বিশেষ দিন~গল্প-দিব্যজ্যোতি ৰাজখোৱা

©Admin
0
           ( ১)
    আজি তাই একো নভৱাকৈ পেপাৰখনত চহীটো মাৰি পেলালে ৷ এজাক বতাহ বলি আহিল, তাইৰ কপালৰ ৰঙাবোৰ যেন কোনোবাফালে উৰি যাব ধৰিছে...

               ( ২ )
    আজিৰ দিনটোতে বোলে সি জন্ম হৈছিল,আজিৰ দিনটোতেই বোলে তাৰ দেউতাকে চাকৰি পাইছিল,আজিৰ দিনটোতেই সি বুলে চাকৰি পাইছিল...
    আজিৰ দিনটোতেই সি দেউতাকক গাড়ীত তুলি কৰবালৈ লৈ গৈছে...
    এবুকু আন্ধাৰ, এবুকু যেন নতুন ঠিকনা ...

             ( ৩ )
    বিশেষ দিন বুলি বিশেষ একো নাথাকে বোলে, কিন্তু কিয়? এইবোৰ ভাৱি ভাৱি তাই বিচনাত শুই পৰিল ...
    তাই পুনৰ ভাৱিলে, সেই যে দিনটোতে তাই প্ৰথমবাৰৰ বাবে পৃথিৱীখন দেখিছিল নহয়, সেই যে দিনটোতেই তাই প্ৰথমবাৰলৈ মা বুলি মাতিছিল নহয় ...
              ( ৪ )

   - চোৱা,আজিৰ দিনটোত তুমি মোৰ লগত তৰ্ক কৰি নাথাকিবা ৷
      এইবুলি বৰুৱাই সেমেকা চকুযুৰি লৈ বাহিৰলৈ বুলি ওলাই গ'ল ৷ বৰুৱাই যেন আজিৰ দিনটোত কিবা এটা বিচাৰি আছিল ৷
     লগে লগে ভিতৰত কিবা এটা ভাঙি পৰাৰ শব্দ ৷
     হয়তো, বৰুৱা-বৰুৱানীৰ বিশেষ দিনটোৰেই ফটোখন ভাঙি পৰাৰ শব্দ ৷

✍️ দিব্যজ্যোতি ৰাজখোৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)