আকৌ সুবাস ল'ম গ্ৰন্থৰ~সচেতনতা-হেমেন হাজৰিকা

©Admin
0
বিশ্ব ত্ৰাস ক'ভিড ১৯ ( ক'ৰণা ভাইৰাচ) এ কোঙা কৰি পেলোৱা বছৰটোৰ বিদায় ক্ষণত আৰু এটা নতুনৰ আশা আৰু সম্ভাৱনাৰ বিপুল প্ৰতিশ্ৰুতি লৈ যাব ধৰা বছৰটোৰ বিদায় ক্ষণত অহা ৩০ ডিচেম্বৰ ২০২০ ৰ পৰা গুৱাহাটী চানমাৰিস্থিত অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ বাকৰিত ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা অনুষ্ঠিত হ'ব | ন- পুৰণি লেখকৰ বহু প্ৰত্যাশিত নতুন কিতাপে প্ৰকাশৰ মুখ দেখিব | গ্ৰন্থৰ সুবাসে সুবাসিত হ'ব সমাগত নতুন বছৰৰ আকাশ বতাহ | গ্ৰন্থমেলাৰ বাকৰিত আমি লগ পাম কতজনক যি নতুন বছৰত নতুন ভাল লগা মন পচন্দৰ কিতাপ বিচাৰি বুকষ্টলে বুকষ্টলে ঘূৰি ফুৰিব , এটা পৃষ্ঠা মেলি লিৰিকি বিদাৰি শব্দৰ সুসমা , এবাৰ শুঙি চাব নতুন শব্দৰ সুবাস , উপলব্ধি কৰিব গ্ৰন্থৰ গৰিমা | লেখক/ লেখিকাৰ পৰিশ্ৰম | শব্দৰ মনোৰম জগতত বিচৰণ কৰাৰ এয়া সোণালী সুযোগ | 
কিমান যে কিতাপ , কিমান যে লেখক / লিখিকা , কিমান যে গ্ৰন্থপ্ৰেমী মুঠতে এখন বেলেগ জগত | যি জগতৰ আনন্দ কোনো বেলেগ আনন্দৰ সৈতে ৰিজাব নোৱাৰি | কিতাপৰ সমান আন ভাল বন্ধু একো থাকিবই নোৱাৰে | শব্দৰ মায়াজালে মানুহৰ মনৰ দিগন্ত নতুন ৰূপত সজাব পাৰে | জ্ঞানচকু মুকলি কৰিব পাৰে , হৃদয়ত আৱেগৰ ঢৌ তুলি মানুহৰ মনুষ্যত্ব জাগৰিত কৰিব পাৰে | তাৰ বাবেই কিতাপ মানুহৰ অনন্য বন্ধু | যাৰ বন্ধুত্বই এজন ব্যক্তিক নতুনকৈ সজাব পাৰে | মানুহেই একমাত্ৰ প্ৰাণী যিয়ে কিতাপ পঢ়ি নিজক সলাব পাৰে , উত্তৰণ ঘটাব পাৰে | কিতাপ পঢ়ি মানুহে অতিবাহিত কৰিব পাৰে অমূল্য সময় | বিনা কামত য'ত ত'ত বহি , আদ্দা মাৰি সময় কটোৱাতকৈ এখন ভাল কিতাপ পঢ়ি সময় কটাব পাৰিলে ব্যক্তিয়ে নতুনৰ সন্ধান পাব পাৰে , নিজক আৱস্কাৰ কৰিব পাৰে , আনক আৱস্কাৰ কৰিব পাৰে | সেয়েহে আমি সদ্যহতে এটা কিতাপ পঢ়াৰ আন্দোলন আৰম্ভ কৰিব লাগে | কিতাপ সদায় কিতাপেই। কিতাপৰ স্থান আজিৰ যুগৰ উত্তম মাধ্যম সমূহে ল'ব নোৱাৰে | আমি এইবাৰ গ্ৰন্থৰ সুবাস ল'ম হৃদয় ভৰি | যিদিনাই প্ৰথম প্ৰথম ছপা মাধ্যমৰ আৱস্কাৰ হৈছিল সেই দিন ধৰি আজিৰ দিনটোলৈ কিমান যে কালজয়ী কিতাপৰ জন্ম হ'ল | যিসমূহে সাহিত্যৰ উচ্চস্তৰীয় বঁটা আঁজুৰি আনিবলৈ সক্ষম হৈছিল | সেইবোৰ কথা ইতিহাসৰ পাতত জিলিকি আছে | সেয়াই কিতাপৰ মহিমা | কিতাপৰ বুকুত হাজাৰ হাজাৰ শব্দৰ ভিৰ , যি শব্দই মন-মগজুত জোকাৰণি তোলে | শব্দক ব্ৰহ্মৰ লগত তুলনা কৰা হয় | যাৰ কেতিয়াও ক্ষয় নহয় | শব্দৰ মৃত্যু নহয় | তাৰ বাবেই আজিও কিতাপৰ আদৰ কমা নাই | আজিৰ দিনটোত উন্নত প্ৰযুক্তিৰ মাধ্যম সমূহো আমাক লাগিব , কিতাপো আমাক লাগিবই | তাৰেই বাৰ্তা বিলাবলৈ আমাৰ সকলোৰে আগ্ৰহৰ অৱসান ঘটাই আকৌ সুবাসিত হ'ব গ্ৰন্থ মেলাৰ বাকৰি | আমি কিতাপ পঢ়িম গাতে গা লগাই বহিম , মনৰ কথা পাতিম | কিমান যে আনন্দিত হ'ম আমি | কিতাপক আমি আপোন কৰি লোৱাৰ মানসিকতা গঢ়ি তুলিব লাগিব | আমাৰ আজিৰ প্ৰজন্মৰ অনেকেই হেনো কিতাপ নপঢ়ে , তাৰ বাবে জগৰীয়া কোন ? আজিকালি আমি বিবাহত , জন্ম দিনত , বিবাহ বাৰ্ষিকীত গ্ৰন্থ উপহাৰ দিবলৈ লাজ পোৱা হ'লো | কিয় এনে হ'ল ? কিহে আনিলে আমাৰ মাজলৈ এনে পৰিৱৰ্তন ? এনে দিন আছিল বিয়াত কিতাপ উপহাৰ দিয়াতো এটা নিয়ম আছিল | কিন্তু আজি কালি সেই পৰম্পৰা নোহোৱা হ'ল| আহক আমি পুনৰ সেই পৰম্পৰাৰ শুভাৰম্ভ কৰো | এই আন্দোলন আৰম্ভ কৰো | কিতাপ পঢ়ি জগত জিনক, কিতাপ পঢ়ি জগত চিনক শ্লোগান সৰোগত কৰি আমি আগুৱান হওঁ | আমি নিজকে আৱিস্কাৰ কৰো | অসমৰ একমাত্ৰ দৈনিক ই আলোচনী "অসমীয়া সাহিত্যৰ চানেকি"ৰ তৰফৰ পৰাও আমি বিনম্ৰ অনুৰোধ জনাম আমি অধ্যয়নৰ অভ্যাস গঢ়ি তোলো | আমাৰ ঘৰৰ উত্তৰ পুৰুষচামক কিতাপ পঢ়িবলৈ উদগনি জগাওঁ | কিতাপৰ মনোৰম জগতখনত প্ৰৱেশ কৰিবলৈ সিহঁতৰ মনৰ দুৱাৰখন খুলি দি কিতাপৰ স্বাদ গ্ৰহণ কৰিবলৈ দুহাত আগবঢ়াই দিওঁ |

✍️হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)