মই ভাল শিক্ষক হ'ব নোৱাৰিলো-গ্ৰন্থালোচনা~জিন্তী বড়া

Rinku Rajowar
0
সত্যকাম , তোলৈ এতিয়া বৰকৈ মনত পৰিছে । বুজা বুলি ভাবিছিলোঁ যদিও তোৰ প্ৰশ্নময় জীৱনটো আচলতে বুজা নাছিলোঁ। ৰোমাণ্টিক জীৱনৰ অযথা প্ৰশ্ন বুলি তোৰ চকু -মুখত বিয়পি থকা প্ৰশ্নবোৰ একাষৰীয়া কৰি মই জীৱনৰ বাট বুলিছিলোঁ। তই সুধিছিলি মোক , নিস্প্ৰাণ কাঠ বা শিল কাটি শিল্পীয়ে একোটা যেন জীৱন্ত মূৰ্তি নিৰ্মান কৰে । তোৰ সন্মুখৰ ছাত্ৰ-ছাত্ৰীসকল টো পুতলা নহয় ,তেওঁলোকৰ চকু-মুখত কিয় আকি দিব নোৱাৰি উচ্চতৰ মানৱীয় আকংক্ষা । তই কৈছিলি সত্যকাম , - " A school can create a hunger for knowledge , A school can create a thirst for changing the society . "   
 এয়া আছিল গ্ৰন্থখনৰ প্ৰথম পৃষ্ঠাৰ চমু অৱলোকন । গ্ৰন্থখন কি ? এই বিষয়ে আপোনালোকৰ মনত নিশ্চয় প্ৰশ্নই খলকনি তুলিছে। গ্ৰন্থখন হৈছে , মইনা গোস্বামী দেৱৰ " মই মাল শিক্ষক হ'ব নোৱাৰিলো "। 
পৃথিৱীত মানৱী জনম সাৰ্থক হোৱা কামবোৰৰ এটা হ'ল নিজে জনা খিনি আনক বিলাই দিয়া । শিক্ষকতাতকৈ মহত্মম কাম এই দুনিয়াত একো নাই । শিক্ষক এগৰাকী কেৱল বিদ্যালয়ৰ চৌহদৰ ভিতৰতে শিক্ষক নহয় , ঘৰ -বাহিৰ, বিয়া -সবাহ  বজাৰ সৰ্বত্ৰতে এগৰাকী শিক্ষক প্ৰতি পল - অনুপল শিক্ষক । শিক্ষক হ'ল সমাজৰ ভৰসা । সেয়েহে শিক্ষকৰ ফালে কেৱল ছাত্ৰ- ছাত্ৰীয়ে চাই নাথাকে চাই থাকে সমাজৰ সকলো শ্ৰেণীৰ সমস্ত লোকে। শিক্ষকতা সেয়ে কেৱল নিৰ্দিষ্ট সময়ৰ চাকৰি নহয় এয়া জীৱনৰ ব্ৰত। 
ফাৰ্নিচাৰ হাউচৰ মিস্ত্ৰীসকলে বিভিন্ন কাঠৰ আচবাব নিৰ্মান কৰে । সেই নিৰ্মানতো কল্পনা থাকে। অভিনৱ কলা-কৌশলেৰে চকুত লগা কৰিবলৈ তেওঁলোকে কত কি যে পৰিকল্পনা নকৰে । মানুহক কিন্ত ঠিক নিৰ্মান কৰা নাযায় । মানুহৰ হৃদয় আৰু মগজু আছে - আৰু আছে চেতনা । মানুহক থিক সৃষ্টি কৰা নাযায় । বিদ্যালয়বোৰ থিক ফাৰ্নিচাৰ হাউচ নহয় ,অঠচ ইয়াৰ সদৃশ । তাতো মানুহ নামৰ জীৱন্ত সঁজুলিবিধক বিশেষ মানৱীয় আকাৰ - আকৃতি দিয়াৰ প্ৰয়াস চলে । ফলত বিদ্যাৰ্থীসকলে নিজকে Innovate কৰে, Improvise কৰে । প্ৰতিদিনাই Refresh হয় , Renew হয়, হয় Rebirth। 
মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল ভয়। পিতৃ-মাতৃ , শিক্ষকৰ প্ৰথম কামেই হ'ল বিদ্যাৰ্থী তথা।সন্তানক ভয়ৰ পৰা মুক্ত কৰা।  সেইবাবেই অভয় দানকেই শ্ৰেষ্ঠ দান বোলা হৈছে । শিক্ষক সকল কেৱল বিষয় শিক্ষক নহয় , তেওঁলোক পৰিবৰ্তনৰ সুন্দৰ - সন্ধানী একোজন যোদ্ধা । 
সজীৱ কল্পনা কৰিব নোৱাৰিলে অনুভৱৰ পৃথিৱীখন বৰ সংকীৰ্ণ হৈ থাকে । কল্পনাৰ সৃষ্টি কৰে আইতাৰ সাধুৱে , অগ্ৰজৰ গল্পই , অভাৱৰ অনুভৱে । শিল্পৰ অস্ত্ৰ তৈয়াৰ কৰাৰ পৰা আৰম্ভ কৰি উৰাজাহাজৰ লৈকে মানুহৰ কল্পনাৰ কিযে এক দূৰন্ত গতি । পাঠ্যপুথিৰ সংকীৰ্ণ জগতত যিমানেই ছাত্ৰ বন্দী হয় , সিমানেই কল্পনা -প্ৰৱনতাৰ মাত্ৰা ক্ষীণ হয় , সিমানেই গল্প কোৱাৰ সৃষ্টিশীলতা , আবেগ -আবেদন  কমি যাায় ।  "হেমকোষ" অভিধান লিখা হেমচন্দ্ৰ বৰুৱাই ন-বছৰ বয়সতে জীৱিকাৰ বাবে চৰকাৰি কাৰ্যালয়ত নকল-নবীছ হৈছিল। অসযমীয়া ভাষাৰ এখন অবিধান লিখে এইজন পুৰুষেই । মেক্সিম গৰ্কীয়ে প্ৰায়মেৰী স্কুলত মাথোঁ দুবছৰ পঢ়িছিল ; অথছ জীৱন হৈ পৰিছিল বিশাল বিশ্ববিদ্যালয়। বেঞ্জামিন ফ্ৰেংকলিন আছিল এজন আচলতে বাতৰি বিক্ৰেতা ,কিন্ত আৱিস্কাৰ কৰিছিল বিদ্যুত । জেমছ্‌ ৱাট এজন সাধাৰণ বনোৱা আছিল অথছ আৱিষ্কাৰ কৰিছিল ভাপ ইঞ্জিন । সেয়ে ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ সমস্তু ভেণ্টিলেটৰ , খিৰিকী-দুৱাৰ খুলি দিব লাগে। বতাহ সোমাওক -পোহৰত স্নান কৰক শৈশৱ-কৈশোৰ আৰু যৌৱন । বিশ্ব-বিশ্ৰুত সাহিত্যিক মেক্সিম গৰ্কীয়ে তেওঁৰ তিনিখণ্ড যোৰা  দীঘলীয়া আত্মজীৱনীৰ এটা খণ্ডৰ নাম ৰাখিছিল "পৃথিৱীৰ পাঠশালা " । মানুহৰ পৃথিৱীক বিশাল পাঠশালা বুলি কৈ গৰ্কীয়ে আনুষ্ঠানিক বিদ্যালয়ৰ লগতে শিক্ষা আৰু শিক্ষকৰ ধাৰণাটোক প্ৰদান কৰিছিল এক বিশাল ব্যাপ্তি। মইনা গোস্বামীৰ " মই ভাল শিক্ষক হ'ব নোৱাৰিলো " নামৰ এই গ্ৰন্থখনতো আমি সন্ধান পাওঁ গৰ্কীৰ কাংক্ষিত বিশাল পৰিসৰৰ পাঠশালাৰ ৰূপৰেখা -  য'ৰ পৰা জীৱনে?আহৰণ কৰে আত্মিক দৃঢ়তাৰ বলিষ্ঠ সমল , মানৱিক পৃথিৱী গঢ়াৰ উছাহ- উদগণি ।এই গ্ৰন্থখনৰ আলোক নামৰ শিক্ষকজনে জীৱনৰ পৈণত বয়সত বুজি পালে যে , শিক্ষকতা কেৱল শ্ৰেণীকোঠাৰ পেছাই নহয় ই এক স্ব আৰোপিত দায়িত্বও। মানুহৰ বাসপযোগী নাৰাপদ সমাজ গঢ়াৰ বাবে শিক্ষকতা এক জীৱনাদৰ্শ , এক মহৎ জীৱনবোধ। গ্ৰন্থখনৰ লেখক মইনা গোস্বামীও আছিল।এজন শিক্ষক । শামুকৰ সংকীৰ্ণ খোলাত সীমাবন্দী হৈ তেওঁ সজাব খোজে আলোকৰ দৰে অনেকজনক। এইবাবেই অন্তৰ্দন্দ্বৰে ভাৰাকান্ত আলোকৰ সত্যকামলৈ লিখা আধৰুৱা চিঠিত ধ্বনিত হয় এজন ভাল শিক্ষক হ'ব নোৱাৰা বিষাদ । চিঠিখনৰ শেষৰফালে আলোকে সত্যকাম, চাৰ , গীতা , আৰু পূূৰ্ণকান্তহতৰ জীৱনৰ মাজেৰে বিচাৰি পায় জ্যোতিপ্ৰসাদে কোৱাৰ দৰে "জীৱনৰ অভিনৱ অৰ্থ"। সদৌ শেষত মইনা গোস্বামী দেৱৰ " মই ভাল শিক্ষক হ'ব নোৱাৰিলো " নামৰ গ্ৰন্থখন যে  এখন সুখপাঠ্য কিতাপ তাক মই পুনৰ স্বীকাৰ কৰিলোঁ ।  কিতাপখন পঢ়ি উপকৃত হোৱাৰ লগতে বহুতো নজনা কথা জানিব পাৰিলো । পঢ়ুৱৈসকলে গ্ৰন্থখনৰ লগত চিনা-পৰিচয় হ'বলৈ গ্ৰন্থখন এবাৰ পঢ়ক ।

🖋️জিন্তী বড়া        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)