প্ৰেমৰ আঁকোষ-দীপজ্যোতি বৰদলৈ

Rinku Rajowar
0
উফ যন্ত্ৰণা ময় 
কিমান কঠিন  হ'ব পাৰে নেদেখা হৃদয় খন,
আচলতে জুখি চাব সময় নহল!
অজানিতে ভুল হল,

মনটো দেখোন উগুল থুগুল
যাবলৈ বিচাৰে অচিন ঠাইলৈ
য'ত থাকে--------
নিৰস  নদ-নদী আৰু পাহাৰ-পৰ্বত
স্তব্ধ
----------অলপ নিঃসংগতা।

আজি তাই থাকিও নাই
জঞ্জাল এটি লহৰ
নিমিষতে বিলীন হয় মন ----

আঁকোষ হৈ বিচাৰো ভালপোৱা
আক বাক কৰি খোচৰো মন 
বৈ যায় তেজৰ নৈ খন।

মাথোঁ ৰৈ যায় বীণ খনি
এচুকত খুন্দা মাৰে 
থাকিব নোৱাৰো
গুপুতে সাঁচি থও মৰম ।

🖋️দীপজ্যোতি বৰদলৈ
     বৰচলা ,মৰিগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)