সুমথিৰা বেলিৰ উমাল ৰ'দ-অনুভৱ~হেমেন হাজৰিকা

Rinku Rajowar
0
হেমন্তৰ নিয়ৰ পৰা ৰাতিৰ নিহালিৰ উম লৈ থাকি কি যে আৰাম | ওলাবলৈকে মন নাযায় | তাতে আকৌ আজিৰ জীৱন শৈলীত অভ্যস্ত আমিবোৰে ৰাতি বহু পলমকৈ সাৰে থাকি পুৱা দেৰীকৈ উঠা অভ্যাস গঢ় লৈ উঠিছে | সোনকালে উঠি সুমথিৰা বেলিৰ উমাল ৰ'দ লোৱাৰ সৌভাগ্য কিমানজনৰ ঘটে | নীলিম আকাশৰ গৰ্ভৰ পৰা ওলাই অহা সুমথিৰা টেঙাহেন বেলিটোৰ উমাল ৰ'দকণ গাত ল'বলৈ কিমান যে ভাল লাগে | তেনে কৰিবলৈ কেইজনৰ সৌভাগ্য হয় | তাকে কৰিবলৈ সোনকালে উঠিব পাৰিব লাগিব | সূৰ্য স্নান কৰিলেহে দেখা পোৱা যাৱ সুমথিৰা হেন বেলি | বেলিৰ পোহৰত হেনো ভিটামিন থাকে | সেই বেলিৰ তাপত ৰ'দ সেকিবলৈ বৰ মন যায় | এষাৰ প্ৰবচন আছে সোনকালে শুবা সোনকালে উঠিবা তেহে দেহৰ শান্তি পাবা ইংৰাজীত আকৌ কয় Early to bed and early to rise makes a man healthy wealthy and wise.  এইবোৰ কথা আমি সকলোৱে জানো , আনক উপদেশ দিওঁ কিন্তু নিজে কেইজনে পালন কৰো | তাৰ বাবেই আমি নিশকটীয়া হৈছোঁ | দেখাত সুষ্ঠ পুষ্ট মানুহজন ভিতৰে ভিতৰে কিমান দুৰ্বল | অতি আধুনিকতাৰ বতাহত উটি ভাহি যোৱা আমি বোৰে আৰু কি কৰিব পাৰিম | আমি পৰিশ্ৰম কৰিবলৈ পাহৰি গলো তাৰ ফলত শৰীৰত Silent killer  বেমাৰবোৰে খাপ পিটি বহিল | আমাৰ আয়ে কাহিলী পুৱাতে উঠি নদী ঘাটত গাও ধুইছিল তাৰপৰা পানীও আনিছিল , ঢেকিত ধান বানিছিল , জুইত ভাত ৰান্ধি খুৱাইছিল , গা মুৰ ধুই দীঘল চুলিটাৰী সুমথিৰা হেন বেলিৰ ৰ'দত শুকুৱাইছিল | সেয়া আমি স্ব চক্ষুৰে দেখিছিলো | কিন্তু আজিৰ দিনটোত ঠিয় হৈ ভাবিছো কলৈ গ'ল সেই আপুৰুগীয়া দৃশ্যবোৰ , কিয় কনকলতা, মূলাগাভৰুৰ তেজৰ সূতত বলীয়ান হোৱা গাভৰু জাক কিয় আজি এনে হ'ল | আমাৰ সমাজলৈ পৰিবৰ্তন আহিল , পৰিবৰ্তনৰ ঢৌত উটি গৈ আমি নিজেই আমাৰ বিপদ মাতি আনিলো |
        কবি নৱকান্ত বৰুৱা দেৱেও কৈছিল ভালপাওঁ পুৱতিৰ কোমল ৰ'দালী দেখা দিয়া কুঁৱলীৰ বগা জাল ফালি সেই অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য চোৱাৰ পৰা নিজকে বঞ্চিত কৰিছোঁ | তাৰমানে আমি নিজকে প্ৰকৃতিৰ পৰা আতৰাই ৰাখিছোঁ | আমি নিজে কৃটিমভাৱে এটা জীৱন শৈলী তৈয়াৰ কৰি লৈছোঁ আৰু তাৰ ফল এয়া আমাৰ চকুৰ আগত | প্ৰকৃতি আৰু মানুহ সদাই পৰস্পৰে সংপৃক্ত হৈ থাকে | ইটোৰ পৰা সিটো পৃথকে থাকিব পাৰে জানো | নোৱাৰি বুলি জানিও আমি এটা ঢং সৃষ্টি কৰি লৈছোঁ | আমাৰ জীৱনলৈ আমি নিজে কেনেধৰণৰ পৰিবৰ্তন আনি লৈছো | তাৰ বাবে কাক জগৰীয়া কৰিম ?
    আমি আমাৰ পূৰ্ব পুৰুষে তেখেত সকলৰ ভৱিষ্যতটো আমাৰ বৰ্তমানৰ বাবে এৰি থৈ যোৱা কথাবোৰ পৰিহাৰ কৰি নতুন জীৱন শৈলী আকোৱালী ললো | আমি নতুনৰ গতি খেদা তৰুণ তৰুণী হলো বুলি ঐতিহ্য পৰম্পৰা হেৰুৱাম নেকি ? নতুন আৰু পুৰণিৰ সংমিশ্ৰনেৰে দুয়ো কুল বজাই ৰাখি আমাৰ ভালৰ বাবে আগুৱাই যাম | যাতে আমি সকলোৱে কুঁৱলীৰ বগা জাল ফালি ওলাই অহা সুমথিৰা হেন বেলিৰ কোমল ৰ'দত জীৰাব পাৰো |

   🖊️হেমেন হাজৰিকা
             মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)