নীলা আকাশেৰে সৰগলৈ বাট পোনাইছিলোঁ
মেঘবোৰে বিজুলী ঘনাই মাৰিছিল
সাউদৰ পুতেকেও আনফালে নাওঁ মেলিছিল
একো এটা বিচাৰি নাপাই বাদুলি মৰা
বাটুলিৰে মেঘবোৰ নিকাইছিলোঁ ।
তেজীমলাই লাও হৈ মাহীমাকক বিনাইছিল
ঔ কুঁৱৰীয়ে মাকৰ পিছে পিছে বাগৰিছিল
চম্পাৱতীক মাহ-হালধিৰে নোৱাইছিল
ফুলকোঁৱৰে কাঠৰ ঘোঁৰাত উঠি আহিছিল
সকলোবোৰ মই সৰগৰ পৰাই চাই আছিলোঁ ।
তৰাৰ বেশত মনে বিচৰাজন আহিছিল
লক্ষ তৰাৰ মাজত তেওঁক চিনিবকে পৰা নাছিলো
অভিমান এবুকুৰে তেওঁ আঁতৰি গৈছিল
বুকুত জুই একুৰা জ্বলিছিল বিৰহ-বেদনাৰ
বিশাল শূন্যতাত মোৰ হিয়া-বিননি উলটিছিল ।
✍️ ঋকশিখা কাশ্যপ
নলবাৰী মহাবিদ্যালয়
নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ