মৰমৰ চিঠি-মাণিক পাল

মৰমৰ……
আঘোণৰ নিয়ৰসিক্ত
দূবৰিৰ দলিচাবোৰে
বাৰুকৈয়ে মনত পেলাইছে
তোমাৰ কথা
মৰমৰ বন্ধু ,
তোমাৰ মনত আছে নে ?
সেইদিনবোৰ য’ত
মই বিচাৰি ফুৰিছিলোঁ
তোমাৰ মুখত হাঁহি
আৰু তুমি বিচাৰি ফুৰিছিলা
মোৰ মনৰ খুচি।
এতিয়া দিনবোৰ সলনি হ’ল বুজিছা
তুমিতো নাই মোৰ সমীপত
মোক অকলে এৰি গুচি গ'লা
সৌ জোনবাইৰ দেশত তৰা হৈ।
নাভাবিবা মই তোমাক
পাহৰি যোৱা বুলি।
জোন বেলি তৰা যিমান সত্য
আমাৰ বন্ধুত্বও সিমান সত্য।
মৃত্যুৰ অমানিশাই
তোমাক মোৰ পৰা কাঢ়ি নিলেও
মোৰ মনৰ পৰা কাঢ়িব পৰা নাই জানা।
সৌ সিদিনাৰ কথা
দোকমোকালিতে খিৰিকীৰ ফাঁকেৰে
শালিকা যোৰৰ আনন্দৰ হাঁহি
মৌন ভাষাৰ মৰমবোৰ দেখি
মোৰ মনটোও তোমালৈ লৰ মাৰে
তোমাৰ পলত ওমলিবলে
আনন্দৰে হাঁহি
মনৰ কলীয়া মেঘৰ
ডাৱৰবোৰক আঁতৰাবলে।
কিন্তু হঠাৎ খিৰিকীৰে
নিবিড় অবুজ ভাষাৰে
বৈ অহা মিঠা বতাহৰ
অমিয়া সুৰৰ পৰশে মনত পেলাই দিলে
নিষ্ঠুৰ নিয়তিৰ
অকাল মৃত্যুৰ অমানিশাৰ কথা।
আজিলৈ সামৰোঁ দেই বন্ধু
মৃত্যুৰ অমানিশাৰ
নিমাত আঘাতৰ চিঞৰবোৰে
বাৰুকৈ আমনি কৰিছে বুজিছা।
মনে শব্দ বিচাৰি পোৱা নাই
কলমে শব্দ লিখিব পৰা নাই
ইতি : তোমাৰ……….

✍️মানিক পাল 
শিমলীতোলা,গোৱালপাৰা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send