স্বস্ত্যয়ন-ছফিক্ উজ জামান(দুলাল)

©Admin
0
লোকৰ মুখত
শুনিছোঁ বহুবাৰ 
ভাল
ঘৰখন আমাৰ
আজোককাৰ দিনৰ পৰাই
ককাদেউতা-দেউতা
ভাই-ভনীৰ 
প্রীতিৰ জোৰায়
ঘৰৰ চাল-বেৰ মজবুত 

দেউতাৰ পিছত 
এতিয়া
ঘৰৰ মুখিয়াল মই -
মোৰ ল'ৰা-ছোৱালী কেইটা 
কিবা যেন 
উতনুৱা হ'ল :
বৰ ল'ৰাটোৱে
বাহিৰৰ জোনৰ পোহৰ চাই
ঘৰতে শুই শুই চাম বুলি
চাল ল'লে ফুটাই
চকুচৰহাৰ অভাৱ নাই 
মাজুটোৱে আকৌ
কাৰ বা বুধিপাই
বেৰ ভাঙি ল'লে-
তাকো হেনো দুৱাৰ লাগে

জ্বৰত কঁপা ছোৱালীজনী 
চুকত থকা ল'ৰাটোৰ 
কাষত শুম বোলোতে
সি লগালে কাজিয়া-
এটাক বুজাওঁতেই আনটো লৰে
অকণ যে নিৰৱে জিৰাবা
সেই কণ
ক'তনো পাবা
নিগনি কেইটাই চাবা
ফুৰিছে টিঘিলঘিলাই

ৰাতিৰ এন্ধাৰত ভগাবেৰে
সোমাব খোজা চোৰ 
খেদিব যাওঁতে
আৰম্ভ হ'ল 
প্ৰচণ্ড শিল-বৰষুণ
হুৰমুৰাই দৌৰিলোঁ
চালৰ ফুটা বাতিবলে -
পোনাকেইটাই সৃষ্ট 
সুৰুঙাই মোক
বাটিয়ে বাটিয়ে জোল খুৱালে

বুজামনো কিমান-
মোৰ পিছত
তহঁতৰে কোনোবাই
চম্ভালিবি যে ঘৰখন 

✍🏻ছফিক্ উজ জামান(দুলাল)
গোসাঁইডুবি, গোৱালপাৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)