আমি এতিয়া ৰৈ থাকিলে নহ'ব~চিন্তন-মানস প্ৰতীম মালী

©Admin
0
এতিয়া গোটেই বিশ্বতে কৰোণা মহামাৰীয়ে আতংকৰ সৃষ্টি কৰিছে । যাৰ ফলত আমাৰ দৰে সাধৰণ মানুহবোৰৰ বহু সমস্যাৰ সৃষ্টি হৈছে । বহু লোক এতিয়া নিৰাশাত ভুগি আছে । কামলৈ যাব নোৱাৰাৰ ফলত সাধাৰণভাৱে জীৱন যাপন কৰিবলৈ বহু কষ্টকৰ হৈ পৰিছে । তথাপিও আমি ধৈৰ্য্য ধৰিব লাগিব , কাৰণ কিবা কৰাৰ আগতে আমি নিজকে কৰোণা মহামাৰীৰ পৰা বচাব লাগিব । লগতে আমি আত্মনিৰ্ভৰশীল হ'ব লাগিব । এই কৰোণাৰ সময়ত কামৰ পৰা খেদি দিয়া বুলি ভাবি আমি কাম নকৰাকৈ থাকিলে নহ'ব । " ভগৱানে হেনো কোনো কামৰ এখন দুৱাৰ বন্ধ হৈ গলে আন এখন দুৱাৰ খুলি দিয়ে " গতিকে কৰিম বুলি ভাবিলে কৰিব পৰা কাম বহুত আছে । আমি খেতি কৰিব পাৰো , আজিকালি প্ৰায় খেতিয়ক শিক্ষিত , গতিকে আমি শিক্ষিত হ'লে উন্নত মানদণ্ডৰ খেতি কৰি নিজৰ লগতে আন দুই/তিনিজন মানুহকো এই সংকটৰ সময়ত কামত নিয়োগ কৰিব পাৰোঁ । যাৰ ফলত আমি আমাৰ পৰিয়ালৰ লগতে আনকো সংস্থাপন দিব পাৰো ।।
         আমি বাঁহ-বেতৰ কাম কৰিব পাৰো , আজিকালি বাঁহ-বেতৰ কাম কৰা মানুহৰ সংখ্যাও কমি আহিছে । ভাল কামক মানুহে এনেও আদৰ কৰে । আমাৰ অসমত বহু বেলেগ বেলেগ ধৰণৰ প্ৰতিভা আছে । মাথো আমি সেই প্ৰতিভাবোৰক আমাৰ মাজৰ পৰা উলিয়াই আনি ভাল ভাল কামসমূহত নিয়োগ কৰিব লাগে । মানুহৰ জীৱনত দুখ থাকেই , কাৰণ এই দুখবোৰ নাথাকিলে সুখ মানে কি আমি বুজিয়েই নাপালো হেঁতেন । আমি নিজেই নিজকে আমাৰ কামেৰে প্ৰতিষ্ঠা কৰিবৰ হ'ল ।। চেষ্টাৰ অসাধ্য একো নাই , গতিকে আমিও কৰ্ম কৰিব লাগিব , হয়তো প্ৰথমাৱস্থাত সেই কৰ্মত হাৰিব পাৰো কিন্তু এদিন নিশ্চয় সফল হম ।
আৰু এতিয়াৰ পৰাই সেই সফলতাই আমাৰ জীৱনৰ মূল লক্ষ্য হোৱা উচিত । আমি জীৱনত টকাৰ পাছত নহয় , সফলতাৰ পাছতহে দৌৰিব লাগে কাৰণ আমি সফলতা অৰ্জন কৰাৰ পাছত টকা আৰু আৰু সন্মান এনেও আমাৰ নিচেই 
কাষতে থাকিব ।।

✍️মানস প্ৰতীম মালী
ৰবিহাট, মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)