আধৰুৱা-অমৰ নায়ক

©Admin
0
কৃষ্ণচূড়া ফুলাৰ বতৰত  
হৃদয় পথাৰত
চিৰাল ফটাৰ ৰেখাবোৰে
মানচিত্ৰ অংকন কৰিছে বিস্বাসঘাটকতাৰ সূত্ৰ লৈ।
অযুত হেপাহ থকাৰ সত্বেও হাঁ‌হি এটা গজালি মেলাব পৰা নাই ওঁ‌ঠত।
আশাৰ সম্ভাৰ আছে যদিও
গুণ গুণাব পৰা নাই ভাল লগা এটি সুৰ
যি সুৰ তুমি মই নিজানত বহি কণ্ঠ নিগৰাইছোলোঁ‌।
তোমাৰ মনত নাথাকিবও পাৰে 
কাৰন তুমিতো এতিয়া ব্যস্ত তোমাৰ আপোনজনৰ সৈতে।
এতিয়া তোমাৰ প্ৰিয়জনক কোৱা নে?
মই তোমাক কেতিয়াও এৰি নাযাও বুলি,
ইচ্ছা কৰিও পাহৰিব নোৱাৰোঁ‌ বুলি।
চে কি যে কথা আছিল ভাবিলেই কিবা লাগে।
বাৰু বাদ দিয়া তুমি কুশলে থাকা তোমাৰ আপোনজনৰ সৈতে।

✍️অমৰ নায়ক
তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)