আত্মপ্ৰত্যয়~গল্প-বাণীকান্ত লহকৰ

©Admin
0
সিদ্ধান্ত এটাক অধীৰ আগ্ৰহেৰে বুকুৰ উমত লালিত পালিত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিবলৈ মনকে বাৰে বাৰে খাটনি ধৰিছোঁ । বিবেকক ল'ৰা ৰজা হ'বলৈ এৰি নিদি তুলনাৰ তুলাচনীৰে আত্ম প্ৰত্যয় জুখিছো । স্বাৰ্থপৰৰ দৰে বিলম্বিত স্বৰত ৰাগ অনুৰাগৰ ভাটিয়ালী সুৰ ৰসাস্বাদন কৰি, কবিতাৰ দৰে মায়াপী সময়ৰ নিদাৰুণ আহ্বানক জুকিয়াই চাইছো। আত্মপৰ্য্যালোচনাৰে ভৰাই পেলাইছো যুক্তিৰ পিৰামিড । ভৰি থবলৈ ওলোৱা পথৰ দাঁতি কাষৰীয়া অঞ্চলৰ সামগ্ৰিক পৰিস্থিতিৰ বাতাৱৰণত বিলীন কৰিছো উঁইৰ হাফলুৰ মাজত বাছি থকা মইটোৰ আত্মিক তত্ব । বতাহ অনুকুলে বৈ অহা জীৱন ডিঙৰাত বান্ধিবলৈ গুৰি বঠা হাতৰ মুঠিত । জল মলাই থকা কোলাৰ কানুৰ দুগ্ধৰ বাবে ধেনুৰ ডিঙিত পঘা আঁৰি ৰৈ থাকিব বিচৰা গুৱালৰ নিৰ্বাক চাৱনি । হাতত বঠা লৈ নৈ খন পাৰ কৰি দিবলৈ বদ্ধ পৰিকৰ নন্দ । মোৰ বিশ্বাস ,মই ক'লেই সকলো সহজতে সমাধান হ'ব ।বুকুৰ সেউজীয়াত নতুন চুবুৰী সজাই কবৰ দিব বিচাৰোঁ মৰহা অতীত আৰু কানুৰ জন্মদাতাৰ পূৰ্ব সকলো পৰিচয় । মই জানো পুৰুষৰ প্ৰৱল প্ৰত্যয়ৰে প্ৰতিপন্ন কৰিব, নিজানৰ জোন মই লেতুসেতু হৈ পদক্ষিণ কৰিম পুত্ৰ গ্ৰহ সৈতে উজ্বল নক্ষত্ৰৰ , যি মোৰ বাবে সুৰুয। 
এদিন এই সুৰুযো আছিল দূৰণিৰ দিগন্তত হাইতাল বোলেৰে পূৱাকাশৰ মেঘৰ লগত লুকা ভাকু খেলি । স্পষ্টৰ পৰা স্পষ্টতম সোঁৱৰণিৰ তটিনীখনি বৈ আহিছে স্মৃতিৰ পাহাৰৰ পৰা ।
কৰ্মৰ কৰণীয়ৰে ঋণী নেওতাত এদিন সাঙোৰ খাই পৰিছিল এটি অঘৰী প্ৰত্যয় । যাৰ দুবেলা দুমুঠিৰ সন্ধানত দ্ৰুত গতিত চলিছিল তিনিচকীয়া বাহন ৰাইজৰ পৰিবহনৰ ৰূপান্তৰ ।সহজ কথাত অʼটো ৰিক্সা চালক নন্দ আৰু অবলীলা ক্ৰমে যাত্ৰাৰ যাত্ৰীৰ লগত সমমৰ্মিতাত সৌদাৰ্য্যৰে একাকাৰ হৈ এদিন ব্যৱসায়ীৰো অংশীদাৰ হৈ পৰিছিল যি কানুৰ তেজ মঙহৰ আকৃতি প্ৰদত্ত জীয়া তেজৰ লগত । যিয়ে কানুক পৃথিৱীলৈ নমাই আনিছিল এক নিৰ্ভেজাল মায়া সেঁতুৰ বন্ধনেৰে ।পৃথিৱীৰ দৰে সত্য আছিল যাৰ নাম ভুবন ।ভুল কৰি গতি সলোৱা নৈৰ দৰে গতি সলোৱা সময়ে বাধ্য কৰালে শিৰত আঁকি লোৱা দগমগ সেন্দুৰৰ ফোঁটটো মুচি পেলাবলৈ । তেতিয়া হোৱা জয়াল নিশাৰ ভয়াল পৰত এহাতত খামুচি আনখন হাতত মমবাতি লৈ ঈশ্বৰৰ সহায়ৰ বাবে কাতৰ প্ৰাৰ্থনাৰে ভৰাই দিয়া সেই চকু দুটা যিয়ে অভয়ৰ মাৰ্গ প্ৰদৰ্শন কৰিছিল অবলাৰ অবধাৰিত প্ৰাণ গংগাত । বানপানীৰ দৰে উটুৱাই দিয়া উভয়ৰ (নন্দ আৰু ভুৱনৰ যৌথ ব্যৱসায়ৰ)পৰিশ্ৰমৰ সমূলঞ্চি ধনৰ বিনিময়তো ভুবনৰ প্ৰাণ উভোতাই পঠাব নোৱাৰো বুলি ঠিৰাং কৰা ধৰ্ম অৱতাৰৰ ওচৰত বাৰুকৈয়ে লাঞ্চিত হৈ,খালি হাতেৰে ভুবনৰ স্পন্দনহীন শৰীৰটো নৱগ্ৰহৰ উত্তপ্ত জুইৰ মাজত সপি দি নিয়তিৰ ওচৰত পৰাজয় মানিলো।
দুখে দুৱাৰ ভাঙি বৰ ঘৰ সোমাই ৰান্ধনীশালৰ ধোঁৱাকো অৱৰুদ্ধ কৰিব বিচোৰাতে আকৌ নন্দৰ দ্ৰুতগতিৰ তিনিচকীয়াৰ ধূলিৰ ওৰপাকেৰে ৰান্ধনীগৃহলৈ সোমাই আহিছিল বগা ভাত ।
আধৰুৱা কামৰ অংশীদাৰিনীৰে আকৌ মাতিব পৰা হলো নতুন নতুন অংক । গণিব পৰা হ'লো জটিল অংক । যিখন স্কুলৰ প্ৰধান শিক্ষক নন্দ । এখন অস্পষ্ট অথচ ডাঠ আৱৰণেৰে সমাজে বান্ধি পেলালে দুটা অজলা মন । কোনো কেৰোন অথবা বিভ্ৰান্তিৰ জখলাৰে উঠা নমা কৰা নাই অপাপ চিত্ত । নিতান্ত বাধ্য বাধকতাত ডিঙিত আঁৰি লোৱা কলা সূতাৰ মাদুলীৰ দৰে ঘৰৰ একোনত থিতাপি ললে ব্যৱসায়ীৰ অংশীদাৰ নন্দ । সিপাৰলৈ যাৱলৈ উদগ্ৰীৱ হৈ থকা ভুবনৰ দুই হাতত হাত গুজি ,চকুত চকু থৈ আৰু প্ৰাণত দিয়া অভয়ৰ প্ৰতিশ্ৰুতিৰ পৰিণতিত।চাৰিওফালৰ ঠাণ্ডা অথবা গৰম হাৱা যাতে ঘৰৰ হোদত প্ৰৱেশ কৰিব নোৱাৰে,হাতত তিনি বেটাৰী চুঙা চাকি লৈ হৈ পৰিল এক প্ৰকাৰ ৰাতিৰ চকীদাৰ।মোৰ বাবে মন আৰু ধনৰ সকলো প্ৰয়োজনতে হাততে ঢুকি পোৱা ৰিজাৰ্ভ বেংক । যাৰ চকুৰ দৃষ্টি কেতিয়াও হেৰুৱা নাই তেওঁ পাৱাৰ গ্লাচ নিপিন্ধাৰ দৰে নন্দৰ মনত কোনো জনমৰ কোনো এলান্ধু অলপো নাছিল ।
মাকবোৰ সন্তানৰ প্ৰিয় বন্ধুৰ লগতে পৰামৰ্শদাতা শুভাকাংক্ষী আৰু সুচিন্তক হোৱা বাবেই মা কিৰণৰ আগমণে কম্পনৰ সৃষ্টি কৰিছিল হৃদয়ৰ নিভৃত তলীত । চকুত আঙুলি দি কাণত বতাহৰ উমান দি উৰাই ঘূৰাই দেখুৱাইছিল ক্ৰমে ক্ৰমে দুষিত হ'ব ধৰা আশ-পাশৰ বায়ু । বৃক্ষৰোপনে নিৰ্মূল কৰা প্ৰাকৃতিক প্ৰদূষণৰ দৰে মাই মুকলি কৰি দিয়া চকুৰে নতুনকৈ চাবলৈ শিকিলো পৃথিৱী ।ভালদৰেই দৃষ্টিগোচৰ হ'ল ক্ৰমে ক্ৰমে পোহৰ তাপ আৰু ৰশ্মি দি গা গছৰে সেউজীয়া কৰা ,মই মৰি যোৱা গছ ডালিৰ সুৰুযটো আচলতে ক'ত! এইপিনে বোকাত লুতুৰি পুতুৰিকৈ পুতি মুখ চিনিব নোৱাৰা কৰা আৰু সৰ্বাঙ্গতে বোকা মাৰিবলৈ উদ্যত হোৱা হাত কেইখন চিনি পোৱা মাত্ৰকে সংকল্প বদ্ধ হ'লো । সুৰুয এটা এনেকৈ মৰি যাব দিব নোৱাৰি কোনো গ্ৰহণত পৰি ।মই নিজেই ওচৰ চাপি যাৱ লাগিব আৰু উদ্ধাৰ কৰিম এখন নতুন সমাজ ।মাটিৰ দেৱতা নন্দক মই জানো পূজাৰ বাবে যোগ্য নহও ?

✍️ বাণীকান্ত লহকৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)