উচৰ্গা-ছাইফুদ্দিন আহমেদ

©Admin
1
আমি বিশ্বৰ দুৱাৰত
উচৰ্গা কৰিছোঁ,
নিজৰ ভাষা সংস্কৃতি
অহোপুৰুষাৰ্থ কৰিছোঁ
অসমীয়া জাতীয় জীৱনৰ
লগতে ভাষা সংস্কৃতিক
আয়ত্ত কৰিবলৈ ৷

তথাপিও আমি বহুতৰে
হাঁহিৰ পাত্ৰ,
আমাক নিজৰ পাপ্য
সন্মানখিনি দিবলৈও অপৰাগ
কিছুমান বেশ্যালয়ৰ
অসময়ৰ কুমবাণ্ডই,
ৰাজনীতিৰ মেৰপাকত পেলাই
আমাৰ সম্পূৰ্ণ সম্প্ৰদায়টোক
গেদা,মিয়া, দাঢ়ি,টুপী, লুঙি আদি
নামেৰে গালি-গালাজ পাৰে
ইতিকিং কৰে কিয় ?

আমাকলৈ বহু ভণ্ড মিডিয়াই
ভুৱা প্ৰচাৰ চলাই
সন্ত্ৰাসবাদী,লাভ জেহাদী, ধৰ্ষণকাৰী,
জোৱাৰী, মদাহী বুলি ৷
তথাপিও আমি কেতিয়াও 
বিদ্ৰোহ কৰিব যোৱা নাই ৷

বিষাদগ্ৰস্ত হৃদয়খনেৰে
দুখে প্ৰহৰী বুলি দিনেৰাতি
একাকাৰ কৰি
অসমৰ সকলো চৰ -চাপৰিত
আছোঁ অশ্ৰুজলেৰে শস্যৰ আৱাদ কৰি ৷

এসময়ৰ জংঘল বুলি সৰ্বজনবিদিত
অসমৰ অদৰকাৰী জংঘল কাটি
জাকত -জিলিকা কৰি
সোণেৰে অলংকৃত কৰা
আমিয়েই সোণাৰু মিয়া, অসমীয়া ৷

সেইবুলিয়েই জাতিৰ উন্মুক্ত
শক্ৰবোৰক হুংকাৰ
দিবলৈ কণ্ঠাবোধ নকৰোঁ ৷
বিপ্লৱী হোৱাৰ হিলদল ভাঙি
ৰণচণ্ডী মূৰ্তিৰে ধৰাসায়ী কৰাৰ
ইতিহাস ৰচিবলৈ নহয়,
আমাৰ জাতিৰ শক্ৰৰ
ৰক্তপুঞ্জৰে জাতিটোক
প্ৰতিষ্ঠিত কৰিবলৈ বিশ্ব দৰবাৰত ৷
আমাৰ নিজা ভাষা সংস্কৃতি
উচৰ্গা কৰিছোঁ বৃহত্তৰ অসমীয়া
জাতিটোৰ খাতিৰত আমিও নিজকে
পৰিচয় দি শান্তি লভিছোঁ  
কিন্তু আৰু অপমান অপবাদ
সহ্য কৰা নহ'ব বুলি সকিয়াই দিছোঁ ৷

✍️ছাইফুদ্দিন আহমেদ
আইনৰ ছাত্ৰ (Law Student )
সভাপতি বৰভগীয়া আঞ্চলিক আমছু’
আলোচনী সম্পাদক মংগলদৈ আইন মহাবিদ্যালয় ও সদৌ অসম আইন ছাত্ৰ সংন্থা দৰং জিলা সমিতি

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment