অপেক্ষা মাথোঁ নতুনত্বৰ-প্ৰিয়ংকা গায়ন

©Admin
0
আশাবোৰ আকৌ পোখাইছে,
সপোনবোৰো ঠন ধৰি উঠিছে,
অসীমলৈ চাই।
আজি সকলো শান্ত হৈ পৰিছে,
এক নতুন প্ৰভাতৰ সন্ধান কৰিছে,
পুৱাৰ বেলিটিলৈ চাই।।

নতুনত্বৰ আশাত আজি মই
পুৰণি বিষাদবোৰক দলিয়াই
অপেক্ষাৰত মাথোঁ আজি
নৱ প্ৰভাতৰ।
ৰাতিৰ আন্ধাৰ আঁতৰাই
জীৱনটো নকৈ পোহৰাই
হেঁপাহ মাথোঁ মোৰ 
আগুৱাই যোৱাৰ।।

মোৰ এই নতুন পথৰ সংগী
নালাগে কাকো।
আগুৱাই যাম নিৰৱে নিবিচাৰো
যাত্ৰাপথত সাৰথি কাকো।।
লাগে মাথোঁ এটি নতুন প্ৰভাত।।

✍️প্ৰিয়ংকা গায়ন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)