প্ৰতিবন্ধী আৰু বৈজ্ঞানিক মানসিকতা~বাৰ্তা- হেমেন হাজৰিকা

©Admin
0
আমি সকলোৱে জানো প্ৰতি বছৰৰ ডিচেম্বৰ মাহৰ তিনি তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব প্ৰতিবন্ধী দিৱস হিচাবে পালন কৰা হয় | এই দিনটো প্ৰতিবন্ধীসকলৰ বাবে বিশেষ দিন | প্ৰাপ্ত তথ্যমতে সমগ্ৰ বিশ্বতে প্ৰায় 93ৰ পৰা 150 মিলিয়ন প্ৰতিবন্ধী শিশু আছে | আজি কালি প্ৰতিবন্ধী শব্দটো সৰলীকৃত কৰি বিশেষ ভাৱে সক্ষম শিশু বুলি কোৱা হৈছে | সেই অনুসৰি আমাৰ অসমত প্ৰায় 81782 জন আৰু কামৰূপ জিলাত 2148 গৰাকী প্ৰতিবন্ধী শিশু আছে | এই পৰিসংখ্যাৰ কিছু হীন-দেঢ়ি হ'ব পাৰে | এই শিশুখিনিক দিব্যাংগ বুলিও কয় | এতিয়া প্ৰশ্ন হ'ব পাৰে প্ৰতিবন্ধী অথবা দিব্যাংগ কাক কয় | তাৰ উত্তৰত আমি ক'ব লাগিব যে যিবোৰ শিশু আমাৰ সাধাৰণ শিশুতকৈ অলপ অসাধাৰণ হয় তেনেবোৰ শিশুৱেই দিব্যাংগ অথবা প্ৰতিবন্ধী নাইবা বিশেষভাবে সক্ষম শিশু | এনেধৰনৰ প্ৰতিবন্ধী ২১ ধৰণৰ হয় | শাৰিৰীক মানসিক বৌদ্ধিক আৰু বহুমুখী প্ৰতিবন্ধী হ'ব পাৰে | এতিয়া কথা হ'ল প্ৰকিবন্ধীসকলৰ ক্ষেত্ৰত আমি মানসিকভাৱে কিমান চহকী | আমি বাৰু আঁতৰি আহিব পাৰিছোনে সেই অন্ধ কু-সংস্কাৰৰ পৰা | পাৰিছোনে আঁকোৱালি ল'ব আজিৰ বৈজ্ঞানিক মানসিকতাক | পুৱাতে গা-পা ধুই , খাই বৈ কামলৈ বুলি ওলাই গৈ ৰাস্তাতে এজন দিব্যাংগ লোকক দেখা পালে দেখা পালে মনটো কেনেকুৱা লাগিব ? মনতে ভোৰভোৰাই ঘৰলৈ এবাৰ ঘূৰি আহি , দিনটো অথলে গ'ল বুলি পানী এগিলাচ খাই পুনৰ ওলাই যাম | আমি বাৰু ভাবি চাওনে কিহৰ বিসংগতিৰ বাবে তেনে অৱস্থা হৈছে ? পাৰিম নে তেওঁৰ প্ৰতি সহমৰ্মিতা দেখুৱাব ? এজন সাধাৰণ মানুহ দেখিলে দিব্যাংগজনে অন্তৰত কেনে অনুভৱ কৰে আমি বাৰু ভাবি চাওঁনে ? এজন দিব্যংগ লোকে নিজৰ চেষ্টাৰ ফলত কিমান ওপৰলৈ যাব পাৰে তাৰ অলেখ উদাহৰণ আছে | হেলেন কেলাৰ , ষ্টিফেন হকিং , মুনিবা মাজাৰি আদি তেনে বিখ্যাত আৰু সৰ্বজন প্ৰিয় , সৰ্বসমাদৃত দিব্যাংগ ব্যক্তি | নিজৰ সবল মনোবল থাকিলে বহু সাধাৰণ মানুহকো চেৰ পেলাই সমাজৰ শীৰ্ষ স্থান দখল কৰিব পাৰে | কেৱল আমাৰ পৰা লাগে সহযোগিতা | আমি ভাবিব পাৰিব লাগিব এয়া এক ভাইৰাচজনিত শাৰিৰীক বিসংগতিহে আন একো নহয় | তেওঁলোকৰো আমাৰ দৰে আগবাঢ়ি যোৱাৰ মানসিকতা আছে | উপযুক্ত সময়ত উপযুক্ত চিকিৎসা পালে তেওঁলোক যে সুস্থ হৈ উঠিব পাৰে তাৰ অলেখ উদাহৰণ ওলাব | তাৰ বাবেই তেওঁলোকৰ মাজত লুকাই থকা শুপ্ত প্ৰতিভাক স্বীকৃতি দিবৰ বাবে প্ৰতি বছৰৰ 3 ডিচেম্বৰ তাৰিখটো তেওঁলোকৰ নামত উচৰ্গা কৰি বিশ্ব প্ৰতিবন্ধী দিৱস পালন কৰা হয় | পাকিস্তানৰ এগৰাকী দিব্যাংগ মহিলা মুনিবা মাজাৰি | বালুচ সম্প্ৰদায়ৰ এগৰাকী মহিলা যিয়ে বিবাহৰ পিছত স্বামীৰ সৈতে নিজা বাহনেৰে ফুৰিবলৈ ওলাই যাওঁতে এটা পথ দুৰ্ঘটনাত পতিত হৈ বুকুৰ কামিহাড়, হাত আৰু কান্ধৰ হাড়, ককালৰ হাড় আদি ভাঙি টুকুৰা টুকুৰা হৈছিল | যাৰ জীয়াই থকাৰ সম্ভাৱনা নিৰ্বাপিত হৈছিল | ককালৰ তলৰখিনি পক্ষাঘাত হৈ হুইল চেয়াৰৰ আশ্ৰয় ল'ব লগা হৈছিল তাৰোপৰি স্বামীৰ পৰা বিচ্ছেদও হ'ব লগা হৈছিল | নিজৰ মনোবল আৰু প্ৰেৰণাৰ ফলত মুনিব মাজাৰি আজিৰ দিনটোত সকলো দিব্যাংগ তথা প্ৰতিবন্ধী বা বিশেষভাবে সক্ষম লোকৰ বাবে প্ৰেৰণাৰ সম্বল | হুইল চেয়াৰত বহি নতুন জীৱন আৰম্ভ কৰা এই গৰাকী মহিলা মাকৰ চেষ্টাৰ ফলত নিজৰ দৃঢ় মনোবলৰ ফলত আজি কেৱাটাও উন্নত দামী কোম্পানীৰ ব্ৰেণ্ড এম্বাচাদৰ , ৰেডিঅ কেন্দ্ৰৰ ঘোষিকা আৰু বহু কিবা কিবি | গতিকে বিয়াৰ পিছত স্বামীৰ দ্বাৰা বিচ্ছেদিত হৈ , স্বামীৰ দ্বিতীয় বিবাহৰ খবৰ পাই নতুন জীৱনলৈ স্বামীক স্বীগতম জনাই আজি নিজৰ একান্ত চেষ্টা আৰু গৃঢ় মনেবলৰ ফলত মুনিবা আজি জিলিকি উঠিছে বিশ্বৰ বুকুত | এইগৰাকী বিদূষী মহিলালৈ অসমীয়া সাহিত্যৰ চানেকি দৈনিক ই আলেচনীৰ মজিয়াৰ পৰা অভিনন্দন জনাইছোঁ |
  সেয়া মাথো এক উদাহৰণহ | গতিকে আজি আমি আমাৰ বিদ্যালয়সমূহত যিসমূহ দিব্যাংগ শিশু পাওঁ তেওঁলোকক অবহেলা নকৰি জীয়াই থাকি জীয়াই ৰাখিবলৈ প্ৰৰণা দিওঁ | সেই কৌটিকলীয়া অন্ধবিশ্বাস আতঁৰাই সিহঁতকো উচাহ প্ৰেৰণা দিওঁ | যাতে সিহঁতেও হেলেন কেলাৰ , ষ্টিফেন হকিং আৰু মুনিবা মাজাৰি হৈ জিলিকি উঠে |
   চৰকাৰে তেনেবোৰ শিশুৰ বাবে সহায়ক হিচাবে  Tri-cycle,  wheel-chair,  Rottar,  class oxsila C. P Chair খেল ধেমালিৰ কীট আদি যোগান ধৰিছে | সেইবোৰ যথোপযুক্তভাবে সিহঁতক প্ৰদান কৰি সিহঁতৰ উত্তৰোত্তৰ কামনা কৰিলেহে প্ৰতিবন্ধী দিৱস পালনৰ সাৰ্থকতা থাকিব | 
   অন্যথা টকা পইচা খৰচ কৰি আনক দেখুৱাই বাহ্ বাহ্ লৈ সেইদিনটোৰ পাছত ৰাষ্টাত এজন দিব্যাংগ দেখিলে নাক কোঁচাই আঁতৰি গলে তাৰ ওলোটা ফালহে হ'ব ।গতিকে আমি সকলোৱে বৈজ্ঞানিক মানসিতাৰে সিহঁতৰ প্ৰতি সহমৰ্মিতা দেখুৱাই এই দিৱস পালনৰ সফলতাত অৰিহনা যোগাওঁ ।

হেমেন হাজৰিকা
✍️মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)