শিশুৰ শিক্ষাত মাতৃ তথা পৰিয়ালৰ ভূমিকা~প্ৰবন্ধ-নৱনিতা হাজৰিকা

©Admin
0
   সন্তানৰ মানসিক তথা বৌদ্ধিক বিকাশত মাতৃৰ আৰু পৰিয়ালৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ ! এজনী মাতৃৰ গৰ্ভত এটা সন্তানে স্থিতি লোৱাৰ পৰা আৰম্ভ কৰি জন্মৰ সময়লৈকে এজনী মাতৃৰ কাৰনে কঠিন সময়। গৰ্ভাৱস্থাত থকা সময়ত মাতৃ গৰাকীৰ কৰনীয় বা(সচেতন) হব লাগিব !গৰ্ভাৱস্থাত শিশুটিৰ বিকাশ ভালদৰে হৈছে নে নাই , তাৰ প্ৰতি লক্ষ্য ৰখা ,সুষম আহাৰ গ্ৰহন কৰা,নিজকে সুষ্ট সৱল কৰি ৰাখিব লাগে যাতে সন্তান টো ভাল হয়। ইয়াৰ লগতে এজনী মাতৃয়েই আৰু পৰিয়ালে সন্তানটিৰ ভালৰ বাবে শাৰীৰিক মানসিক ভাৱে নিজকে সবল কৰি তুলিব লাগিব যাতে আহিব লগা সন্তানটি ভালদৰে জন্ম পাই।ভাল চিন্তা,সুন্দৰ কিতাপ পঢ়া,ধৈয্যশীল,কষ্টসহিষ্ণুতা,সত্যবাদিতা,নিয়মা -নুৱতিতা ,অনুশাসনপ্ৰিয়তা আদি গুনৰ অধিকাৰিনী হৈ সুযোগ্য সন্তানৰ মাতৃ হব পাৰে । এটি শিশু জন্মৰ পৰা আৰম্ভ কৰি ডাঙৰ হোৱালৈকে এজনী মাতৃৰ আৰু পৰিয়ালৰ কৰনীয় বহুত -প্ৰকৃততে ঘৰখনেই হৈছে শিশুৰ শিক্ষাৰ একমাএ কঠিয়াতলী। গতিকে শিশুৰ মানসিক অথবা বৌদ্ধিক বিকাশৰ এই সময়খিনি বৰ গুৰুত্বপূৰ্ণ। শিশুসকলে বাস্তৱ জ্ঞান লাভ কৰে ঘৰখনৰ পৰিয়াল আৰ্থাৎ মাতৃগৰাকীয়ে দেখুৱাই দিয়া আচৰনৰ পৰা ! শিশুসকল হৈছে অনুকৰনপ্ৰিয় ।গতিকে ডাঙৰে যি কয় বা কৰা দেখে তাকে কৰিৱ বিচাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মাতৃগৰাকীয়ে ঘৰুৱা পৰিবেশৰ আচাৰ ব্যৱহাৰ ,মাত কথা ,ক্ষমা দয়া,প্ৰেম,সৎ চিন্তা,ভাৱ ধাৰা ,ডাঙৰক সন্মান জনোৱা আদিৰ প্ৰতি লক্ষ্য ৰাখিৱ লাগিৱ । মানৱসম্পদ স্বৰূপ শিশুসকল শাৰীৰিক ,মানসিক,আৱেগিক,
সামাজিক নৈতিক আৰু আধ্যাত্মিকভাবে সবল হোৱাতো এগৰাকী সুস্থ মাতৃৰ লগতে সমাজৰ সকলো ব্যক্তিৰে কৰ্ম। শিশুসকলৰ আগ্ৰহ,অভিৰুচিৰ ওপৰত লক্ষ্য ৰাখি তেওঁলোকক শিক্ষা দিব লাগে। গতিকে ,এটা সন্তানৰ ভবিষ্যৎ নিৰ্ভৰ কৰে এগৰাকী মাতৃৰ ওপৰত আৰু ঘৰখনৰ ওপৰত।এগৰাকী নাৰীৰ বাবে সফল মাতৃ হব পৰাতো গৌৰৱৰ কথা ,কিন্তু সঁচা অৰ্থত মাতৃত্বৰ গৌৰৱ অৰ্জন কৰা সহজ কথা নহয়। গৌৰৱৰ কথা হল সন্তানক সৎ আদৰ্শ বান ,সু নাগৰিক হিচাপে গঢ়ি তুলিব পৰাটোহে মাতৃৰ আৰু পৰিয়ালৰ প্ৰধান কাম্য। ইয়াৰ উপৰিও এগৰাকী মাতৃয়ে সন্তানৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিৱ যাতে কেনেদৰে বা কি কৰিলে তেওঁ লোকৰ আগ্ৰহ বৃদ্ধি হয় ,ভাল বেয়া বোৰ মৰমেৰে বুজাৱ লাগিৱ যাতে সন্তানে সহজে বুজি পাই ।শুদ্ধ পথ দেখুৱাব লাগিৱ যাতে ডাঙৰ হৈ সন্তানটিয়ে বেয়াৰ ফালে ধাল খাৱ নোৱাৰে তাৰ বাবে উৎচিত শিক্ষা প্ৰদান কৰিৱ লাগিব মাতৃগৰাকীয়ে আৰু পৰিয়ালৰ লোক সকলে ।এটা সন্তানক সুস্থ মানসিকতাৰে গঢ় দিবলৈ এগৰাকী মাতৃৰ আৰু পৰিয়ালৰ কৰনীয় অপৰিসীম । শিশুৰ মানসিক অথবা বৌদ্ধিক বিকাশ ,দৈহিক বিকাশ ,মানসিক বিকাশ আদিৰ প্ৰতি লক্ষ্য ৰাখিব লাগে পৰিয়ালে আৰু মাতৃ গৰাকীয়ে । গতিকে শেষত এষাৰ মহৎলোকৰ বানী -মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল-"পৃথিৱীৰ সকলো বতাহ মই মোৰ খিৰিকীৰে সোমাবলৈ দিম ,কিন্তু সেই বতাহে মোক উৰুৱাই নিবলৈ নিদিওঁ ,"সেই বিচাৰৰ লেকামডাল থাকে মাতৃৰ আৰু ওপৰত ।গতিকে সঠিক সময়ত সন্তানক উচিত শিক্ষা দিলে সন্তান বিপথে যাব নোৱাৰে ।গতিকে প্ৰত্যাক গৰাকী মাতৃয়ে নিজেই প্ৰতিজ্ঞাবদ্ধ হওঁক -নিজৰ সন্তানক সমাজৰ প্ৰকৃত মানুহৰূপে প্ৰতিষ্ঠা কৰিবলৈ।গতিকে সন্তান গঢ় দিয়াৰ ক্ষেএত মাতৃগৰাকী আৰু পৰিয়ালৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।। 

✍️নৱনিতা হাজৰিকা                       
মাজুলী   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)