নীলাখামৰ চিঠি-প্ৰিয়ংকা কোঁৱৰ

Rinku Rajowar
0
মৰমৰ প্ৰিয়তম, 

কেনে আছা ?               
বহুত দিনৰ পাছত তোমালৈ  চিঠি লিখোঁ বুলি  কলমটো হাতত লৈছোঁ ।                            এয়া,ঘড়ীটোৱে এক বজাৰ সংকেত দিছে ।        মাটি কঁপাই ,উকি মাৰি ৰেলখনো পশ্চিমদিশে আগুৱাইছে জ্বলাই থোৱা লেমৰ পোহৰ খিনিও কঁপি উঠিছে,মই সাৰে আছোঁ ।             
কেতিয়াবা এন্ধাৰৰ নিৰৱতা খিনিও খুুবেই আপোন আপোন যেন লাগে ।                          
কাষত তুমি নাই যে এতিয়া, তোমাৰ মনত আছেনে,  
তুমি যে কৈছিলা   ৰাতি আকাশলৈ চালে কথা পাহৰে বুলি ,                    
মই আকৌ আজি কালি প্ৰায়ে ৰাতিৰ আকাশখনলৈ চাও ।        
কিজানিবা  কিছু কথা  পাহৰিব পাৰোঁ ।                আজিকালি  কলমটোৱেও মোৰ সংগ এৰিছে ।  ডায়েৰীৰ পাত লুুটিয়াই থমকি ৰব লগা হৈছে ।    শব্দৰ খুবেই অভাৱ এতিয়া ।                         
মোৰ কঁকাললৈকে পৰা চুুলিকোছা এতিয়া ডিঙিলৈকেহে পৰে,কাটি পেলালোঁ ।                      তুমি নোহোৱা হোৱাৰে পৰা চুুলিকোছাই মোক উপলুঙা কৰে ।                
মই সহিব নোৱাৰোঁ,             
তোমাৰ মনত পৰেনে কেতিয়াবা !                    আমাৰ ভালপোৱাৰ কথা ,                          
নৈৰ পাৰৰ বালিত একে লগে দিয়া  খোজৰ কথা,  তোমাৰ মোৰ নামটো এক কৰি লিখাৰ কথা,       উফ! মোৰ বুকুুত উশাহে খুন্দা মাৰি ধৰিছে,         দুৱাৰ খুলি বাৰাণ্ডালৈ ওলাই আহিছো ।              বাহিৰত জোনাকীৰ জাক নাই,                    
সেয়া ঘডীটোৱে আকৌ চাৰি বজাৰ সংকেত দিছে আজিলৈ সামৰোঁ দিয়া,বিদায়বেলাত কৈ যাওঁ,         সস্তাত বিক্ৰি কৰি নিদিবা ,অভিমানি তোমাৰ ভালপোৱাবোৰ প্ৰান্তত ।                          সূৰুযমুখী  ফুলৰ দৰে মই তোমাৰ আজন্ম প্ৰেমিকা 
                       
🖊️প্ৰিয়ংকা কোঁৱৰ ,গোলাঘাট 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)