প্ৰত্যুৎপন্নমতি~গল্প- বাণীকান্ত লহকৰ

©Admin
0
 গাড়ীখন স্কুলৰ চৌহদৰ সম্মুখত ৰাখোঁতেই তাৰ মন চোবালে। সি চকুৰ প্ৰচাৰতে গৈ কাৰ্যালয়ৰ তালাটো খুলি হাতত লওতেই গাড়ীখনৰ পৰা নামি অহা ভদ্ৰলোকজনে সি কি কৰিছে জানিব বিচাৰিলে । সি যিহেতু স্কুলৰ চকীদাৰ গতিকে কাৰ্যালয় বন্ধ কৰিব বিচাৰিছে বুলি জনোৱাত ভদ্ৰলোক জনে আজি স্কুলত শিক্ষকৰ উপস্থিতিৰ কথা সুধিলে ।
সি ইতিমধ্যে বুজি পালে মানুহজন স্কুল পৰিদৰ্শক আৰু আজিৰ তাৰিখত বন্ধ অসফল কৰি চৰকাৰী নিৰ্দেশমতে শিক্ষক সমূহ উপস্থিত আছেনে নাই পৰীক্ষা কৰিব আহিছে । সি লগে লগে প্ৰত্যুৎপন্নমতিতাৰে উত্তৰ দিলে যে সকলো শিক্ষক স্কুললৈ আহিছিল কিন্তু এজনো ছাত্ৰ উপস্থিত নোহোৱা বাবে শিক্ষক সকল এইমাত্ৰ ঘৰলৈ গ'ল ।
এইবাৰ পৰিদৰ্শক জনে শিক্ষক সকলে চহী কৰা বহীখন চাব বিচৰাত সি কাৰ্য্যালয়ৰ ভিতৰত এনেয়ে বহীখন বিচৰাৰ অভিনয় কৰিলে কাৰণ সি জানে আজি কোনো এজনো শিক্ষক স্কুললৈ অহা নাই ।গতিকে ৰেজিষ্টাৰখন দিয়াৰ প্ৰশ্নই নাহে । ৰেজিষ্টাৰখন দেখুৱালে সকলোৰে চাকৰি যাব পাৰে । যিখন ৰেজিষ্টাৰ মেজৰ ওপৰত পৰি আছিল তাক কৌশলেৰে লুকাই পৰিদৰ্শকক অৱগত কৰিলে যে প্ৰধান শিক্ষকে বহীখন আলমাৰীৰ ভিতৰত তলা মাৰি থৈ গৈছে । পৰিদৰ্শকে যাবৰ সময়ত তাক কৈ গ'ল যে সি যেন প্ৰধান শিক্ষকৰ পৰা ছাবি আনি ৰেজিষ্টাৰখন লৈ আজিয়ে তেওঁৰ কাৰ্যালয়লৈ যায় ।
পৰিদৰ্শক যোৱাৰ পিছতে সি এফালৰ পৰা শিক্ষকৰ ঘৰে ঘৰে গৈ চহীবোৰ সংগ্ৰহ কৰিলে আৰু কম সময়ৰ ভিতৰত গৈ পৰিদৰ্শকৰ কাৰ্যালয়ত গৈ বহীখন জমা দি প্ৰত্যেকজন শিক্ষককে বচালে ।

✍️বাণীকান্ত লহকৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)