মোক বচোৱা -দেৱশ্ৰী ওজা বৰা

©Admin
0
মোক বচোৱা ,
মই ডাইনী নহয় ৷
কেইজনমান নৰপিশাচৰ বাবে ,
তোমালোকে মোক ডাইনী নবনাবা ৷
মোক যে ডাঠ জংঘলখনলৈ নি ,
নৰ পিশাচ কেইটাই,
গাৰ গোন্ধটো লৈছিল,
সেইদিনাই তেওঁলোকে মোক ,
জীয়াই জীয়াই মাৰি পেলাইছিল ৷
এটা জীৱনৰ শেষ কৰিছিল ,
আকৌ এতিয়া কি বিচাৰি আহিছে ?
জীয়াই থকাৰ আশা মোৰ ,
একমাত্ৰ ৰুগীয়া বাবা ৷
তথাপিটো সিহঁতে বিচাৰি ফুৰে ,
মোৰ বুকুৰ কেচা গোন্ধ ৷
গোন্ধটো যে এবাৰ তেওঁলোকে পোৱাৰ পিছতচোন ,
এৰিবই নিবিচাৰে ,
তথাপিও বাবাকৰ বাবেই চোন ,
নিজকে ডাইনী সজাব বিচৰা নাই ,
নিজকেচোন পাগলী সজাব বিচৰা নাই ,
কেনেকৈ যে সেই মানবৰুপী দানব কেইটাই তাইক ডাইনী সজাই নিশেষ কৰিব আহিছে ,
তাই বিশ্বাসই কৰিব পৰা নাই ৷
তাইটো তেওঁলোকক চিনি পাইছে ,
সেইযে ৰাতি আন্ধাৰৰ সুযোগ লয় ,
সিহঁতেই আজি তাইকচোন ,
ডাইনী সজাব আহিছে ৷

✍️দেৱশ্ৰী ওজা বৰা
বিশ্বনাথ, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)