তুমি কিয় এনে কৰিলা ০১ ~ উপন্যাস-সঞ্জীত দাস

©Admin
0
এপ্ৰিল মাহৰ এটা দিন। বাহিৰত এজাক কিনকিনীয়া বৰষুণ। একো কাম নোহাৱাত মই ফেচবুকত কিবা কিবি পঢ়ি আছিলো। হঠাত এটা গ্ৰুপ এটা পোষ্টত এটা কমেন্ট দেখি থমকি ৰৈছিলো। ইমান ধুনীয়া কমেন্ট যেন কোনোৱা সাহিত্যিকে লিখিছে। মই প্ৰফাইল চেক কৰি দেখিলো। এজনী সৰু ছোৱালী, সৰু মানে কলেজত পঢ়ি আছে হেনো। মই আচৰিত গৈ গ'লো। ইমান ক'ম বয়সীয়া ছোৱালীজনী ইমান গুৰুত্বপূৰ্ণ মন্তব্য লিখিছে। ছোৱালীজনীৰ নামটো চাই দেখিলো কবিতা ডেকা। মই request পঠালো। তাৰপিছত মই মোৱাইলটো চাৰ্জত লগাই কোঠালিৰ খিৰিকিখন মেলি দিলো আৰু বৰষুণজাকৰ ফালে চাই চাই লিখিব ধৰিলো এটি প্ৰেমৰ কবিতা
বৰষুণ আহিলে তোমালৈ মনত পৰে 
মোৰ স্মৃতিৰ বৰষুণজাক হৈ নামি আহাঁ তুমি......। কবিতা টো লিখি মই এবাৰ পঢ়ি চালো। মোৰ কবিতাটো ভাল লাগিছে। কবিতা টো ফেচবুকত আপলোড কৰিলো। 
     
       ফেচবুকত কবিতাটো আপলোড কৰাৰ লগে লগে কেইবাটাও মন্তব্য আহিল। মই মন্তব্যবোৰ পঢ়িলো। নিবেদিতা ব'ৰাই লিখিছে 
" আপোনাৰ লিখনিবোৰ বহুত ভাল লাগে পঢ়ি " 
দিগন্ত বৈশ্যই লিখিছে
" সুন্দৰ অনুভৱ আপোনাৰ "
পাহি দাসে লিখিছে
" আপোনাৰ লিখনিত প্ৰেমৰ বাস্তব চৰিত্ৰ ফুটি উঠে ভাল লাগে আপোনাৰ লিখনিবোৰ "
       মই পাহি দাসৰ প্ৰফাইল চালো। ধুনীয়া ছোৱালী। ঘৰ শিৱসাগৰ। পঢ়ি আছে নে নাই। হয় পঢ়ি আছে কলেজত। অৱশ্যে আজিকালি ফেচবুকত প্ৰায় মিছা কথা কয়। মই বিশেষ আৰু একো নাচাই আটাইবোৰ মন্তব্যৰে প্ৰতিমন্তব্য দি গ'লো। 
        বাহিৰত বৰষুণ কমিছে। সন্ধিয়াও নামিব ধৰিছে। মায়ে আহি মোৰ কোঠালিৰ লাইটো জ্বলাই দিলে। আৰু মায়ে ক'লে, (মোক মায়ে বাবা বুলি মাতে। মা দেউতাৰ মই একমাত্ৰ ল'ৰা সেয়েহে মোক তেওঁলোকে বহুত মৰম কৰে।)
: বাবা অলপ বজাৰৰ পৰা আহ গৈ যা। কালি কলেজ নাযাবি জানো কিবা অলপ লৈ আহ গৈ। 
মই একেবাৰে পাহৰিছিলো, যে কালিলৈ কলেজ যাব লাগিব। মই খৰধৰকৈ ওলালো বজাৰলৈ। মায়ে মোক টকা পাছশ দি আৰু লগত এখন কাগজ দি ক'লে 
: এইকেইটা বস্তু আনিব নাপাহৰিবি দেই।
: হ'ব দিয়া মা। 
        মাৰ গালত এটা চুমা খাই মই ওলাই আহিলো বজাৰলৈ। দেউতাই পদূলিত মোক ক'লে 
: সোনকাল আহিবি আজিকালি দিন-কাল ভাল নহয়। ক'ত কেতিয়া কি হয় একো ধৰিব নোৱাৰি। মই দেউতাৰ কথাত একো প্ৰত্যুত্তৰ নকৰি গুছি আহিলো বজাৰলৈ।

         বজাৰত আহি মই, মায়ে ল'বলৈ দিয়া বস্তুকেইটা লৈ কিতাপৰ দোকান এখনত সোমালো কবিতাৰ কিতাপ এখন কিনো বুলি। মই দোকানীক ক'লো-
: ভাল কবিতাৰ কিতাপ এখন দিবছোন দাদা।
দোকানীজনে মোক ক'লে 
: ভাইটি ইয়াত চাই লোৱা। 
মোক ৰেকখন দেখুৱালে। বহুত কিতাপ ঠাহ খাই আছে ৰেকখনত। বিভিন্ন লিখকৰ বিভিন্ন কিতাপ। মোৰ চিলেক্ট কৰিবলৈ অসুবিধা হৈছে। মই দোকানীজনক ক'লো 
: দাদা নতুন কবিতাৰ কিতাপ অহা নাই নেকি? 
মোৰ কথা শুনি দোকানীজনে অলপ পৰ ৰেকখনৰ ফালে চাই মোক এখন কিতাপ উলিয়াই দি ক'লে
: ভাইটি এইখন নতুন কিতাপ। পঢ়ি ভাল পাবা তুমি। 
মই দোকানীজনৰ হাতৰ পৰা কিতাপখন ল'লো কিতাপখনৰ নাম " তোমাক বিচাৰি " সঞ্জীত দাস। নতুন লিখক ভাল লাগিব চাগৈ কিতাপখন মই দোকানীক কিতাপখনৰ মূল্য দি দোকানৰ পৰা ওলাই আহিলো।

        সন্ধিয়া শেষ হৈ নিশা নামিছে। অলপ আগতে বৰষুণ দিয়া আকাশখন তৰাৰে ভৰি পৰিছে। মই আকৌ এবাৰ চালো আৰু কিবা ল'বলগীয়া আছে নেকি। নাই আৰু ল'বলগীয়া নাই। মই বস্তুবোৰ লৈ ঘৰলৈ আহিলো। ঘৰলৈ আহি থাকোতে বাটত জোনাকী পৰুবাবোৰে জিলমিলাই উৰি ফুৰা দেখিলো। মোৰ সপোনৰ প্ৰিয় সখী জোনাকী পৰুবা। সৰু থাকোতে মই জোনাকী পৰুবাৰ ধৰি অমিতাৰ ঠাৰিত ভৰাই ৰাস্তাত মাজত থৈ আহিছিলো। ৰাস্তাৰ মাজত পৰি জিলিকি থকাত জোনাকী পৰুৱাবোৰে কিবা বেলেগ বস্তু বুলি ভাবি ভয় খাই। সেই দিনবোৰ যে ক'ত হেৰাই গ'ল। কথাবোৰ ভাবি ভাবি আহি থাকোতে কেতিয়া ঘৰ পালোহি ধৰিবই নোৱাৰিলো।

আগলৈ .....

✍ সঞ্জীত দাস।
বৰপেটা, পাটাছাৰকুছি)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)