অৰ্দ্ধ জোনাকৰ অন্তৰ্গত~চুটিগল্প-লখন বে

©Admin
0
অতি কম সময়ৰ বয়সতে মাক-দেউতাকে ধনী ল'ৰা এজনলৈ বিয়া দিলে ৰেখাক। প্ৰথমতে ৰেখাই বিয়াৰ প্ৰতি নাকচ কৰি অপ্ৰস্তুত প্ৰস্তাৱ দিছিল। ল'ৰাজনে ৰেখাক চাব অহা দিনাখনে তাই ল'ৰাজনক নিজৰ পঢ়াৰ অমনোযোগৰ বিষয়ে 
অৱগত কৰিছিল যদিও মাকৰ উৎপাতীয়া স্বভাৱত অতি কম বয়সতে বিয়াত বহিবলৈ বাধ্য হ'ল। দেউতাকে
কেইবাবাৰো কৈ আহিছে যে - " ছোৱালীজনীক পঢ়িবলৈ দে, তাই সৰু হৈ আছে।বুজা শক্তিও হোৱা নাই। বিয়া পিছতো পাতিব পাৰিম"।
  দেউতাকৰ এনে কথাত আকোঁৰগোজ মাকে জ্বলি পকি উঠে। 
- " ধনী ঘৰৰ ল'ৰা, টকা আছে,গাড়ী আছে ইয়াতকৈ আৰু কি সুখ লাগে ছোৱালীজনীৰ বাবে। পঢ়া- শুনা কৰি ডাঙৰ মানুহ হৈ তাই কি কৰিব। ছোৱালী মানুহ তাই এদিনটো আনৰ ঘৰত গুচি যাবই। এনে ধনী দৰা এজনলৈ বিয়া দিয়া তোৰ কিহৰ আপত্তি"
  মাকৰ এই কথাই ৰেখাৰ অন্তৰত বাৰুকৈয়ে আঘাত হানে।
বিয়া দিনাখন বিদায় পৰত ৰেখাই দেউতাৰ মুখলৈ চাই বহুত কান্দিছিল। তাই বাৰু ছোৱালী জন্ম লৈ কি ভুল কৰিলে! দুচকুৰ চকুপানীৰে যেন দেউতাকৰ ওচৰত প্ৰশ্ন কৰিছিল।
     এতিয়া তাই তিনিমহীয়া মাক।

:- ঐ, তয় ইয়াত কি কৰি বহি আছ্।- বনকৰা মালতী বাইজনীৰ মাতত বাস্তৱলৈ ঘূৰি আহিল।
:- এনেই বহি আছোঁ মালতী বা। কেতিয়া আহিলা গমেই নেপালোঁ দেখোন। ৰাতিপুৱাৰ পৰা প্ৰচণ্ড গাঁঠিৰ বিষ। তাকে বোলো অলপ আৰাম কৰোঁ বুলি এইখিনি ঠাইখিনিত বহিঁছোহি। 
:- ইছ্ ৰাম ৰাম,,,। তিনিমহীয়া কেঁচুৱাটো সন্তান এটা থাকোঁতে এনেকৈ কষ্ট কৰি দেহাখন নষ্ট নকৰিবাহে। কেঁচুৱাটো কান্দি আছে যোৱাচোন যোৱা। ভুকতে কান্দি আছে কিজানি! 
 
                         ঘৰখনত আগতে একমাত্ৰ মালতী বা জনী থকা বাবেই ৰেখাৰ অলপ মনটো ভাল লাগে। তাই ঘৰখনলৈ বিয়া এমাহমানৰ পিছত মালতী বাইজনী তাইৰ ঘৰলৈ বনকৰা যুৱতী হিচাপে আহিছিল। স্বভাৱ- চৰিত্ৰত কম কথা কয় যদিও মাজে সময়ে অতি শান্ত-শিষ্ট বৰ সহজ সৰল স্বভাৱৰ। এবাৰ নহয় কেইবাবাৰো ৰেখাৰ দেওৰেকৰ হাতত কামনাৰ বলি হব লগা হৈছিল । সেই ঘটনা পিছৰে পৰা নথকা হ'ল ঘৰখনত। আৰু এদিন মালতী বাইজনী গাঁৱৰ ওচৰৰে হলিধৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ যুগ্ম জীৱন অতিবাহিত কৰিব ধৰিলে। কেতিয়াবা মাজে- সময়ে ৰেখাক দেখা দিয়েহি। এদিনাখন ৰেখাই বিচনাৰ কাপোৰবোৰ ঠিক কৰি থাকোঁতে পিছফালৰ পৰা দেওৰেকে সাৱট্ মাৰি ধৰিছিল। সিদিনাখন খংঙতে দেওৰেকৰ গালত প্ৰচণ্ড চৰ এটা সোধাইছিল। বৌয়েকৰে এনে কাণ্ডৰ ভয়ত ককাইয়েকৰ আগত তেনে কথা প্ৰকাশ নকৰিবলৈ হাতজোৰ কৰি ক্ষমা খুজিলে। পুনৰবাৰৰ বাবে ৰেখাই সকিয়াই দিলে । তাৰ পিছৰে পৰা দেওৰেকেও বিয়া পাতি বেলেগকৈ খাব ধৰিলে। চাওঁতে চাওঁতে দেওৰেকৰ স্বভাৱ সলনি হৈ গ'ল। দেওৰেকে এতিয়া ৰেখাৰ সৈতে সহজভাৱে কথা পাতিবলৈ ধৰে আগৰ সেই স্বভাৱটো একেবাৰে নোহোৱা হ'ল। ভাল লাগিল দেওৰেকৰ এনে আচৰণ দেখি সলনি হোৱা দেখি।        

 এদিনাখন ৰেখাই গা ধুই থাকোঁতে তিতি থকা মেখেলা সলাব 
লওঁতে মেখেলা কাপোৰ এজোৰ ৰুমতে থৈ আহিল। সেইদিনা পতিজন ঘৰত নাছিল বাবে তাইৰ দেওৰেকে কাপোৰজোৰ আনি ৰেখাৰ হাতত গুঁজি দিছিল। 
:- আজিকালি তুমি বেলেগ হৈ গ'লা ।
:- নাই বৌ, তেনেকৈ নক'ব। মালতীজনী বেলেগলৈ বিয়া নোজোৱা হ'লে ময়ে বিয়া কৰালোঁহেতেন।
:- মালতীয়ে কৈছে মোক তোৰ বিষয়ে।
:- বৌ, সেই কথাবোৰ শুনিলে এতিয়া মোৰ লাজ লাগে।
          ৰেখাই যেন মুখ টিপি হাঁহি দিছিল।
 
                  সময়ৰ লগে লগে কি হ'ল জানো শাহু মাক আৰু মাজে সময়ে মদ-পানী খাই থকা স্বামীয়ে ৰেখাৰ ওপৰত অত্যাচাৰ কৰিব ধৰিলে। পিছত দেওৰেকৰ পৰা জানিব পাৰিলে সেয়া হেনো একমাত্ৰ কাৰণ যৌতুক । দেওৰেকে সেইদেখি তাইক কৈ আহিছে যে মাকৰ আৰু ককায়েকৰ এই স্বভাৱ চৰিত্ৰ থকাৰ বাবেই বেলেগকৈ খাব ধৰিছিল। কাৰণ দেওৰেকে গম পাইছিল যে মাকে মাজু বোৱাৰীজনীৰ পৰাও কেইবাবাৰো যৌতুকৰ কথা মানসিক অত্যাচাৰ কৰি আহিছিল। মাকৰ এই কথাত দেওৰেকে সমূলি ভাল নেপাইছিল। পেটে পেটে মাকৰ ওপৰত ঘৃণা ওপজিছিল। তথাপি হাজাৰ বেয়া বা ভালেই হওঁক তথাপি দেওৰেকৰ বাবে একমাত্ৰ মা ,,,,।

                          সময়ৰ তুসংগত ৰেখাৰ ল'ৰাটো ডাঙৰ হৈ আহিল লাহে লাহে। কিবা উজুহাতত এদিন সাধাৰণ কথাতেই ৰেখাৰ আৰু শাহু মাকৰ মাজত কাজিয়া লাগিল । ফুটা-নুফুতা মাতেৰে কথা ক'ব পৰা কেঁচুৱাটোক বুকুত সোমোৱাই স্তন পান কৰি থাকোঁতে শাহু মাকে কাঢ়ি লোৱাৰ কাৰ্য্যই শাহু মাকৰ প্ৰতি অতিষ্ট খং উঠাইছিল ৰেখাক। ধৈৰ্য্য ৰো এটা সীমা থাকে। সেইবুলি তাই সদায় এনেকৈ সহ্য কৰি থাকিব ! 
:- চুপ্ থাক জখিনী । এতিয়াই বাপেৰৰ ঘৰত থৈ আহিম। 
:- কি কৈছে ,,,! আপুনি নিজকে কি বুলি ভাবিছে মা! স্বামী থকালৈকে মোৰো এইঘৰখনত বাক-স্বাধীনতা আছে। গতিকে ঘৰখনৰ বোৱাৰী হিচাপে মোৰ ক্ষমতা আৰু অধিকাৰো কিয় নেথাকিব! পাৰে যদি আপুনি পৰাপক্ষত এই ঘৰখনৰ পৰা ওলাওঁক।
             লগে লগে পতি সোঁহাতৰ পূৰ্ণহতীয়া প্ৰচণ্ড চৰ ৰেখাৰ গালত পৰিল ।
:- মাৰ আগত তোৰ ইমান সাহস। 
           তেতিয়াৰ পৰাই মাত -বোল নাই স্বামী আৰু শাহু মাকৰ সৈতে। দুখৰ মাজতে কেঁচুৱাটোক বুকুচাত উঠাই ল'লে। 
:- মা - চকলেট । - দোকানত চকলেতৰ ভয়াম দেখি সেইপিনে আঙুলিয়াই দিলে কণমাণি কেঁচুৱা ৰিতু।
:- বৌ , আপুনি দিনে দিনে বহুত শুকাই- ক্ষীণাই গৈছে। দাদাক অলপ বুজাবচোন। যোৱাকালি জোৱা খেলা কৰি থাকোঁতে দাদাজনে ৰাতিৰামক বৰকৈ মাৰধৰ কৰিলে।- গাওঁৰ ৰাতুল বোলা দোকানীয়ে ৰেখাক দেখি ক'লে।
:- মই প্ৰায়ে কৈ থাকোঁ ৰাতুল। এইবোৰ জোৱা খেলা বাদ দিবলৈ। কিন্তু আকোঁৰগোজ মানুহজন আৰু সেই মাকজনীও একে শিপাৰ মূল।
:- বৌ, আপুনি ঘৰলৈ গুচি যাওঁক। ইয়াত মিছাঁই হাৰাশাস্তি খাই কষ্টত ভুগি আছে। 
     ৰেখাই একো নক'লে। পইচাকেইপদ দি ঘূৰলৈ ঘূৰি আহিল।
                নিশা ঘোৰ অন্ধকাৰ কোঠালিটোৰ পৰা বাহিৰত সামান্য জোনবাইৰ পোহৰ। গিৰীয়েকে মদৰ নিচাত ঢলং - পলংকৈ কোঠালিটোলৈ সোমাই আহিছে। কোনোমতে লাইটৰ চুইছ দবাই দিলে। গিৰিয়েক অহা উমান পাই ৰেখা ভিতৰলৈ সোমাই আহিল।
:- শুনিছ্,,,, মোৰ ভোক লাগিছে। ভাত বাঢ়ি দে। 
                    কাহী এখনেৰে ভাতকেইটা বাঢ়ি দি পুনৰ বাহিৰৰ পিনে ওলাই আহিল ৰেখা। কিয় জানো আজি আকাশৰ জোনটিয়ে কথা পাতিব ধৰিছে তাইৰ লগত। আকাশলৈ এবাৰ তাই মূৰ দাঙি চালে। তাইয়ো কথা পাতিব নেকি জোনটিৰ সৈতে ; কিন্তু এয়া জানোঁ সকলো বাস্তৱ! জীৱনটোৱে হয়টো এনেকুৱা। তাইটো ঘৰতখনত থাকি এনেও শান্তি নাই। মৰি যোৱাই ভাল। ধনী মানুহ বুলি শান্তি থাকিব পাৰি শাস্ত্ৰত লিখা হ'লে তাই হয়টো বিয়াৰ হোৱাৰ আপত্তিয়ে নাছিল। সৌৱা, ৰিনাহঁতে চাকৰি নোহোৱাকৈ গিৰিয়েকৰ সৈতে ধুনীয়াকৈ হাঁহি মাতি সুখৰ সংসাৰ গঢ়িছে । আৰু তাই দেখোন ক'ৰবাত বন্দী হোৱা এক পক্ষীয়া পক্ষীৰ দৰে ধৰফৰাই লোৰ সজাঁত বান্ধ খাই আছে। ।

                এসপ্তাহ আগতে পতিয়ে মাৰ ধৰ কৰা ঘাঁ - ডোখৰত ডক্টৰে দিয়া মলমখিনি লগালে। বেৰেণ্ডা ঘৰখনতে অকলে কুজি -মুচি বহি আছিল । হঠাৎ তে ৰিতুয়ে আহি কান্দি কান্দি মাকৰ কোচত সোমাই আহিল।
- মা, মোক আইতাই মাৰিছে।
- চাওঁ ক'ত মাৰিছে বুলি ল'ৰা চোলোজোৰ খুলকি পিঠিৰ পিনে চালে এচাৰি দাগ এটা ৰঙা পৰি আছে। ভীষণ খং উঠিল ৰেখাৰ। ল'ৰাটোৰ গাত কি দোষ ! ছিহ্,,মাকবোৰো ইমান নিষ্ঠুৰ হব পাৰেনে!
- ভাল হব সোণটো। নেকান্দিবি। সান্তনা দিবলৈ চেষ্টা কৰিলে ৰেখাই।
          প্ৰচণ্ড গৰম। নিৰ্জনতা ঠাইৰ বাৰীৰ পিছফালে দি সোমাই আহি গছৰ তলত বহি ল'লে। নেমু কেইটামান চিঙিম বুলিয়ে বাৰীফালে তাই সোমাই আহিছিল।
              তথাপি তাইৰ চিন্তা এটাই লগ এৰা নাছিল। ল'ৰা এতিয়া ডাঙৰ হ'ল। দেওৰেকে নিজৰ সম্পত্তিখিনি নিজৰ নামত কৰি ল'ব বিছাৰিছে। ককাইয়েকৰ প্ৰতি আস্থা নাইকিয়া হৈ গ'ল। যোৱামাহত গাড়ীখনো বেচিলে। দুমাহৰ আগতে দুবিঘা মাটি বন্ধকত দি থোৱা আছে। ৰেখাৰ অলংকাৰ আৰু গহনাবোৰ ইতিমধ্যে গিৰিয়েকে বিক্ৰী কৰি শেষ কৰিছে সকলো। যৌতুকত বিয়া মিছাঁই বহিল তাই। আগতে তাই জনা হ'লে দেউতাকক ক'ব পাৰিলেহেঁতেন ! ইফালে শাহু মাকৰ মানসিক অত্যাচাৰ আৰু আনফালে স্বামীৰ শৰীৰৰ নিৰ্যাতন বলি কিমান সহিব! দেহাখনো অৱস্থা নাইকিয়া হৈ গৈছে। তাৰ এতিয়া এটাই পথ আত্মহত্যা। কালিলৈ গুৱাহাটীলৈ গৈ ব্ৰহ্মপুত্ৰ দলংঙৰ ওপৰৰ পৰা জাঁপ দি আত্মহত্যা পথ বাচি ল'ব। জীয়াই থকা ইচ্ছা নোহোৱা হ'ল । এয়াই ভাল সিদ্ধান্ত তাইৰ বাবে। যোৱাৰ আগতে ল'ৰাটোক দেউতাকৰ হাতত দি থৈ আহিব। কেনেকৈ ক'ব তাইৰ দুখৰ কথাবোৰ। কাক ক'ব কোনে শুনিব! তাই মৰিলে শাহু মাক,মা,দেউতা আৰু স্বামী সকলো সুখী হৈ থাকিব পাৰিব‌। অৱশ্যে তাই থকাৰ বাবেই শান্তি নাই ঘৰখন। এয়াই উত্তম পথ। 

                  গভীৰ নিশা । গাওঁৰ জৰাজীৰ্ণ পথেদি সোমাই ৰাষ্ট্ৰীয় পথত ওলালগৈ ৰেখা। আৰু কিছু দূৰত অলপ খোজকাঢ়ি গ'লেই সেই দলংখন পাব। যি ভাবিছে আজিয়ে এয়া শেষ সিদ্ধান্ত। তাইৰ এতিয়া চিন্তা নাই ল'ৰাটোক দেউতাকৰ কোলাতে থৈ আহিছে। তাই আজি মুক্ত। মাজে মাজে কান্দিছে মাজে মাজে পাগলীৰ দৰে হাঁহিছে । আহ্ কি সুখ অৰ্থৱ কি বিষাদ্! তাই গৈ দলংঙৰ আগত থিয় দিলে। ব্ৰহ্মপুত্ৰ পানীৰ পৰা এজাক ফিৰফিৰয়া চেচাঁ বতাহ বলিল। এবাৰ গুৱাহাটী চহৰ খনলৈ চালে। বিদায় আজি এই চহৰ খনৰ পৰা। পিছৰ জনমত যেন আকৌ ৰেখা নাম লৈয়ে জন্ম গ্ৰহণ কৰিব তাই এই পৃথিৱীত। কাণে কাণে ফুচফুচাই জোনাকী পৰুৱা বোৰে কৈ গ'ল । 
                    হঠাৎ কোনোবাই আহি তাক থাপ মাৰি ধৰি ৰখা যেন অনুভৱ হ'ল ৰেখাৰ। 
: ৰেখা তুমি এইবোৰ কি কৰিছা । পাগলী হোৱা নাইটো,,। প্ৰতীমক দেখি এক প্ৰকাৰ জোৰ কৰিয়ে হাত খন এৰুৱাই আনিলে তাই।
:- ইমান ৰাতি তুমি ইয়াত কিয় আহিছা ! তুমি, যোৱা,,যোৱা
 । তুমি মোক কিয় অপমান কৰিছা!
: পাগলী হৈছা নেকি!মই কি অপমান কৰিলোঁ।- প্ৰতীমে চিঞৰি উঠিল।
: অ , পাগলী হৈছোঁ। গুচ্ ইয়াৰ পৰা। মোৰ আত্মহত্যাক তুমি অপমান কৰিছা। মোৰ মৃত্যু, মই শান্তিদূত। তই বাধা দিবলৈ অহা কোন প্ৰতীম!
            প্ৰতীমৰ যেন সহ্য নহ'ল। বাওঁহাতৰ চৰ এটাকে শোধালে ৰেখাৰ গালত। ৰেখা ঠাইতে বহি পৰিল। বহুপৰ মৌনতাত তেনেকৈয়ে থাকিল দুয়োজনৰ মাজত । কাৰো একো কথা বতৰা নাই। প্ৰতীম একালৰ ৰেখাৰ ক্লাছমেটৰ ভাল বন্ধু। এল পি স্কুলৰ পৰা ধৰি হাইস্কুললৈকে প্ৰতীমক লগ পাইছিল।
: তোমাৰ খবৰটো মই সদায়ে ৰাখোঁ ৰেখা। মই বৰ্তমান বেংকৰ চাকৰি কৰোঁ। তথাপি অবাবৰ সময়খিনিৰ মাজতে তোমাৰ ঘৰত গৈ তোমাৰ খা- খবৰ লৈ থাকোঁ। আজি তুমি কিয় এনে সিদ্ধান্ত ল'লা কিয় ? - প্ৰতীমে মৌনতা ভংগ কৰিয়ে প্ৰশ্ন কৰিলে।
: মোৰ সিদ্ধান্ত কিয় লাগে তোমাক। এই পৃথিৱীখনত মোৰ জীয়াই থকাৰ হেপাঁহ নাই।
: ৰেখা, এয়া তুমি কি কৈছা। তোমাৰ সন্তানে মাকৰ অনুপস্থিতিত এদিন দুখ নকৰিবনে? আৰু শুনা, মই যি ক'ম এষাৰতে ক'ম। চোৱা, পাৰা যদি তুমি মোৰ হোৱা মই তোমাক পত্নী ৰূপত পাব বিছাৰোঁ। কোৱা সন্মতনে!
: তুমি এইবোৰ কিয় আজুৰি আনিছা আৰু পত্নী হিচাপে তুমি মোক,,,,,,,! সমাজে আমাক সমাজ্যুত বুলি নক'বনে ? অসম্ভৱ ! ই কেতিয়াও হব নোৱাৰে। মই দ্বিতীয় বিবাহ কাৰো লগত হব নিবিছাৰোঁ। তোমাৰ আৰু মোৰ মাজত একো সৰ্ম্পক নাই। ভাল পাবলৈ নিশিকিলো, প্ৰেম কৰাও নহ'ল। কেৱল আত্মহত্যাই মোক ভালপাবলৈ শিকাইছে। মোক পাহৰিব দিয়া এইবোৰ প্লীজ প্ৰতীম। 

           ঠিক আছে এইবুলি কৈ প্ৰতীমে ৰাস্তাত পৰি থকা বিলেটেৰে নিজৰ হাতখন কাটি তাৰ তেজেৰে ৰেখাৰ কপাঁলত ৰঙা তেজ আঁকি দিলে। সেই তেজে ৰেখাৰ কপাঁলত 
সেন্দূৰৰ দৰে জিলিকি উঠিল। কিন্তু ৰেখাই একমুৰ্হূতত এয়া কি দেখিছে ! বাস্তৱৰ সপোন নে আন কিবা?

: এতিয়া কোৱা সুখীনে ? এবাৰ কপাঁলত ,আনবাৰ প্ৰতীমৰ মুখলৈ চাই যেন পাগলী এজনী দৰে অবাক হৈ হুকহুকাই কান্দি উঠিল।
: এয়া তুমি কি কৰিছা প্ৰতীম।
: যি কৰিছোঁ ভালেই কৰিছোঁ। তুমি চিন্তা নকৰিবা।
: ঘৰত তোমাৰ মা আৰু দেউতায়ে সহজভাৱে আকোঁৱালি ল'ব পাৰিবনে?
: সেয়া যি বিছাৰ কৰে কৰক। মই সকলো নেদেখা জনৰ ওচৰত এৰি দিছোঁ। মোৰ কোনো আপত্তি নাই। সমাজে বহিস্কাৰ কৰিলেও মোৰ ক'ব লগা একো নাই। মাথোঁ সুখী হোৱাটো বিছাৰোঁ ।
: মোৰ ক'বলৈ অৰ্থহীন হৈ পৰিছোঁ প্ৰতীম। হয় , আজি তোমাৰ পৰা সুখীৰ সংজ্ঞা দেখিছোঁ। জীৱনৰ সৈতে সুখ বুটলিবলৈ শিকিম প্ৰতীম। 
 কোনোবা বেশ্যা কপাঁলত সেন্দূৰ ৰং যেন ৰঙা হয় আজি মই ও সেই কথা উপলব্ধি কৰিলোঁ।
: বেশ্যা বুলি নিজকে তেনেকৈ ন'কবা । তুমিটো কোনো বেশ্যা নহয় ৰেখা। যোৱা কথাবোৰ পাহৰিব খোজা তুমি।আহা মোৰ বুকুত । 
    এখন্তেক ৰেখাই প্ৰতীমৰ বুকুত গুঁজি দিলে। 
                       
: তুমি বহুত ক্ষীণাইছা ৰেখা। কিবা এটা খাই লোৱা হ'লে ভাল লাগিব। ইয়াৰ পৰা অলপ দূৰত মোৰ গাড়ীখন আছে। দুটাই কিবা এটা খাই যাম মোৰ চেম্বাৰলৈ ।
    কাষৰ ফুটপথত ফুচকা দোকান এখন দেখি সেইপিনে দুয়ো খোজ দিলে।
: আহক, আহক । ভাল নে আপোনাৰ ?
       প্ৰথম গুৱাহাটী অহাদিনাখনে দোকানীজনৰ সৈতে প্ৰতীমৰ চিনাকি ।
: ভালে আছোঁ দিয়ক দাদা। ব্যৱসায় কেনেকৈ চলিছে?
: ভালেই চলি আছে দিয়ক। পিছে এওঁ কোন।
: এওঁ মোৰ মিছেছ,,,,।
: এহ্ বহকচোন বহক। কেইটামান ফুচকা আনি দি প্ৰতীম আৰু ৰেখাৰ হাতত গুঁজি দিলে।
: পানী পাম নেকি দাদা?
: ৰ'ব এখন্তেক । মই আনি দিছোঁ। এইবুলি কৈ দোকানীজন অদৃশ্য হৈ গ'ল।

             ৰেখাই খাব পৰা নাই ফুচকা দেখি। অৱশ্যে তাইৰ ভোক নলগাওঁ নহয় তথাপি কিবা এটা দুশ্চিন্তাই আহি তাইক দুখৰ সাগৰত আঘাত দি থৈ যায়হি ।
:- তুমি কিয় কান্দিছা ৰেখা। চাওঁ মুখখন। 
                 এইসময়ত ৰেখাই একো ক'বৰ মন যোৱা নাই কেৱল প্ৰতীমৰ মুখলৈ এক প্ৰশ্নবোধক চাৱনিৰে চাই থাকিল ।
: চাওঁ ,মুখখন মেলি দিয়া। 
         মেলো-নেমেলোকৈ সামান্য মুখখন মেলি দিলে তাই। ইতিমধ্যে চকুপানী টুকি টুকি চকুপানীবোৰ নিগৰি ৰেখাৰ মুখৰ ভিতৰত পৰিছেহি। প্ৰতীমে গালত পৰা তপত চকু পানীখিনি মচি দিলে।

: ৰেখা,,,, আই লভ্ ইউ্ ,,হুমম। চিন্তা নকৰিবি সময়ত সকলো ঠিক হব।
সময় আছে এতিয়াও। ল'ৰাটোক লৈ আহিম । সেই ল'ৰাটো মোৰ পুত্ৰ হিচাপে উত্তাধিকাৰী দিম। দেউতা অনুপস্থিতিত অনুভৱ কেতিয়াওঁ হবলৈ নিদিওঁ। আজিৰ পৰা ৰিতু মোৰ ল'ৰা।
: হুমম্,,,,,,,,। ৰেখাৰ চকুপানী যেন বৈয়ে শেষ নহ'ব।

                     কথাটো গাওঁত বিয়পি পৰাৰ লগে লগে এক হূলস্থৃল পৰিৱেশ সৃষ্টি হ'ল। প্ৰতীম আৰু ৰেখা একে গাওঁৰে বাসিন্দা বাবেই গাওঁৰ আৰু পৰিয়াললোকে আহি নানা ধৰণৰ গালি গালাজ পাৰিলে। প্ৰতীমৰ মাক আৰু দেউতাকেও বোৱাৰী হিচাপে অপচন্দ কৰিলে ৰেখাক বৰং কুলখিনী বোৱাৰী হিচাপে আখ্যাত দিলে। এই কথাই ৰেখাক বৰকৈ লাজ দিয়াত লাজতে মূৰটো তললৈ দুপিয়াই দিলে। ইফালে কথাটো খবৰ পোৱা মাত্ৰেই শাহু মাকে ল'ৰাটোক ৰেখাৰ পৰিয়াল হাতত চমজাই দিলে। প্ৰতীমে ভালেই পালে। ইমান সহজে যে ৰিতুক পাব বুলি কল্পনাই কৰা নাছিল। অৱশেষত ৰাইজে বিচাৰ কৰি সমাজৰ পৰা বহিস্কাৰ কৰিলে। 
: প্ৰতীম।
: হুমম,,ক্ ।
: আজি মই ৰাইজৰ আগত বহুত লাজ পাইছোঁ জানা।
: লাজ বাদ দিয়া । ৰিতুক যে পালোঁ মই বহু ধন্য ভগৱানৰ ওচৰত।
: তেনেকৈ কিয় কৈছা , তোমাৰ ওচৰত ময়হে শ্ৰিয়মান ঋণী।
: ধন্যবাদ ৰেখা। 

                     বহুদিন হ'ল মাক দেউতাকৰ খবৰ নোলোৱা। তাতে যোগাযোগো নাই। প্ৰতীমে HDFC বেংকৰ কেছ কাউন্টাৰ চাকৰিটো পোৱাৰ পৰা আধাখিনি দৰমহা প্ৰায়ে ৰেখাক দিয়ে। ৰেখাই ল'ব নিবিছাৰে যদিও প্ৰতীমে বাধ্য কৰাই। এটা সময়ত ৰেখাৰ স্বাস্থ্য সবল হৈ উঠিল। এতিয়া তাই আগৰ দৰে নহয়। বহু পৰিৰ্ৱতন হ'ল। আনকি চহৰৰ ডেকা ল'ৰাসকলেও ৰেখাক স্বাস্থ্য দেখি ভুল যোৱা হ'ল। নিচেই কম‌ বয়সত বিয়াত বহা ৰেখা এতিয়া যেন চফল সুন্দৰী গাভৰু যেন দেখি। বাটৰ সুন্দৰী সকলেও এবাৰ ৰেখাক দেখিলে এপলক চাই যায়হি। 
          সেইদিনা ফেচবুকত আপলোড দিওঁতে তাই ফটোত 20k like আৰু শ্বেয়াৰ পাইছিল। বহুতৰে বহুতো কমেন্ট দেখি ৰেখাৰ মনটো আনন্দ ভৰি উঠিল। 
             সি নিজকে গৌৰৱবোধ কৰিলে ধন্য প্ৰতীম, ধন্য জীৱন। সচাঁকৈয়ে নেদেখা সুখবোৰ প্ৰতীমে শিকালে।
লগে লগে প্ৰতীমলৈ ফোন লগালে-
: হেল্লৌ , আহোঁতে চেনী এককেজি বিস্কুট দুই পেকেট লৈ আহিবা।
: অকে ডিয়েৰ।- সিফালৰ পৰা প্ৰতীমৰ মাত ভাঁহি আহিল।

✍️লখন বে


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)