খিচিৰি-মীনা পামে গাম

তুমি উপন্যাস লিখিছা 
মই তিল- মাহ- ধান-সৰিয়হৰ
খেতি কৰিছােঁ ।

তুমি গান গাইছা 
মই ধোবাৰ কাম কৰোঁ ।

তুমি ডকাইতি কৰিছা 
মই কাপোৰ বৈছাে ।

তুমি চুৰ কৰিছা 
মই কিতাপ পঢ়াওঁ ।

তুমি ৰাজপাটত বহিছা 
মই জাৱৰৰ পৰা খাদ্য খাইছােঁ ।

তুমি জীৱন ৰক্ষাকাৰী ডাক্তৰ 
মই হত্যাকাৰী ।

তুমি ৰাইজৰ বাবে জীৱন দিবা -
মই গণ হত্যাকাৰী ।

তুমি মন্দিৰৰ পূজাৰী 
মই অধৰ্মৰ পূজাৰী ।

তুমি দেশৰ বাবে বলিদান দিলা 
মই স্বাৰ্থপৰ ।

✍️মীনা পামে গাম

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send