তুমি কিয় এনে কৰিলা ০২~ উপন্যাস- সঞ্জীত দাস

©Admin
0
ৰাতি ডিনাৰ কৰি উঠি মই বিচনাত উঠিলো। মায়ে আহি মোৰ ৰুমৰ লাইট অফ কৰি ক'লে- 
: বাবা বেছি ৰাতিলৈ নাথাকিবি কালি কলেজ যাব লাগিব। সোনকাল শুই থাক এতিয়া। 
: হ'ব দিয়া মা। 
মই মাক তেনেকে কৈ মোৱাইলটো চাৰ্জৰ পৰা উলিয়াই ল'লো। মা মোৰ ৰুমৰ পৰা গ'ল গৈ। মই মোৱাইল চাই দেখিলো সাত টা মিছকল। মই কল লিষ্টত গৈ চাই দেখিলো। আটাইবোৰ মোৰ লগৰ ল'ৰা মনোজৰ। মনোজ আৰু মই একেলগে পঢ়া আমি হোষ্টলত একেলগে থাকোঁ। তাৰ ঘৰ ডিব্ৰুগড় চহৰত। আমাৰ দৰে গাওঁত নহয় তাৰ ঘৰ। মাক দেউতাক আৰু ভনীয়েকৰ সৈতে চাৰিজনীয়া পৰিয়াল সিহঁতৰ। চহৰীয়া ল'ৰা হ'লেওঁ সি কিন্তু গাওঁৰ পৰিবেশ বহুত ভাল পায়। এই বাৰ সি আহিছিল মাঘৰ বিহুত আমাৰ গাওঁলৈ। বহাগ বিহুতো অহাৰ কথা আছিল আইতাক ঢুকোৱাৰ বাবে আহিব নোৱাৰিলে। আজি বহাগৰ কিমান তাৰিখ বাৰু?? বিহু গ'লহি দেখোন!!বাৰু মনোজক এবাৰ ফোনটো কৰি লওঁ। কালি কলেজ আছে নে নাই কম্ফ্ৰম নহয় মই। যদি কালি কলেজ বন্ধ হয় তেতিয়া হোষ্টল নোখোলে। মই তাক ফোন কৰিলো। তাক ফোন কৰাৰ লগে লগে বিজি পালো। মই ফোন কাটি দুই মিনিট মান পাছত আকৌ ফোন কৰিলো। আকৌ বিজি সি। মই এই বাৰ ফোনটো থৈ টেবুলৰ পৰা ডায়েৰিখন লৈ গানৰ লিৰিচ এটা লিখিব ল'লো। ভাল লিৰিকচ মনলৈ অহা নাই মোৰ। ডায়েৰিখন আৰু কলমটো লিৰিকি বিদাৰি ভাবি থাকোতে মনোজে ফোন কৰিলে। মই ফোনটো ধৰি ক'লো--
: গাৰ্ল ফ্ৰেণ্ড হ'ল নেকি? ইমান বিজি থাকা যে তই আজি-কালি। 
মোৰ কথা শুনি সি হাঁহি দিলে আৰু ক'লে 
: তোক মই ক'বলৈ পাহৰিছিলো। আজি কেইদিন মান আগতে কজিৰঙা গৈছিলো...
মই তাৰ কথাখিনি শেষ কৰিব নিদিলো এ 
মই চিঞৰি উঠিলো " ও মাই গ'ড কাজিৰঙা" বুলি। মোৰ চিঞৰ শুনি মাই মোক ক'লে 
: বাবা তই শুৱা নাই নেকি? শুই থাক ? কোনে ফোন কৰিছে।
মাই সুধিলে। 
: মনোজ মা। মই ক'লো। মাই আৰু মোক একো নক'লে। 
মই মনোজক ক'লো 
: তই কাজিৰঙা কিয় গৈছিলি। 
: তোক কৈ আছোঁ তই দেখোন নুশুনাই।
: দে ক'। 
: উম ... শুন। সেই দিনা খুড়াহতঁৰ দাদাৰ লগত কাজিৰঙা গৈছিলো। বহুত জীৱ-জন্তু দেখি মই আনন্দত মতলীয়া হৈ পৰিছিলো। বহুত ভাল লাগিছিল জানা সেই দিনাখন। বাঘ, ভালুক, হাতী, ঘোৰা আৰু এটা বস্তু দেখিলো। 
মই অতি আগ্ৰহেৰে সুধিলো তাক 
: কি বস্তু। 
সি মোক কৈ গ'ল।
: আমাৰ অসম গৌৰৱ এশিঙিয়া গড় এটা দেখিলো। 
মই ক'লো 
: গড়টোৰ ফোটো নকৰিলি নেকি তই। 
সি মোৰ কথাত বাধা দি ক'লে
: মই কৈ আছো ৰ' । মই গড়টো দেখি ফোটো এখন উঠাবলৈ কেমেৰাটো লওঁতে কাষত এজনী ছোৱালী আহি মোৰ কেমেৰাত উঠিল। গড়টোৰ সৈতে কেইবাখনো ফোটো কেমেৰাত বন্দি হ'ল। মই কেমেৰা মৰা দেখি ছোৱালীজনী মোৰ ওচৰলৈ আহিল ...আৰু। 
আৰু বুলি কৈ সি ৰৈ গ'ল। মই তাৰ কথাখিনি সম্পূৰ্ণ কৰাৰ প্ৰয়াসৰে তাক ক'লো 
: তাৰপিছত কি হ'ল।
সি কৈ গ'ল
: তাৰপিছত মোক ছোৱালীজনীয়ে গালি পাৰি গুছি গ'ল। 
মই তাৰ কথা শুনি নাহাঁহি থাকিব নোৱাৰিলো। হাঁহি হাঁহি মই ক'লো তাৰ পিছত কি হ'ল? 
সি মোৰ হাঁহি থকাত অলপ অভিমানেৰে ক'লে 
: হ'ব ইমানকৈ হাঁহিব নালাগে তই। 
মই তেতিয়া তাক ক'লো
: বাৰু, নাহাঁহো। তাৰপিছত ছোৱালীজনীৰ লগত কি হ'ল তোৰ। 
সি আকৌ কৈ গ'ল
: কাজিৰঙাৰ পৰা অহা দুদিন পিছত মই ফেচবুক চাই আছিলো এনেতে ছোৱালীজনীক দেখিলো, লগে লগে মই request পঠালো। তাই request accept কৰিলে তাৰপিছত তাইৰ লগত মেছেজ কৰিলো, চিনাকি হ'লো। মোক তাই নম্বৰটো খুজিলে, মই দিলো। আৰু আজি তই মোক বিজি পাইছ'। 
তাৰ কথা শুনি মই ক'লো
: বাৰু তই কালি কলেজ আহিবি নে নাই। 
: মই কালি সন্ধিয়াকৈ ট্ৰেইনত উঠিম। তই কালি আহিবি নেকি। 
সি মোক সুধিলে।
মই ক'লো 
: নাই যাম বুলি ভাবিছিলো কিন্তু তই কালিয়েই টো আহি নোপোৱা।
: উম হয় কালি গ'লে পৰহি ৰাতিপুৱা পাম , তয়ো পৰহি আহিবি। তেতিয়া হ'লে হ'ব দে এতিয়া ৰাখিছো। সি ফোনটো কাটি দিলে।

        মই ঘড়িটোৰ ফালে চালো , এঘাৰ বাজিল। ফেচবুকটো আকৌ এবাৰ অন কৰি চাৰ্জ কৰিলো ,,কবিতা ডেকা, দেখিলো accept কৰা নাই এতিয়াও। মই মেছেজ এটাকে দিওঁ নেকি? নাই, আগতে মেছেজ কৰিলে মোক accept নকৰিব পাৰে চাগৈ। মই কথাবোৰ ভাবি ভাবি টোপনি গ'লো।

আগলৈ......
 
✍ সঞ্জীত দাস 
পাটাছাৰকুছি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)