চকুৰ আগতে
চিলনীয়ে থপিওৱাদি
থপিয়াই লৈ যায়
তেওঁ মোৰ তেজাল
কলিজা ।
ঠোঁটৰ আঘাতত
মোৰ তেজাল মুখৰ
বৰণ থিতাতে
হৈ পৰে শেঁতা।
নিষ্ঠুৰ নিয়তিৰ মাতত
নিৰিবিলি সন্ধিয়া
নিৰুচ্ছ্বাস মোৰ
জীৱন হয় আধৰুৱা ।
✍️বিনিতা বৰা
হোজাই, লংকা কাকী-৩
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ