মোৰ কোনো ধৰ্ম নাই-আহিদুল ইচলাম

©Admin
0
মানৱ সেৱাৰ ঊৰ্ধত কোনো ধৰ্ম নাই
ধৰ্মীয় বিশ্বাস এটি চোলা হে ভাই
যিটো ইচ্ছা যায় সেইটোৱেই
পিন্ধি লওঁ বৰণ সলাই ।
ধৰ্মীয় আচৰণৰ ঊৰ্ধত চিন্তা নকৰিলে ভাই
উচ্চ শিক্ষাৰ কোনো লাভ নাই
বিশ্বজনীন ভাতৃত্ববোধৰ
স্বপ্নত বিভোৰ হ'লেও
উচ্চ-নীচ ধনী-দুখীয়া দিশহাৰা আজি
ধৰ্মৰ আফিং খাই।

অতি মাত্ৰা ঈশ্বৰ বিশ্বাসেও
অন্ধ বিশ্বাস কঢ়িয়াই আনে
ধৰ্মান্ধৰ মালা পিন্ধিব নোখোজোঁ মই
অন্যৰ হৃদয়ত বিষ চেঁচা পানী ঢালি
গঢ়িব নোখোজোঁ মই সৰগৰ বাট
যি পূজাত ভগৱানে আনন্দ উপভোগ নকৰে
মনুষ্যৰ অন্তৰত তৃপ্তি নাহে
সেই পূজা সেই নামাজ
মই নকৰোঁ, মই নপঢ়োঁ।

✍️ আহিদুল ইচলাম (আহাদ)
স্নাতক পঞ্চম ষান্মাসিক 
মন্দিয়া আঞ্চলিক মহাবিদ্যালয় , মন্দিয়া।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)