পিকুৰ সংগ্ৰাম~চুটিগল্প-মীনা পামে গাম

©Admin
0
পিকু, মাকৰ দ্বিতীয় কন্যা সন্তান ।
বায়েকৰ বিয়া হৈ গ'ল । ঘৰত ভায়েক এটা আছে । দেউতাকে দ্বিতীয় বিবাহ কৰাই বেলেগ হৈ গ'ল । পিকু আৰু মাকে আনৰ ঘৰত কাম কৰি চলি আছিল । 

এনেতে লকডাউনৰ সময়তে মাকৰ ভৰিত কেন্সাৰ হ'ল । তাই শিৱসাগৰৰ পৰা আহি-আহি মাকক গুৱাহাটী কেন্সাৰ হস্পিতালত ভৰ্ত্তি কৰালে । ঘৰত যিকণ মাটি আছিল তাকে বেচি পিকুৱে মাকৰ অসুখৰ বাবে থ'লে । কেতিয়াবা অকলেও লকডাউনৰ সময়ত গাড়ী ভাড়া কৰি মাকক অনা -নিয়া কৰি হস্পিতালত দেখুৱাই আছিল । শেষত ডাক্তৰে ক'লে ," তোমাৰ মাৰ ভৰিখন কাটিব লাগিব " । তাইক বহু চিন্তাই জুমুৰি দি ধৰিলে ।
এফালে কোনো আত্মীয়ই সহায় কৰা নাই !
আনফালে মাকৰ ভৰিখন কটা যাব !!
ইফালে কটাৰ পিছত কেনেকৈ মাকক চম্ভালিব - তথাপিও তাই কামৰ উদ্যম হেৰাই যাবলৈ নিদিলে ।
আজি ডাক্তৰে ক'লে ," তুমি ভৰি কটা মেচিনটো নিজে কিনিব লাগিব ।
তাই কল্পনা কৰিবলৈ টান পালে - মাকৰ ভৰিখন কটা কথাতো ।
তাইৰ মন মাজে-মাজে গধুৰ হৈ যায় ।
ঘৰত ভায়েকক এৰি থৈ আহিছে ।
টকা-পইচাৰ কথাও চিন্তা কৰিবলগীয়াত পৰিছে । ইপিনে বায়েক জনীয়েও বিশেষকৈ সহায় কৰা নাই ।
মামাকহঁতেও খবৰ নলয় ।
এই তেইশ বছৰীয়া ছোৱালী জনীয়ে
নিজেই গোটেই ঘৰৰ কাম-বনৰ উপৰিও, এই হস্পিতেলত থকা কেন্সাৰ ৰোগী মাকৰ বাবে কেতিয়াবা ৰাতি বা কেতিয়াবা গধূলি ও ডক্তৰে মাকৰ বাবে ঔষধ আনিবলৈ পঠিয়াই আৰু অকলে অকলেই তেনেকৈয়ে কিনিবলৈ যাবলগীয়া হয় । 
'তাইৰ মৰি যোৱা সাহসবােৰ' পুনৰ উজ্জীৱিত কৰি মাকৰ বাবে লাগি আছে ।

কেতিয়াবা তাইৰ উশাহ বন্ধ হৈ যোৱা হেন হয় ।
সকলোতকৈ ডাঙৰ সমস্যা হ'ল লকডাউনৰ সময়ত য'তে-ত'তে থাকিবও নোঁৱাৰে আৰু অকলশৰীয়াকৈ কেনেকৈ ক'ত থাকিব গুৱাহাটীত ?? তেনে সমস্যাত ভুগিছিল ।

তেনেবােৰ সমস্যাৰ মাজতে মাকৰ চিকিৎসাৰ বাবে তাই গুৱাহাটী -শিৱসাগৰ অহা-যোৱা কৰি বহুত শাৰীৰিক, মানসিক আৰু অৰ্থনৈতিক কষ্টৰ মাজেৰে কৰি আছিল ।

পিকুক পৰিস্থিতিয়ে সাহসী হ'বলৈ শিক্ষা দিলে । গোটেইবােৰ চম্ভালা, দায়িত্ব পালন কৰিবই লাগিব, সেইবাবে সাহসক "দুৰ্দান্ত" বনাবলৈ তাই যেন বাধ্য হৈছে।

ইপিনে তাই দশমমান শ্ৰেণীলৈকেহে পঢ়িছিল । কাৰ পৰা কিমান কি কথা শুধিবলগীয়া হৈছে তাৰ হিচাব নাই ।
কোন ডাক্তৰক শুধিব লাগিব আৰু প্ৰেচক্ৰিপচন খনৰ পৰা চাই কি ঔষধ কোন ফাৰ্মাচীৰ পৰা কিনিব সেইবােৰ আনক শুধি সময়ে-সময়ে কিনি মাকক যোগান দি আছে।

কিন্তু, ডাক্তৰে ভৰিখন কটাৰ আগতে যিমানবােৰ টেষ্ট কৰিবলৈ দিলে তাকে দেখি তাই টকাৰ বাবে আৰু তাৰ বাবে বহুত চিন্তা কৰিব লগীয়া হ'ল ।
ঔষধ, ট্ৰিটমেন্ট আদিৰ চোন শেষেই নহয় ! ভৰি কটা দিন এতিয়াও ঠিক হোৱা নাই । ভিতৰি-ভিতৰি তাই ভাগৰি পৰিছে, যদিও বাহিৰত মাকৰ আগত সাহস দেখুৱাই আছে - যিটাে এই সময়ত অতি প্ৰয়োজন ।

পিকুৱে অতি দুখেৰে ডাক্তৰৰ কথামতে আজি মাকৰ বাবে ভৰি কটা মেচিনটো কিনিবলৈ যো-জা কৰিলে ।
ভৰি কটাৰ পিছত মাকৰ কি হ'ব (?) সেইবােৰ ভাবি আজি তাই হস্পিতালৰ বাৰান্দাত অচেতন হৈ গ'ল !!!!

একমাত্ৰ মাকেই তাইৰ সাৰথি আছিল ।
আজি সেই সাৰথিও নাই । তেনে এটি সময়ত সেই কম বয়সীয়া ছােৱালী জনীৰ মনত কি মৰ্মবেদনাই বাহ ল'ব পাৰে - কোনোৱাই উপলব্ধি কৰিব পাৰিবনে ??
সেই দুৰ্বল মুহূৰ্ত্তত তাই কান্দি গৈছিল আৰু গোটেইবােৰ মোক জনাইছিল ।
মই যিমান পাৰো সহায় কৰিছিলোঁ ।
এই সংসাৰত পিকুৱে অকলেই জীৱন 
সংগ্ৰামত যুঁজিব লগীয়াত পৰিছিল । এজনী গাভৰুৰ, গাভৰু কালতে পোৱা সংগ্ৰামৰ এটা দুখজনক কাহিনী ।  
তাই জীয়াই থাকে মানে মাকক বচাবই লাগিব আৰু পুনৰ মূৰতো দাঙি হস্পিতালৰ ফালে খোজ দিলে...॥॥

✍মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)