সহকৰ্মী : আমাৰ দ্বিতীয় আত্মা~অনুভৱ-হেমেন হাজৰিকা

©Admin
0
  আমি সহকৰ্মী , দিনটোৰ বেছিভাগ সময় আমি একেলগে থাকো | কাৰোৰে লগত আমাৰ তেজৰ সম্বন্ধ নাই | তথাপি আমি খুউব আপোন | আমাৰ মাজত আত্মিক সম্বন্ধই গঢ় লৈ উঠে | এদিন কোনোবা এজন নাহিলে আমি সুধো ..... অহা নাই নেকি ? কিয় এনে হয় বাৰু ? কিহৰ টান এয়া ? কেতিয়াবা কিবা কাৰণত অলপ খকা খুন্দা লাগিলেও আমি ধৰি নাথাকো | কাৰণ আমি সহকৰ্মী | আমাৰ বৰ্ণৰ পাৰ্থক্য নাই , জাত--পাতৰ পাৰ্থক্য নাই , ধৰ্মৰ পাৰ্থক্য নাই , ৰঙৰ পাৰ্থক্য নাই | আমাৰ এটাই চিনাকি আমি সহকৰ্মী | ইজনে সিজনক এৰি থাকিব নোৱাৰো , পাহৰিব নোৱাৰো | কাৰণ আমি মানুহ এয়া আমাৰ মানৱতা | সহকৰ্মীক আমাৰ দ্বিতীয় আত্মা বুলিও ক'ব পাৰো | দিনটোৰ সৰহভাগ সময় কৰ্তব্য কৰি জিৰণিৰ সময়ত ভাৱ বিনিময় কৰি সুখ দুখৰ বতৰা লৈ সময় অতিবাহিত কৰো | আমি যেন সহোদৰ এনে ভাৱ হয় | কিন্তু চাবলৈ গ'লে আমিতো কোনো কাৰো একো নহয় |
     আজি আমাৰ কৰ্তব্যৰ ঠাই ছুটি হ'ল | ছাত্ৰ/ছাত্ৰীও ঘৰলৈ গ'ল | কেইজনমান সহকৰ্মীও ব্যস্ততাৰ অজুহাত দেখুৱাই ঘৰলৈ গ'ল | আমি কেইজন মান মই নিজে , সহকৰ্মী মিষ্টাৰ এ . চি . দাস | মিষ্টাৰ এম . বৈশ্য | মিষ্ট্ৰেচ এচ ছেত্ৰী , মিচ বি ৰাভা | মহম্মদ টি আলি আৰু আমাৰ সকলোৰে ভাতৃ সদৃশ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জে দাস কিছু সময় ভাব বিনিময় কৰিবৰ বাবে বহিলো | প্ৰথমে ময়েই আৰম্ভ কৰিলো মোৰ প্ৰিয় গানৰ এটা কলি .. বৃষ্টিৰ তৃষ্ণাই মৌচুমী খেদি যায় আমাৰ দৃষ্টিয়েও লক্ষ্য জানে | অপৰূপ বাৰিষাৰ তৰঙ্গ ৰাশিয়ে..... গীতৰ কলিতো শুনি সকলোৰে গা উঠিল | এফালৰ পৰা সকলোৱে নিজৰ নিজৰ প্ৰিয় গানৰ কলি একোটা গুণ গুণাবলৈ ধৰিলে | হাঁহি স্ফুৰ্তি তামচাৰে সকলোকে উদ্বেলিত কৰি তুলিলে | খুউব হাঁহিলো , এজনৰ অনুৰোধত আনজনে বহু কিবা কিবি কৰিলো | নাটকৰ সংলাপ , অভিনয় , কৌতুক , নিজৰ এৰি জীৱনৰ কিছু তিতা-- কিছু মিঠা স্মৰণীয় ঘটনাৰ সমভাগী হলো | মনতে ভাৱ হ'ল আমাৰ যেন বয়স কিছু কমি গ'ল | 
     কৰ্ম ব্যস্ততাৰ দোহাই দি আমি খোলাকৈ হাঁহিবলৈ পাহৰিলো , আনৰ সুখ দুখৰ সমভাগী হ'বলৈ পাহৰিলো যন্ত্ৰৰ দৰে মাথো কৰিব লগাখিনি নিয়ম মাফিক কৰি গৈছো | যাৰ কোনো মাদকতা নাই |
    এনেদৰে আমি সহকৰ্মী কেইজনে আজিৰ দিনটো উদযাপন কৰিলো | ভাবিলো যি কেইজন অনুপস্থিত থাকিল তেওঁলোকে এই আনন্দ উপভোগৰ পৰা বঞ্চিত হ'ল | কালিলৈ আৰু এই সময়খিনি আমি এনেদৰে নকটাওঁ | সচাঁকৈয়ে খুউব ভালদৰে উপভোগ কৰিলো আমি সেই সময় | উল্লেখযোগ্য স্মৰণীয় দিন হিচাবে চিহ্নিত হৈ ৰ'ব আমাৰ উপস্থিত কেইজনৰ মানস পটত |
      
✍️হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)