ধৰ্ম-প্ৰতুল এচ্ কলিতা

©Admin
0
মোৰ জন্মই বা কিয়?
মোৰ নামৰ অৰ্থই বা ক'ত?
কেতিয়াবা যদি হিন্দু,
কেতিয়াবা মুছলমান
আকৌ কেতিয়াবা 
শিখ,বৌদ্ধ,খ্ৰীষ্টান
আৰু বহুতো ৷
মানৱতাৰ দুৱাৰ,খিৰিকী জপাই
মোৰ আনন্দই বা ক'ত?
কেতিয়াবা হিন্দু গোড়ামীত যদি 
থমকি ৰয় মোৰ সীমনা
আকৌ কেতিয়াবা মুছলমানৰ মাজত ৷
কেতিয়াবা মন্দিৰত,
কেতিয়াবা মছজিদত,
আকৌ কেতিয়াবা গীৰ্জাত ৷
গোড়ামীৰে বান্ধি যেন 
হাড়ে-ছালে লগা 
মোৰ অস্তিত্ব সংকটত ৷
মানৱতাৰ মাজত সৰ্বত্ৰে 
সিচঁৰিত নহৈ 
মই যেন সমাজত আজি 
বহুধা বিভক্ত...৷
মোৰ বাবেই জন্ম হয় 
প্ৰতিদিন ধৰ্মান্ধতাৰ এশটা দল ৷
মোৰ বাবেই...
বিভেদগামী চিন্তাৰে প্ৰতিদিন
আগবাঢ়ে প্ৰতিবাদী সমদল ৷৷৷

✍️প্ৰতুল এচ্ কলিতা
নলবাৰী
                                            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)