যৌতুক~অনুভৱ-ললিতা হাজৰিকা

©Admin
0
বৰ্ষাই ধৰিত্ৰীক হেঁপাহ পলুৱাই ধুই নিকা কৰিলে । সেউজী শৰৎ ঋতুৰ আগমনৰ লগে লগে কাৰোবাৰ বিবাহ উপযুক্ত পাহুবাল ডেকাৰ সৈতে, কাৰোবাৰ বৰ ঘৰৰ শুৱনি গাভৰুৰ (বিবাহ) মধুৰ মিলনৰ সময় আহি পৰিছে । ৰাশি-যোৰা, দিন-বাৰ ঠিক কৰা , কামবোৰ আগবঢ়াই নিয়াকে আদি কৰি দুয়োখন ঘৰ ব্যস্ত হৈ পৰিছে ছাগে । 
               বিবাহৰ বতৰ আহিছে যেতিয়া এই অভাজনে যৌতুকৰ বিষয়টো লৈ পাঠক, লিখক-লেখিকাসকলৰ লগত মত বিনিময় কৰিব বিচৰা হৈছে। ভুল হ'লে ক্ষমা কৰিব ।
যৌতুক....এই প্ৰথাটো অতীজৰে পৰা চলি আহিছে যদিও বৰ্তমান ই বৰ বেয়াকৈ শিপাবলৈ ধৰিছে যেন লাগে । টিভি , বাতৰি কাকত বা অন্যান্য বাৰ্তা যোগে শুনি থাকো অমুক ঠাইত যৌতুকৰ কাৰণে বোৱাৰী হত্যা কৰিলে বা খেদি দিলে । এই বস্তুকেইপদ পিতৃ ঘৰৰ পৰা নাপালে কথা বেয়া হ'ব ইত্যাদি অজস্ৰ জীয়া কাহিনী আছে । যৌতুক দিবলৈ সামৰ্থ্য নথকা পিতৃ-মাতৃয়ে কি কৰিব ? অ' যদি ছোৱালী ঘৰখন সামৰ্থ্যৱান কিন্তু ল'ৰাটো যদি নিবনুৱা হৈ আছে বা ঘৰখনৰ অৱস্হা ভাল নহয় তেতিয়া ছোৱালীৰ অভিভাৱকে বস্তুৰ সলনি টকা-পইচাকে ছোৱালীৰ হাতত দি সহায় কৰিলে ভাল হ'ব যেন লাগে । ধৰক ল'ৰাৰ চাকৰি , ব্যৱসায় , খেতি বা চাহ বাগান ইত্যাদি উপাৰ্জনৰ পথ সুগম সেইজনৰ ঘৰখনে ছোৱালীৰ ঘৰৰ পৰা একো এপদ বস্তু নেলাগে বুলি ইচ্ছা কৰিলে ক'ব পাৰে । কাৰণ সেইখন ঘৰত আগৰ পৰাই উভৈনদী বস্তু থাকেই । ঘৰখনৰ প্ৰয়োজনীয় আচবাবকে আদি কৰি অত্যাধুনিক সকলো সা-সুবিধাই থাকে । পায়খানা ঘৰত পানী টেপ খুলিব নেজানিলে পায়খানা কৰাই ভাল নহ'ব । গা-ধুৱা ঘৰতো একেই গতি , নেজানিলে গৰম পানীয়ে পুৰি মাৰিব । সেইখন ঘৰক ছোৱালীৰ ফালৰ পৰা পঞ্জাব বডি গাড়ীয়ে এক গাড়ী যৌতুক ?? 
      আজিৰ যুগৰ ল'ৰা-ছোৱালীবোৰ বেছিভাগেই দেখোন শিক্ষিত, অনুভৱী । গতিকে যৌতুক নামৰ এই প্ৰথাটো সমাজৰ পৰা নৎস্যাত কৰিবলৈ হ'লে ল'ৰা-ছোৱালী দুয়োৱে মিলি সিদ্ধান্ত ল'ব লাগিব । ছোৱালীয়ে যদি ল'ৰাক সোধে যৌতুক নে মৰম ভাল পোৱা লাগে ? 
          ল'ৰা-ছোৱালী যদি দূৰদৰ্শী হয় যৌতুকৰ কাৰণে নিৰ্যাতিত সেই নাৰীসকলৰ ন্যায় পোৱাৰ কথা চিন্তা কৰিব পাৰে । যৌতুকৰ কাৰণে সমাজ তথা দেশত আৰু অঘটন নোহোৱা কৰিবলৈ হ'লে নৱপ্ৰজন্মই আগ-ভাগ ল'ব লাগিব । এই বিষয়টোত ল'ৰা-ছোৱালীৰ মাজত বুজা-পৰাৰ প্ৰয়োজন । তাৰপিছত দুয়োখন ঘৰে আলোচনালৈ আহিব পাৰে । ক'বলৈ গ'লে একেবাৰেই সাধাৰণ বিষয়, ইয়াক সমাজৰ পৰা নোহোৱা কৰিবলৈ হ'লে অভিভাৱক সকলৰো সহযোগ লাগিব । শুনিবলৈ পোৱা মতে যৌতুক নিৰ্যাতন কাৰ্যত শাহুৱেকবিলাকৰ হাত থাকে বুলি বদনাম আছে । কিন্তু সকলো শাহু একে নহয় ই ধুৰূপ । 
     এই লিখনিৰ জৰিয়তে সমস্ত নাৰীসকলক আহ্বান জনাব বিচৰা হৈছে যে আমি যিমান দূৰ পাৰো যৌতুক নোলোৱাকৈ নিজৰ ল'ৰালৈ এজনী সুদৰ্শনা লখিমী বোৱাৰীক আদৰি আনো আহক । লখিমী আহিল যেতিয়া সকলো আহিল । সুলক্ষণা নাৰী মাত্ৰেই লক্ষী । তেতিয়া অসমৰ্থ ঘৰ এখনৰ ছোৱালীয়ে বহুত সাহস আৰু সকাহ পাব , নিৰ্যাতিতা নাৰীসকলে ন্যায় পাব । 

( এইখিনিতে কৈ থওঁ বৰ্তমান ময়ো এগৰাকী শাহুমা হওঁ। বোৱাৰীৰ ঘৰৰ পৰা একো লোৱা নাই অথচ সামৰ্থৱান ঘৰৰ ছোৱালী হয় ।) 
সকলোৰে মতামত আশা কৰা হ'ল🙏

✍️ললিতা হাজৰিকা
মৰাণ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)