখুৱাবলৈ। গুৰুজনাৰ জীৱন চৰিত যদি অধ্যয়ন কৰা যায় তেতিয়া এইটো স্পষ্ট হৈ পৰে যে ভগৱান শ্ৰীকৃষ্ণৰ যি সমূহ শিশুলীলা আৰু গুৰুজনাৰ যি লীলাৰাজি তাৰ মাজত বহুতো সাদৃশ্য আছে । শঙ্কৰদেৱ গুৰুজনা যে ভগৱন্তৰ অংশে অৱতাৰি সেইয়া গুৰু মহেন্দ্ৰ কন্দলিয়েও অনুধাৱন কৰিব পাৰিছিল আৰু গুৰুজনাৰ ঐশ্বৰিক মাহাত্ম্য তেওঁ নিজেও প্ৰত্যক্ষ কৰিছিল ।টোলত অ আ ক খ শিকিয়ে আ ই কাৰ বিহীন ভগৱন্তৰ মাহাত্ম্য প্ৰকাশি কৰতল কমল কমল দল নয়ন......। 
কবিতা লিখি সকলোকে স্তম্ভিত কৰি তুলিছিল। অতি কম সময়তে চাৰি বেদ চৈধ্য শাস্ত্ৰ ওঠৰ পুৰাণ আয়ত্ত কৰি শংকৰদেৱে পাণ্ডিত্যৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। 
           শংকৰদেৱ গুৰুজনাই নামঘৰ স্থাপন কৰি অসমীয়া সমাজ জীৱনত এক সাংস্কৃতিক বিৱৰ্তনৰ পাতনি মেলিছিল । যি সময়ত বলি বিধানৰ ধৰ্মীয় ব্যভিচাৰে অসমীয়া সমাজ জীৱন আচ্ছন্ন হৈ আছিল , যি সময়ত নিজকে উচ্চ বৰ্ণ বুলি ভবাসকলে নিম্নবৰ্গৰ বুলি ভবা সমাজৰ অৱহেলিত লোকসকলক শোষণ কৰি আহিছিল , যি সময়ত ধৰ্মীয় উন্মাদনাৰ ফলশ্ৰুতিত সমগ্ৰ অসমত নৰবলি পৰ্যন্ত হৈছিল তেনে সময়তে গুৰুজনাই সকলোকে লগত লৈ নৱবৈষ্ণৱ ধৰ্মৰ সূচনা কৰিছিল । এক ঈশ্বৰ কেৱল ভগৱান বিষ্ণুক উপাসনা কৰিলেই যে সকলো তুষ্ট হয় আৰু ভগৱানক আৰাধনা কৰিবলৈ যে কোনো সন্তান বা প্ৰাণীৰ জীৱন দিব নালাগে এই বাণী সমূহৰ জৰিয়তে শাস্ত্ৰসন্মতভাৱে অসম মুলুকত আধ্যাত্মিক চেতনাৰ বীজ সিঁচি দিছিল যাৰ ফলশ্ৰুতিতে এক শৰণ হৰিনাম ধৰ্মৰ পুলিটো ডাঙৰ দীঘল হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত মহাপুৰুষ মাধৱদেৱে এই পুলিটিত সাৰ পানী দিছিল । সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই শংকৰ আৰু মাধৱৰ এই মিলন তোক মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰিছে। 
          শ্ৰীমন্ত শংকৰদেৱক আজি বহুতে কেৱল ধৰ্মীয় গুৰু বুলি অভিহিত কৰিব খোজে । কিন্তু অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা শংকৰদেৱ গুৰুজনাক কেৱল ধৰ্মীয় গুৰু হিচাপে উপস্থাপন কৰিবলৈ গ'ল ভুল কৰা হব। কিয়নো চৌষষ্ঠী কলাৰ আকৰ শংকৰদেৱ গুৰুজনাই বৃহত্তৰ অসমীয়া জাতি গঠনৰ বাবে এক শৰণৰ জৰিয়তে নগাৰ নৰোত্তম , মুছলমানৰ চান্দসাই,গাৰোৰ গোবিন্দ , আহোমৰ নৰহৰি এই সকলোকে লগত লৈ যি সৰ্বজনীন চিন্তাৰে আগবাঢ়িছিল সেইয়া কেৱল ধৰ্ম ৰ গণ্ডীৰ ভিতৰত আৱদ্ধ নাছিল । নামঘৰ হৈ পৰিছিল সাংস্কৃতিক চিন্তাৰ কেন্দ্ৰস্থল । শাস্ত্ৰ ভাগৱতৰ প্ৰকৃত সত্যক গুৰু জনাই কীৰ্ত্তন দশম ভাগৱতৰ জৰিয়তে সকলোৰে মাজলৈ লৈ যাবলৈ সক্ষম হৈছিল আৰু এই শাস্ত্ৰ ভাগৱতৰ তত্ব পান কৰি অসমীয়া সমাজে ধৰ্মীয় ৰক্ষণশীল সমাজৰ ধৰ্মীয় গোড়ামীক বুজিব পাৰিছিল । ইয়াৰ বাবে গুৰুজনা ভণ্ড ধৰ্ম প্ৰচাৰক সকলৰ ধাৰ্মিক আক্ৰমণৰ বলিও হৈছিল। 
          শাস্ত্ৰ ভাগৱত অধ্যয়ন কৰিব নোৱাৰা সকলেও যাতে ভগৱন্তৰ গুণ গৰিমা মাহাত্ম্য আয়ত্তৰ পৰা যাতে বঞ্চিত হব নোৱাৰে তাৰ বাবে গুৰু জনাই সপ্ত বৈকুণ্ঠৰ পট আঁকি চিহ্ন যাত্ৰা ভাওনা পাতি অসমীয়া সংস্কৃতিৰ জগতখনক নতুন ৰূপেৰে অংকিত কৰিছিল। য'ত গুৰু জনাই নিজেই চিত্ৰকৰ, নিজেই গায়ন , নিজেই বায়ন, নিজেই ভাৱৰীয়া হৈ সকলোকে নৱৰস পান কৰাবলৈ সক্ষম হৈছিল ।  
         একে ৰাতিৰ ভিতৰতে গুণমালা লিখি উলিয়াই ভুৰুকাত হাতী ভৰুৱাৰ দৰে ভগৱানৰ গুণৰাজি গুণমালাত তুলি ধৰি নৰনাৰায়ণৰ ৰাজসভাত বহুতো ধৰ্মীয় ৰক্ষণশীল সমাজৰ পণ্ডিতৰ মুখ বন্ধ কৰিবলৈ সক্ষম হৈছিল। বৃন্দাবনী বস্ত্ৰৰে গুৰু জনাই চমক সৃষ্টি কৰি বয়ন শিল্পকো সকলোৰে মাজলৈ উলিয়াই আনিছিল । বৰগীত , সত্ৰীয়া নৃত্য , মাটিৰ আখৰা , অংকীয়া নাট - ৰুক্মিণী হৰণ , পাৰিজাত হৰণ, কালীয় দমন, কেলিগোপাল, ৰাম বিজয়, পত্নী প্ৰসাদ , কীৰ্ত্তন , দশম ৰচনা কৰি অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল গুৰু জনাই চহকী কৰি থৈ গৈছে। এক কথাত ক'বলৈ গ'লে বৃহত্তৰ জাতি এটা গঠন কৰিবলৈ যিমানখিনি উপাদান লাগে সকলোখিনি গুৰু দুজনাই আমাক দিলে । জাতি ভেদ বৰ্ণ বৈষম্যৰ পৰা আঁতৰাই সকলোকে সমানে একেলগে মিলাপ্ৰীতিৰে একতাৰ ডোলেৰে বান্ধ খাই থাকিবলৈ গুৰু জনাই আমাক শিকালে । ধনী দুখীয়াৰ পার্থক্য পৰিহাৰ কৰি একে শাৰীত বহিবলৈ গুৰুজনাই দেখুৱালে ।তেনে প্ৰেক্ষাপটত আজিৰ পৰিস্থিতিত আজিৰ প্ৰজন্মই গুৰুজনাৰ আদর্শক কেনেদৰে অনুকৰণ কৰিছে সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে?
      গুৰুজয়ন্তী , জন্মাষ্টমী, বছেৰেকৰ বিহুটো নামঘৰ দেখি নোপোৱা অসমীয়া সকলে শংকৰদেৱৰ সৃষ্টিৰাজিৰ প্ৰবাহমান ধাৰা তোক ধৰি ৰাখিব পাৰিবনে? গাঁওৰ ভাওনা , ভাগৱত বাখ্যা ইত্যাদি অনুষ্ঠানৰ পৰা নিজৰ সন্তানক আঁতৰাই ৰখা অসমীয়া অভিভাৱক সকলে নিজৰ সন্তানৰ আগত আমাৰ গুৰু শংকৰদেৱক কেনেকৈ পৰিচয় কৰাই দিব পৰিছে সেইয়া নক'লেও স্পষ্ট হৈ পৰিছে আজিৰ পৰিৱেশত । ভোগবাদী পশ্চিমীয়া সংস্কৃতিত উটি ভাঁহি যোৱা অসমীয়াৰ নিজস্ব জাতীয় কৃষ্টি সংস্কৃতিৰ প্ৰতি থকা সম্পূৰ্ণ উদাসীন মনোভাৱৰ বাবে হয়তো আজি অসমীয়া সমাজ জীৱনত বিজতৰিয়া সংস্কৃতিৰ প্ৰভাৱ বেয়াকৈ পৰিবলৈ লৈছে ।বল ডান্স পপ চঙত বিলীন হৈ যোৱা অসমীয়াসকলে বৰগীত সত্ৰীয়া নৃত্য চিনি নোপোৱাটো অসমীয়া জাতিৰ বাবে লজ্জাজনক হৈ পৰিছে? বয়োজ্যেষ্ঠজনক সন্মান কৰিব নজনা, নিজৰ পিতৃ মাতৃ সকলক বৃদ্ধাশ্ৰমত থৈ অহা সকলৰ বাবে আজি গুৰুজনাৰ আদৰ্শ ঐক্য সম্প্ৰীতিৰ নিদৰ্শন হৈ পৰিল ধোৱা তুলসীৰ পাত । গতিকে এনে প্ৰেক্ষাপটত শংকৰ মাধৱৰ আদৰ্শ নস্যাৎ কৰি আমি কিমান দিন অসমীয়া হৈ থাকিব পাৰিম সেইটো এতিয়া ডাঙৰ প্ৰশ্ন।

✍️সাৰঙ্গ সৰ্বানন্দ নেওঁগ
শিৱসাগৰ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send