হৃদয়-শিখামনি বৰুৱা

©Admin
0
ক'ত হেৰাল মোৰ শত সহস্ৰ সপোন 
আজিৰ যান্ত্ৰিকতাত সেই 
ভাৱনা হল মষিমূৰ ।
হৈ পৰিল আমাৰ হৃদয়বোৰ মাথোঁ 
একোখন বজাৰ 
য'ত বিক্ৰী হ'ল 
বিশ্বাস , মানৱতা আৰু সততা।
ক'ত গ'ল সেই ভাৱনা মোৰ
য'ত শিকিছিলো ভাল পাবলৈ মানৱক 
এতিয়া...
মাথোঁ খোৱা-বোৱাত ব্যস্ততাৰ
কিয় এই প্ৰতিযোগিতা ? 
কাৰ বাবে ?
এই প্ৰতিযোগিতাৰ অন্ত ক'ত ? কেতিয়া ? 
হয়তো শেষ ক্ষণত
তেতিয়া বাৰু 
বিচাৰি পামনে হেৰুৱা সেই 
মানৱতাৰ অমূল্য সম্পদ ?
আজিৰ এই সন্ধিক্ষণ বিচাৰি 
হাহাকাৰ লাগিছে মোৰ , 
যান্ত্ৰিকতাত বিধ্বস্ত হোৱা হৃদয়ত ।।

✍🏻শিখামনি বৰুৱা 
ডিব্ৰুগড়, চৌকি ডিঙি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)