উঠিয়েই সূৰুয দেৱতাক স্মৰণ কৰিবি,
সপিবি ইশ্বৰতেই সকলোটি
ধলপুৱাতেই উঠিবি দেই মন্দাকিনী।।
দুহাতত জেতুকা বোলাই
এজনী কুন্দট-কটা ৰাজকন্যাৰ পৰিচয় দিবি,
ওঁঠত বঢ়মথুৰি লৈ
ৰাংঢালী জনী হৈ উঠিবি
ধলপুৱাতেই উঠিবি দেই মন্দাকিনী।।
পদূলিমুখত আয়তীৰ মংগল উৰুলিৰ লগে লগে
পাটগাভৰুটি হৈ তই ওলাই আহিবি
এহাতমান দীঘলীয়াকৈ ওৰনিৰে মুখ ঢাকিবি
শাহুৱে দিয়া ভাৰখন নিজৰ বুলি সাৱটি ল'বি
নিসংকোচে কপাল শুৱনি,
স্বাভিমানৰ ফোঁটটি ল'বি
ধলপুৱাতেই উঠিবি দেই মন্দাকিনী।।
ইমানবোৰ কৰাৰ পিছতো কিন্তু
মুখৰ মাতষাৰি দিবলৈ নাপাহৰিবি,
অলংকাৰেৰে জাকত-জিলিকা হৈ আকৌ
সমাপ্তিত সেৱা এটি ল'বলৈ নাপাহৰিবি
ধলপুৱাতেই উঠিবি দেই মন্দাকিনী।।।
✍️ অলকেশ কাকতি
নলবাৰী, চামতা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ