তুমি কিয় এনে কৰিলা ০৩~ উপন্যাস- সঞ্জীত দাস

©Admin
0
মোৰ ৰাতিপুৱা শুই উঠাত অলপ পলম হয়। হোষ্টেলত কিন্তু ৰাতিপুৱাই উঠো। মাহঁতেও জানে, সেয়ে মোক ঘৰত থাকিলে মাহঁতে সোনকালে জগাই নিদিয়ে। আজি মই কলেজ যাব লাগিব বাবে মোক সোনকাল মাই জগাই দিলে। মাই মোৰ ৰুমৰ খিৰিকি খন মেলি দি মোক মাতিলে।
: বাবা উঠ আকৌ, কলেজ যাব দেৰি হৈছে নহয়।

         মাই খিৰিকি খুলি দিয়াত খিৰিকিৰে ৰাতিপুৱাৰ এচেৰেঙা ৰ'দ সোমাই আহি মোৰ কোঠালিৰ ভিতৰত পৰিছে। মই মাৰ ফালে চালো, মাই মোৰ কাপোৰবোৰ জপা জাপি কৰি আছে। মাক মই ক'লো 
: মা আজি কলেজ নহয় বোলে। হোষ্টলো নোখোলে হেনো। মোক কালি মনোজে ফোন কৰি কৈছে। সি কাইলৈ হে আহিব মই তোমাক কথাটো ৰাতিয়েই ক'ম বুলি ভাবিছিলো, তুমি শুই থকাৰ বাবে মই একো নক'লো।
: মনোজক কোনোবাই থ’ব আহিব নেকি?   
: নাজানো মা। 
: ঠিক আছে তই এতিয়া উঠ। গা-পা ধুই কিবা অলপ খাই আজি দেউতাৰাৰ লগত মোমায়েৰাহঁতৰ ঘৰৰ পৰা আহ গৈ যা। সৰু মোমায়েৰে চাকৰিৰ পৰা আহিছে, তোক এবাৰ মাতিছে। 
: কি মা, সৰু মামা আহিছে কেতিয়া? 
: কালিয়েই আহিল আৰু আহিয়েই মোমায়েৰাই তোৰ কথা সুধিছে। সেয়ে তোক কৈছো আজি তই হোষ্টল নাযাওঁতেই দেউতাৰাৰ লগত এবাৰ মোমায়েৰাহঁতৰ ঘৰৰ পৰা আহ।

           মাৰ মুখত সৰু মামাৰ কথা শুনি মোৰ মন আনন্দত ভৰি পৰিল। সৰু মামাক মই বহুত ভাল পাওঁ। মোৰ মামা তিনিজন। তিনিওজনেই চাকৰি কৰে। ডাঙৰ আৰু মাজু মামাই বিয়া পাতিলে। সৰু মামাৰ বিয়া হোৱা নাই। মই মামাক বহুত দিন দেখা নাই। মামাই মিলিটেৰীত চাকৰি কৰে। চাকৰি সূত্ৰে বছৰৰ প্ৰায়খিনি সময় অসমৰ বাহিৰত থাকে। মই মাক সুধিলো-
: অ' মা, মামাই আমাৰ ঘৰলৈ নাহে নেকি?
মাই ক'লে,
: কালিয়েই আহিব ওলাইছিল মই মানা কৰিলো। 
: কিয় মানা কৰিলা মা? 
: নহয়, তই দেখোন ঘৰত নাথাকই । তই আজি হোষ্টল যাবি বুলি ভাবিছিলো মই। সেই কাৰনে আহিব নিদিলো। আজি তই যা দেউতাৰাৰ লগত।
মাই মোৰ ৰুমৰ পৰা ওলাই গ'ল।

         সৰু মামাৰ লগত মই কত ঘূৰিছিলো। মামাই মোক সৰুতে চাইকেলত উঠাই গাওঁৰ ইমুৰৰ পৰা সিমু্ৰ মাৰি ফুৰিছিল। সেই দিনবোৰৰ কথা আজিও মনত পৰে মোৰ কেতিয়াবা। আজি মামাহঁতৰ তাত যাব লাগিব। বহুত দিন যোৱা নাই। তাকে ভাবি মই বিচনাত পৰি থকা মোৱাইলটো উলিয়াই ফেচবুকটো অন কৰিলো। কেইটামান ন’টিফিকেচন আহিছে। মই ন’টিফিকেচন কেইটা চাই , হঠাৎ এটি ন’টিফিকেচনত মোৰ দুচকু ৰৈ গ'ল। যোৱা কালি request পঠোৱা কবিতা ডেকা নামৰ ছোৱালীজনীয়ে কমেন্ট কৰিছে মোৰ এটি কবিতাত। মই লগে লগে প্ৰফাইল চালো। কিন্তু তাই মোৰ request accept কৰা নাই এতিয়াও। কমেন্টত কিন্তু ধুনীয়া মন্তব্য কৰিছে। কমেন্টটো পঢ়ি চালো। লিখিছে যে " আপোনাৰ কবিতাবোৰ পঢ়ি ভাল লাগে, আপোনাৰ লিখনিবোৰত সমাজৰ বাস্তৱ চৰিত্ৰটো ফুটি উঠে , মই নাজানো আপোনাৰ লিখনিবোৰ কল্পনা নে বাস্তব .....॥ মই মন্তব্যটোৰ প্ৰতিমন্তব্য কৰিলো, " অশেষ ধন্যবাদ জনালো আপোনাক । আপুনি কোন নাজানো, আপোনাক চিনি নেপাওঁ, কিন্তু আপোনাৰ প্ৰতিটো মন্তব্যই চাওঁ মই ... request টো accept কৰিলে ভাল লাগিব...। " প্ৰতিমন্তব্যটো কৰি উঠি অলপ সময় ফেচবুকত অনলাইল থাকি বিচনাৰ পৰা উঠিলো। মুখ হাত ধুলো। 
মায়ে দিয়া জলপান খিনি খাই দেউতাৰ লগত মামাহঁতৰ ঘৰলৈ বুলি ওলাই আহিলো।
 
আগলৈ ......

✍ সঞ্জীত দাস
পাটাছাৰকুছি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)