"মাজনী,ৰাতিপুৱাই পুৰণি কাপোৰবোৰ উলিয়াই লৈছা যে কিয়?" মাক অপৰ্ণা হাজৰিকাই ৰিতুৰশ্মিক সুধিলে।
"মা,ঠাণ্ডা পৰিলেই নহয়। মোৰ বাবে চুটি হৈ যোৱা পিন্ধিব পৰা কাপোৰখিনি আজি এপাকত গৈ উৰণীয়া সেতুখনৰ তলত আশ্ৰয় লৈ থকা মানুহখিনিৰ ছোৱালীকেইজনীক ভগাই দি আহিম।" ৰিতুৰশ্মিয়ে উত্তৰ দিলে।
হাজৰিকা পৰিয়ালৰ পূৰ্বপুৰুষৰ পৰা চলি অহা সংস্কাৰ উত্তৰ পুৰুষৰ তেজত প্ৰবাহিত হোৱা দেখি অপৰ্ণা হাজৰিকা পৰম আপ্লুত হৈ জীয়েকলৈ সপ্ৰশংস দৃষ্টিৰে চাই ৰ'ল।
✍️অংশুমান ভূঞা
চামতা,নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ