আমি স্বাধীন জানো-হিৰণ্য ডেকা

©Admin
0
আজি আমি স্বাধীন দেশৰ
গীত গাব পাৰিছোঁ।
কিন্তু ....
কিমান স্বাধীন আমি!
নাই আজি আমাৰ ইংৰাজ শাসন,
নাই সেইসকল ইংৰাজৰ কবলত।
তথাপিও
বোমা - বাৰুদৰ আতংকত
আজিও কান্দে, উচুপি উঠে
সেইসকল আত্মীয়ৰ চকুলো,
কি ভুল কৰিছিল সিহঁতে?
যাৰ বাবে স্বাধীনতাৰ দিনটোত
নিজকে হেৰুৱাই পেলালে।
নাজানো, আমি স্বাধীন নে!
নিশাৰ অন্ধকাৰৰ পূৰ্ণিমাৰ পোহৰৰ দিনটোত
বাহিৰত আমি মুক্ত মনেৰে 
বিচৰণ কৰিব পাৰিছোঁ জানো?
জীৱশ্ৰেষ্ঠ মানুহ হয় জানো আমি?
জীৱ-জন্তু সকলোৱে কিন্তু
যাত্ৰা কৰি আছে মুক্ত মনেৰে।
চাৰিওফালে কেৱল হিংসা-ভেদাভেদ
নাই তাহানিৰ সেই ভাতৃত্ববোধ ,
নাই তাহানিৰ সেই আচাৰ ব্যৱহাৰ।

✍️ হিৰণ্য ডেকা
বুদ্রুকুছি,নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)