মহামনিষীৰ গাথাঁ-সান্নিধ্য শইকীয়া

©Admin
0
হে মহানায়ক ক'ত গ'লা আজি
আমাক নিঠৰুৱা কৰি
আহিবানে আকৌ আমাৰ কাষলৈ
তুমি আছিলা বৰ অসম নিৰ্মাতা অনন্ত প্ৰহৰী
চাংনেউ(পিতা) আৰু নাংমুঙ(মাতৃ) ৰ পুত্ৰ ৰূপে
১১৮৯ খৃষ্টাব্দত জন্ম লৈ ৰাজকোঁৱৰ হোৱাৰ বাবে
ল'লা সকলো বিদ্যা লগতে বৌদ্ধধৰ্মৰ পঞ্চমশীল নীতিৰ জ্ঞান
তুমি শান্তি প্ৰিয় এখন শান্তিজগতৰ
নতুন দেশ গঠনৰ সপোন দেখিও লায় আহিল 
এনেদৰে আহি ১২১৫ খৃষ্টাব্দত
মণিপুৰ আৰু কাছাৰত প্ৰথম অধিকাৰে
১২২৮ খৃষ্টাব্দত আঘোণ মাহৰ ১৬ তাৰিখে
বুঢ়ীদিহিংঙে উজাই আহি প্ৰথম ৰাজধানী
খামজাংত পাতিছিল আৰু দ্বিতীয় ৰাজধানী
নামৰূপত পাতিছিল যদিও প্ৰায় দুবছৰ পিছত
স্থায়ীভাবে ৰাজধানী পাতে চৰাইদেউত
টাই মংগোলীয় ভাষা-কৃষ্টি-সংস্কৃতিৰ লগতে
থলুৱা ভাষা-কৃষ্টি-সংস্কৃতি সমন্বয় ঘটায়
আৰু টাই ভাষাৰ ঠাইত এক নতুন সমন্বয় ভাষাক
"অসমীয়া ভাষা" ৰূপ দি কৰিলা ৰাজকীয় ভাষা
এই বৰ অসম বসবাস কৰা মৰাণ, বৰাহী, নগা
চুতীয়া আদি সকলো জাতি-জনগোষ্ঠী মাজত
পৰম্পৰা একতা কৰি বিভিন্ন উপাধি কৰিলা সৃষ্টি
যাৰ ফলত এই বৰ অসমত শইকীয়া, বৰা,বৰুৱা
হাজৰিকা আদি নানান উপাধি কৰিলা সৃষ্টি
তুমি বৰ অসম প্ৰতিষ্ঠা কৰি ৩৯ বছৰ ৪মাহ ১৫ দিন ৰাজত্ব কৰি ১২৬৮ খৃষ্টাব্দত এই ধৰাৰ পৰা
চিৰদিনৰ বাবে গুচি গ'লা আৰু আহোম,, ৰাজবংশই ৬০০ বছৰ ৰাজত্ব কৰিছিল যদিও,,
বিনা ৰক্তৰে "সাতৰাজ মাৰি একৰাজ" গঢ়া,,
চাওলুং চুকাফাই হ'ল এইবৰ অসম আৰু,, অসমীয়াৰ পিতৃ স্বৰূপ আৰু অসমীয়া জাতিৰ জনক।।

✍️সান্নিধ্য শইকীয়া
শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)