অঘৰী তিৰোতাজনী- পূৰৱী তালুকদাৰ

©Admin
0
সেই যে অঘৰী তিৰোতাজনী,
অলপতে তাইৰ মাকজনী মৰিল ।
ৰেল' লাইনৰ কাষৰ জাৰণিত নগ্ন অৱস্থাত
উদ্ধাৰ হৈছিল ছয়ত্ৰিছ বছৰীয়া মাকৰ মৃতদেহ।
টিভি চেনেলত ওলাইছিল বাতৰিটো,
হাঁহাকাৰ কৰি দুদিনতে শাম কাটিল ।

জাৰজ তাই
তাইওঁ নাজানে
তাইৰ এমা-ডিমা তিনিটা সন্তানৰ পিতৃ পৰিচয়।
ষ্টেচনৰ প্লেটফৰ্মেই তাইৰ ঘৰ।

বেছি আশা নকৰে তাই
দহ-বিশ টকা দিলেই হয় ।
তিনিমহীয়া সন্তানটোৰ মুখত
এটুপি বুকুৰ গাখীৰ দিবলৈ
তাই যে খাবই লাগিব।

ৰেল' ষ্টেচনৰ পানীৰ নলাত স্নানৰতা 
কুৰি বছৰীয়া অৰ্ধনগ্ন শৰীৰটোত
কিল-বিলাই ফুৰে
হেজাৰ জনৰ কামুক চকু।
লাজত তাইৰ দূৰতে বিদূৰ।

পাঁচ বছৰীয়া জীয়েকজনী
অকনমান ডাঙৰ হ'লে
তাই হেনো অলপ সকাহ পাব ।
হয়তো এদিন তাইওঁ হ'ব দুই-তিনিটা জাৰজৰ মাক।
যাৰ মুখত কেতিয়াওঁ নুফুটিব "দেউতা" শব্দ ।

আমি খাবলৈ জীয়াই আছোঁ,
তাই জীয়াই থাকিবলৈ খাইছে ।
কি খাইছে, কেনেকৈ খাইছে
সেয়া তাইৰ নহয় বিচাৰ্য বিষয় ।

ঠেঁটুৱৈ ধৰা জাৰত
তিতা কেঠাখনত শুই-শুই নিউ'মোনিয়া হোৱা
তিনিমহীয়া ল'ৰাটো কালি হেনো ঢুকাল ।
হায়!
এয়াওঁ মানৱ জীৱন ।

চৰকাৰী আচনিয়ে ঢুকি নোপোৱা,
মানৱতাবাদী সংগঠনৰ চকুত নপৰা
কলিতে মৰহি যায় হেজাৰ হেজাৰ
জীয়া সপোন ।

✍️পূৰৱী তালুকদাৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)