সময়কণৰ কথা মনত পৰিলে
বৰকৈ বিষায় মোৰ বুকুখন
চাৰিটি নয়নত যে লাজৰ ঢৌ
উঠিছিল ।
দুচকুলৈ চাই কথা পতা সাহস
যেন একেবাৰে নাছিল
তোমাৰ দুচকুলৈ চালেই
মোৰ হৃদয়ৰ কোনো দিন নবজা
বাঁহীটি বাজি উঠিছিল ,,,
তোমাক দেখাৰ পিছৰে পৰা
মোৰ অন্ধ মনৰ বন্ধ কোঠাত
প্রেমৰ শিলাবৃষ্টি ।
সময় যেন বাগৰি গ'ল
তুমি যেন হৈ পৰিলা
এক অচিন-চিনাকি ,,,
নাভাবিবা মোৰ হৃদয়খন
মৰিশালি নিস্তব্ধতা মাজত
হেৰাই যোৱা বুলি
আজি কালি মোৰ হৃদয়খনে
দেৱদাৰু শাৰীৰে বাটচ'ৰা পাতি
অকলশৰীয়া হৈ ৰঙৰ ফাকু খেলিব ধৰিছে ।
হৃদয়ত মৃদু স্পন্দন ধ্বনি
সন্ধানত নিমজ্জিত হওঁ
মাজনিশা নিয়ৰৰ টুপালত
অনাই বনাই ঘুৰি ফুৰো তোমাৰ ঠিকনা বিচাৰি
কিয় জানো মোৰ হৃদয়ত সুগন্ধি ফুলৰ সুবাস সানিলা
সেইদিনা বুজিবা যিদিনা
ফাগুণৰ মলয়া বতাহ হৈ
এবাৰ মাথোঁ আহিবা
মোৰ সাঁচতীয়া কলমডালে
কেনেকৈ বগা কাগজত
তোমাৰ নামেৰে কবিতাৰ বীজ
সিঁচিব ধৰিছে
এবাৰ চাই যাবাহি .......
✍️দেৱজিৎ দাস
নামতি বাউলি পুখুৰী,শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ