সুখ:এক অৱলোকন~অনুভৱ-ড০ ৰিমঝিম বৰা

©Admin
0
দৈনন্দিন জীৱনত আমি সকলোৱে সুখী হ'বলৈ বিচাৰো, প্ৰতি মূহুর্ততে,প্ৰতি ক্ষণে ক্ষণে! জীৱনৰ মানদণ্ড তেতিয়াই উন্নত হয়, যেতিয়াই আমি সুখী, সুস্বাস্থ্যৰ অধিকাৰী তথা সাফল্য অর্জন কৰিব পাৰো। প্ৰত্যেকৰ বাবে, সুখ, সুস্বাস্থ্য আৰু সফলতাৰ সংজ্ঞাও ভিন্ন ভিন্ন।
অনেকে সুখক জীৱবৈজ্ঞানিক, মনোবৈজ্ঞানিক, ধাৰ্মিক আৰু দাৰ্শনিক মাধ্যমেৰে সংজ্ঞায়িত কৰিবলৈ চেষ্টা কৰিছে৷ বহু সংখ্যক গবেষণাকাৰীয়ে গৱেষণা কৰিছে প্ৰকৃততে 'সুখ কি?', ’সুখী কেনেকৈ হ'ব পাৰি?
ভাবিবলৈ, ক'বলৈ কথাবোৰ বৰ সহজ!
"যি আছে তাকে লৈ সুখী হোৱা তুমি, যি নাই তাৰ বাবে নাভাবিবা কেতিয়াও।" এই দৰ্শন নিজৰ জীৱনৰ সৈতে কেনেকৈ সংপৃক্ত কৰিব পাৰি(?) অত্যাধিক সুখ পাম বুলি ভবাটোৱেই আচলতে সুখৰ প্ৰধান অন্তৰায়।
দাৰ্শনিকে কয়, সুখৰ ধাৰণাটো আচলতে এক কাল্পনিক কথা, মানুহে সদায় প্ৰাপ্তিৰ আনন্দ তকৈ অপ্ৰাপ্তিৰ বেদনাকহে বেছি গুৰুত্ব প্ৰদান কৰে, ফলশ্রুতিত সুখ সদায়েই হৈ থাকে এক কাল্পনিক ধাৰণা।
দালাই লামাই কৈছিল, "সুখ আগতেই তৈয়াৰ কৰা সামগ্রী (ready made) নহয়, তোমাৰ কৰ্মই নিৰ্ধাৰণ কৰিব পাৰে তোমাৰ সুখ! "
বুদ্ধৰ ভাষাত, "ভাল স্বাস্থ্য এটিৰে জীৱন উপভোগ কৰিবলৈ হ'লে, এটি পৰিয়াললৈ সুখ-শান্তি কঢ়িয়াই আনিবলৈ হ'লে, এজন ব্যক্তিয়ে সদায় নিজৰ মনটিক নিয়ন্ত্রণ আৰু শৃংখলা বদ্ধ কৰিব পাৰিব লাগিব, আৰু মনক নিয়ন্ত্রণ কৰিব পাৰিলেই জীৱন আলোকিত হোৱাৰ পথ বিচাৰি পাব। "

সুখৰ এই আপেক্ষিক ধাৰণাটো বৰ্তাই ৰাখিবৰ বাবে পাৰ্যমানে জীৱনৰ প্ৰতিটো ক্ষণ উপভোগ কৰিবলৈ প্ৰয়াস কৰিব লাগে। নিজে সুখী হ'ম বুলি দৃঢ়তাৰে ভাবিলে আন কোনেও দুখী কৰাব নোৱাৰে, আৰু বিচৰা কিবা এটা নাপালে নিজে দুখী হৈছো বুলি ধৰিলে আন কোনেও সুখী কৰিব নোৱাৰে। তাতেই 'সুখ' নামৰ ধাৰণাটিৰ আধিপত্য।
বৰ্তমানৰ নিৰ্জনতা আৰু নিঃসংগতাত অতীতৰ সুখৰ স্মৃতিবোৰ সোঁৱৰিব জানিলে আৰু ভবিষ্যতৰ বাবে নিজাকৈ কিছু আকাংক্ষিত সপোনৰ ৰামধেনু সাজিব জানিলে, নিজৰ মনেৰে ভাল পোৱা সকলো কাম কৰি গৈ থাকিলে মানুহ কেতিয়াও দুখী হ'ব নোৱাৰে।
গবেষণাত এই কথা পৰিস্ফুট হৈছে যে দুখী অনুভৱ কৰিলে সদায় শিশুৰ সৈতে সময় পাৰ কৰিবলৈ শিকিব লাগে, নিৰীক্ষণ কৰিব লাগে, কেনেকৈ অহৰহ বিভিন্ন কামত নিজক ব্যস্ত ৰাখি নিজৰ মাজতে অন্য এখন পৃথিৱী গঢ়ি ল'ব পাৰি। সুখৰ অনুভূতিয়েই হ'ল জীৱনৰ সবাতোকৈ মধুৰতম অনুভৱ। সুখী হ'বলৈ হ'লে উপভোগ কৰিব পাৰিব লাগিব জীৱনৰ প্ৰতিটো ক্ষণ। আৰু তেতিয়াই সুখী হ'ব পাৰিব পৃথিৱীৰ প্ৰতিজন মানুহ!

ড০ ৰিমঝিম বৰা
অধ্যাপিকা,গড়গাঁও মহাবিদ্যালয়
শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)