জাপান দেশখননো কিয় ইমান টনকিয়াল~ফেচবুকৰ পৰা

©Admin
0
বিনয়ৰ দেশ জাপানৰ পৰা আমি যি শিক্ষা আহৰণ কৰিব পাৰোঁ:-

১। জাপানৰ স্কুল ষ্টুডেন্ট সকলে প্ৰতিদিন টিচাৰ সকলৰ লগত ১৫ মিনিট স্কুল পৰিষ্কাৰ কৰে। যিটো সিহঁতক এটি পৰিচ্ছন্ন জাতি হিচাপে গঢ়ি তোলাত সাহাৰ্য্য কৰে। 

২। জাপানত আৱৰ্জনা পৰিষ্কাৰ কৰা সকলক হেল্থ ইঞ্জিনীয়াৰ কোৱা হয়। তেওঁলোকে ৫০০০-৮০০০ ডলাৰ মাহে বেতন পায়।

৩। জাপানী সকলে বাট-পথত ময়লা নেপেলায়, সেই দেশৰ ধূম্ৰপায়ী সকলে নিজৰ মোনাত ছাইদানি লৈয়েই যাত্ৰা কৰে; যিহেতু জাপানৰ বাট-পথত চিগাৰেটৰ ছাই পৰ্যন্ত পেলোৱা নিষিদ্ধ।

৪। জাপানৰ কোনো প্ৰাকৃতিক সম্পদ নাই আৰু প্ৰতি বছৰে শত শত ভূমিকম্প হয়, তথাপিও তেওঁলোক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ শিখৰত পদাৰ্পণ কৰিবলৈ সক্ষম হৈছে।  

৫। হিৰোচিমাত বোমা নিক্ষেপৰ মাত্ৰ ১০বছৰৰ ভিতৰতেই আকৌ হিৰোচিমা তাৰ আগৰ স্থানত উপনীত হ'বলৈ সক্ষম হৈছে। 

৬। জাপানত ৰেষ্টুৰেণ্ট আৰু ট্ৰেনত মোবাইল ফোন ব্যৱহাৰ কৰা নিষেধ। 

৭। জাপানত শিক্ষাজীৱনৰ প্ৰথম ৬ বছৰ শিকোৱা হয় নৈতিকতা আৰু কিভাৱে মানুহৰ লগত চলিব লাগে।  

৮। বিশ্বৰ এখন ধনী দেশ আৰু ধনী দেশৰ বাসিন্দা হৈও জাপানী সকলে কোনো কাম কৰা মানুহ নাৰাখে। সকলো কামৰ সকলোখিনি দায়িত্ব পিতৃ-মাতৃয়ে ল'বলগীয়া হয়। 

৯। জাপানত শিক্ষাজীৱনৰ প্ৰথম ৩ বছৰ কোনো ধৰণৰ পৰীক্ষা নহয়। কাৰণ তেওঁলোকে ভাৱে যে পঢ়াশুনা চৰিত্ৰ গঠনৰ বাবে, পৰীক্ষা ল'বৰ বাবে নহয়।  

১০। জাপানী সকলে খাদ্য অপচয় নকৰে, ৰেষ্টুৰেণ্টত সোমালে চাব পৰা যায়। যাৰ যিমানখিনি প্ৰয়োজন সিমানখিনিয়েই লয়। 

১১। জাপানৰ ট্ৰেন পলম কৰি অহাৰ গড় সময় বছৰত ৭ চেকেণ্ড। জাপানীজ সকলে প্ৰতিটো চেকেণ্ড হিচাপ কৰি চলে।
 
১২। জাপানত ষ্টুডেন্ট সকলক খোৱাৰ বাবে আধা ঘন্টা সময় বিৰতি দিয়া হয়, সঠিক হজমৰ বাবে। কাৰণ জাপানীজ সকলে ষ্টুডেন্ট সকলক জাতি ও দেশৰ ভবিষ্যত বুলি ভাৱে। 

১৩। দীৰ্ঘজীৱী মানুহৰ তালিকাত জাপানৰ অৱস্থান তৃতীয়। গড়ে প্ৰায় ৮৩ বছৰ জীয়াই থাকে জাপানীজ সকলে। 

১৪। জাপানী সকলৰ আত্মসন্মানবোধ খুবেই বেছি। সন্মানৰ খাতিৰত জীৱন বিলাই দিয়াৰ অনেক উদাহৰণ আছে দেশখনত। জাপানৰ বেছ কেইজন প্ৰধানমন্ত্ৰী অলপ কেইটিমান নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ ব্যৰ্থ হোৱাত স্বইচ্ছাত পদত্যাগ কৰিছে। প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাৰ ক্ষেত্ৰত ইমানেই কঠোৰ তেওঁলোক।

১৫। টাইটানিক জাহাজ ডুবি যোৱাৰ পিছত যিকেইজন জাপানী জীৱিত অৱস্থাত উভতি আহিব পাৰিছিল, সেই সকলে দেশৰ জনসমাজত প্ৰৱল আক্ষেপ আৰু প্ৰশ্নৰ সন্মুখীন হ'বলগা হয়। “সহযাত্রী সকলক বচাবলৈ যদি সক্ষমেই হ'ব নোৱাৰিলা, তেন্তে সেই সকলৰ লগতেই প্ৰাণ কিয় নিদিলা!" এয়াই আছিল জনতাৰ আক্ষেপ!! 

১৬। নিৰ্ধাৰিত সময়ৰ পিছতো কাম কৰাৰ বাবে "অভাৰটাইম" নামে এটি শব্দ প্ৰচলিত সমগ্ৰ বিশ্বজুৰি, কেৱলমাত্ৰ জাপানত এই শব্দটিৰ কোনো অৰ্থ নাই! জাপানী সকলে স্বভাৱগতভাৱেই অফিচৰ সময় শেষ হোৱাৰ পিছতো দীৰ্ঘ সময় কাম কৰি থাকে। ঊৰ্ধতন কৰ্মকৰ্তাৰ আগত অফিচ ত্যাগ কৰাৰ কথা কল্পনাৰেও ভাবিব নোৱাৰে তেওঁলোক, ঘৰলৈ অহাৰ যিমানেই জৰুৰী থাকক কিয়!! 

 ১৭। সাধাৰণতে আমাৰ দেশত অফিচত টোপনি মৰাটো খুবেই নিকৃষ্ট হিচাবে ধৰা হয়। কিন্তু জাপান ইয়াৰ সম্পূৰ্ণ ওলোটা। জাপানত অফিচত টোপনি মাৰিলে ভৱা হয় ঘুমন্ত ব্যক্তিৰ ওপৰত কামৰ প্ৰচুৰ চাপ আছিল। তেতিয়া boss ৰ আগত সেইজনৰ ভাৱমূৰ্তি বেয়া নহৈ আৰু বেছি ভাল হে হয়।

১৮। বহু সময়ত সমস্যাৰ মোকাবিলা কৰা বা দুশ্চিন্তাৰ পৰা ৰেহাই পাবলৈ একক বিছনাত থকাৰ প্ৰৱণতা আহি যায়। জাপান এইধৰণৰ সমস্যা মোকাবিলা কৰাৰ বাবে কেপচুল হোটেল নিৰ্মান কৰি থাকে, য'ত কেৱল এখন বিছনাৰ সমপৰিমানৰ স্থান থাকে। অৱশ্যে এই ঘৰত ওয়াইফাই সুবিধাও থাকে। এইধৰণৰ কেপচুল হোটেল কেৱলমাত্ৰ পুৰুষৰ বাবে নিৰ্মান কৰা হয়।  

১৯। জাপান অনেক উন্নত দেশ। হয়তো ভাবিব পাৰে যে, তেওঁলোকৰ ভূমি অনেক উৰ্বৰ। য'ত প্ৰচুৰ ফচল হয়। কিন্তু সেয়া নহয়। জাপানত শতকৰা ৭০ ভাগ ভূমি হৈছে পাহাৰীয়া। ইয়াৰোপৰি দেশখনত ২০০ ৰ নিচিনা আগ্নেয়গিৰী আছে।  

২০। জাপানত মুঠ প্ৰকাশিত কিতাপৰ ২০% হৈছে কমিক্স সম্পৰ্কীয় কিতাপ। 

২১। "সন্তান দত্তক বা পালক সন্তান গ্ৰহণ" সমগ্ৰ বিশ্বতেই আছে। জাপানত মুঠ দত্তক গ্ৰহণৰ শতকৰা ৯৮ ভাগৰ বয়স ২০-৩০ বছৰ! অৰ্থাৎ তেওঁলোকে বয়সীয়াল সকলক দত্তক গ্ৰহণ কৰে! ব্যৱসায়িক পৰিয়াল কিন্তু পুত্ৰ সন্তান নাই, তেতিয়া তেওঁলোকে দত্তক নিয়ে। আকৌ অনেকৰ ক্ষেত্ৰত, যদি নিজৰ পুত্ৰই পিতা-মাতা'ক ৰাখিবলৈ অক্ষম হয়, তেনেহ'লে অইন এজনৰ পুত্ৰ সন্তানক দত্তক লৈ আহে।  

২২। জাপানত শ্ৰম আইন বিশ্বৰ অন্যান্য দেশৰ তুলনাত অনেক ভাল। ইয়াৰ বাবে কোনো কোম্পানীয়ে বিচাৰিলেই তেওঁলোকৰ কৰ্মীক বিদায় কৰিব নোৱাৰে। ইয়াৰ বাবে বৃহৎ অংকৰ টকা গণিব লগা হয় তেওঁলোকৰ! সেই বুলি কোম্পানীৰ মালিক কিন্তু বুৰ্বক হৈ নাথাকে। তেওঁলোকে যিজন কৰ্মীক চাটাই কৰিব বিচাৰে, সেইজন কৰ্মীক বিৰুক্তিকৰ কাম দি থাকে। হ'ব পাৰে গোটেইদিন টিভিৰ পৰ্দাৰ সন্মুখত বহি থকা। এইবিলাক কৰাৰ বাবে বেলেগ শাস্তি কক্ষ আছে।

২৩। আমাৰ দেশত সাধাৰণতে দাঁত সঠিক আৰু সুন্দৰ গঠনৰ হ'ব লাগে। কিন্তু জাপানত বিগত কেইবছৰমান আগত প্লাষ্টিক চাৰ্জাৰীৰ মাধ্যমত যুৱক-যুৱতী সকলে দাঁতৰ গঠন আৰু সৌন্দৰ্য্যৰ উন্নতি নকৰি ত্ৰুটিপূৰ্ণ আকাৰৰ দ্বাৰা সৌন্দৰ্য্য আৰু লাঘৱহে কৰিছিল!

২৪। জাপানত স্বাক্ষৰতাৰ হাৰ শতকৰা ১০০ ভাগ। জাপানীজ পত্ৰিকাত আমাৰ দেশৰ নিচিনা সংবাদ দুৰ্ঘটনা, ৰাজনীতি, চিনেমাৰ সংবাদ ইত্যাদি ছপা কৰা নহয়। তাত কেৱল প্ৰয়োজনীয় আৰু আধুনিক জগৎ সম্পৰ্কে সংবাদ ছপা কৰা হয়।

২৫। জাপানত প্ৰতি ২ লক্ষৰ ভিতৰত এজনহে খুন হয়।

🖋️আনোৱাৰ এইচ সোনাৰ (ফেচবুকৰ পৰা) 
  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)