সৈনিকৰ দুৰ্গা পূজা~গল্প-সুস্মিতা দেৱী

©Admin
0
              আজি নৱমী পূজা!! হাজাৰ হাজাৰ মানুহৰ ভিৰ!! পূজা চোৱাৰ হেঁপাহ!! কাৰোবাৰ পূজা চোৱাৰ চখ,দেৱীৰ আশীষ লোৱাৰ ইচ্ছা, কাৰোবাৰ লগৰ লগৰীয়াৰ লগত একেলগে ফুৰাৰ চখ!! কাৰোবাৰ আকৌ মনৰ মানুহজন আৰু মানুহজনীৰ লগত হাতত হাত ধৰি পূজাৰ চলেৰে কিছু মধুৰ স্মৃতি গঢ়াৰ চখ!! কোনোবা দম্পতিয়ে দৈনন্দিন দায়িত্বৰ পৰা আঁতৰি পূজাৰ জৰিয়তে পতি বা পত্নীৰ সৈতে একান্তই ব্যক্তিগতভাবে মনৰ কথা পাতে,, দেৱী মাৰ আশীৰ্বাদ লয়!! 
                  মণ্ডপৰ কাষত ৰৈ থকা চাৰি জন চি.আৰ.পি.এফ ৰ জোৱানৰ ভিতৰত তেত্রিশ বছৰীয়া ৰিতুল যেন এখন বেলেগ পৃথিৱীত বিচৰণ কৰি আছে।। তেওঁক দেখি আন তিনি জন জোৱানেও দুচকুৰে হাঁহি আশ্বাস দিছে।। বুকুত এক অদ্ভূত কঁপনি আছে আজি ৰিতুলৰ।। ভাবি থাকোতেই ৰিতুলৰ মনটো আজিৰ পৰা সাত বছৰৰ আগৰ দিনলৈ উৰি গ'ল-----
               দিল্লী ৰ এখন ভিতৰুৱা গাওঁ ভেলি।। চফল ডেকা ৰিতুল আৰু উনৈশ বছৰীয়া চঞ্চল গাভৰু সন্তোষী দুয়ো প্ৰেমৰ নাঁওত ডুবি হাবু ডুবু খাইছে।। এই প্ৰেম স্কুলীয়া দিনত হাফ পেডেল মাৰি মাৰি চাইকেলৰ টিলিং বজায় ৰিতুলে সন্তোষীক জোকোৱা দিনৰে।। চাইকেলৰ কেৰিয়াৰত বহাই হেলিকপ্টাৰৰ স্পীডত উৰুৱাই নিয়া দিনৰে এই ভালপোৱা।। 
                  সন্তোষী হ'ল ধনী মৌজাদাৰৰ একমাত্র জীয়ৰী আৰু ৰিতুল আছিল গাঁৱৰ মূৰৰ গেলামাল দোকানী মুকেশৰ পুতেক।। সৰুতে যদিও ল'ৰা ধেমালি বুলি মৌজাদাৰে আওকাণ কৰিছিল, পিছলৈ কিন্তু সন্তোষীৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ ল'লে।। 
                    ৰিতুলৰ চাকৰিটোলৈকে যেন দুয়ো অপেক্ষাত আছিল।।দুবছৰৰ পিছত এমাহৰ বাবে ছুটিত আহিছে ৰিতুল।। প্ৰেমিক চৰাই হালৰ চকুত টোপনি নাই আনন্দত।। 
এই যে ভোকেই নালাগে,,শুব নোৱাৰে,,,অনবৰতে ওঁঠত এটি লাজকুৰীয়া হাঁহি উলমি থাকে,,, ৰাতিটো পুৱালেই সন্তোষীৰ প্ৰিয়জন আহি পাব।। চকুহালো যেন অধৈর্য হৈ পৰিছে ৰিতুলক চাবলৈ।।সন্তোষীৰ মনটোৱে কৈ উঠিছে "উফ্,,,,,, এই সময়ে যে বৰ দীঘল।। "
                     প্ৰিয়জনৰ সান্নিধ্যত এটা মাহ যে কেনেকৈ পাৰ হ'ল দুয়ো গমেই নাপালে।। দুৰ্গা পূজা আৰম্ভ হৈছে।। দশমী পূজাৰ দিনাই গমন কৰিব লাগিব ৰিতুল দেশৰ গন্তব্য স্থানলৈ।। আজি নৱমী।। নৈ পাৰত থিয় হৈছে দুয়ো।। মন গধুৰ সন্তোষীৰ।। আৰু ৰিতুলৰ?? এই মূহুৰ্ততে যেন নিজৰ কৰি ল'ব তাৰ মৰমৰ প্ৰেয়সী সন্তুক!! আঁকি দিব যেন সন্তুৰ সেওঁতা ফালি নিজৰ নামৰ সেন্দুৰীয়া আলি।। এক হৈ পৰিব দুটি দেহ।। হিয়া উজাৰি মৰম বিয়পাই দিব তাৰ উশাহক।।  
                সজল দুচকুৰে কাতৰ অনুৰোধ কৰিছে তাই ৰিতুলক।। ক'ব খুজিছে "নাযাবা না তুমি।। " ৰিতুলৰ বুকুত সোমাই হুকহুকাই কান্দি উঠিছে সন্তোষীয়ে।। আগতকৈ ও জোৰত সাৱট ধৰিছে ৰিতুলে তাৰ উশাহক।।সন্তোষীৰ চকুলোৱে তাৰ চাৰ্টৰ বুকুৰ অংশ তিয়াইছে।। সেই চকুলো ৰিতুলৰ বুকুৰ ভিতৰলৈ শিপাইছে।। দুৰ্বল হৈ পৰিছে তাৰ মন।। তথাপি সি পিছুৱাই আহিব নোৱাৰে।। এতিয়া ৰিতুল এজন দেশৰ সৈনিক।। দেশ মাতৃৰ সুৰক্ষাৰ হেতু উচৰ্গা কৰিছে নিজৰ জীৱন।। দায়িত্বৰ পৰা পলায়ন কৰিব নোৱাৰে সি।। 
                  শেষ বাৰৰ বাবে দুয়ো ওলাই গৈছে নৱমী পূজা চাব একেলগে।। এতিয়া পিছে তাহানিৰ ব্ৰেক নোহোৱা চাইকেল খনত নহয়,, নতুনকৈ ৰিতুলে লোৱা ৰঙা ৰঙৰ চুপাৰ ষ্প্লেণ্ডাৰ বাইক খনতহে।। সেৱা কৰিব বহিছে দুয়ো দেৱী মাৰ সন্মুখত।। দুচকু জপাই হাতযোৰ কৰি প্ৰিয়জনৰ আশু-আৰোগ্য আৰু দীৰ্ঘায়ু কামনা কৰিছে সন্তোষীয়ে।। প্ৰাৰ্থনা কৰি থকা সন্তোষীক হেেঁপাহ পলুৱাই চাইছে তাইৰ প্ৰিয়জনে।। অজানিতে তাইৰ দুপাত্তাখন মূৰলৈকে তুলি দিছে ৰিতুলে।। কিমান যে মৰম লাগিছে সি উপহাৰ দিয়া গোলাপী চুৰিদাৰযোৰেৰে তাৰ মৰমী জনীক।। 
                লাহে লাহে ৰিতুলৰ হাত খনে সন্তোষীৰ হাত স্পৰ্শ কৰিছে।। ইমান মানুহৰ মাজত লাজতে মুচকচ যোৱাৰ উপক্রম সন্তোষীৰ।। এইবাৰ মুঠি মাৰি ধৰিছে ৰিতুলে তাইৰ হাতখন।। চপাই আনিছে আৰু কাষলৈ।। ওঁঠেৰে এটি লাজকুৰীয়া হাঁহি বিয়পি পৰিছে সন্তোষীৰ।। আঁতৰিব খোজোতেই ৰাস্তাৰ খালত পৰিব ধৰাত হঠাৎ কঁকালত এহাতেৰে খামুচি টানি আনিছে পুনৰ ৰিতুলে তাইক নিজৰ দিশে।। জিকাৰ খাই উঠিছে সন্তোষী।। ৰিতুলে থুতৰিত ধৰি তুলি ধৰিব খুজিছে সন্তোষীৰ অপেশ্বৰী যেন ধুনীয়া মুখনি।। চকুত চকু পৰাত পুনৰ শিঁহৰিত হৈ দুচকু নমাই আনে সন্তোষীয়ে।। লাজ লাজ ভাৱ এটাই আৱৰি ধৰে তাইক।। 
               দুটা বেলুন কিনি দিছে ৰিতুলে সন্তোষীক।। হাতত অলপ খাৰু, ডিঙিত এডাল ধুনীয়া মনি আৰু কাণত এজোৰ দীঘল ফুলি পিন্ধাই দিছে সি।। সজাই পেলাইছে তাৰ উশাহটোক।। প্ৰিয়জনৰ উপহাৰ বোৰ সন্তোষ মনেৰে গ্ৰহণ কৰিছে সন্তোষীয়ে।।ৰিতুলৰ মৰম ভৰা স্পৰ্শত ক্ষন্তেকৰ বাবে পাহৰি গৈছে সন্তোষীয়ে ৰিতুলৰ বিদায়ৰ কথা।। উপভোগ কৰিছে দুয়ো সেই সময়।। বুকুত সাঁচি লৈছে প্ৰিয়জনৰ মৰম।। 
               কথাবোৰ ভাবি থাকোঁতেই ৰিতুলৰ ফ'নটো বাজি উঠাত অতীতৰ পৰা বাস্তৱলৈ ঘূৰি আহে সি। । হয়।। তাৰ গৰ্ভৱতী পত্নী সন্তু হাস্পাতালত আছে।। সেই যে তেতিয়া পূজা চাবলৈ গৈছিল তাৰ পিছত আৰু দুয়ো একেলগে পূজা চাব পোৱা নাই।। দেশৰ সৈনিকৰ নো ক'ত প্ৰেমিকা, পত্নীৰ লগত পূজা চোৱাৰ সৌভাগ্য আছে!! 
              যেতিয়া সি কাশ্মীৰত চাকৰি জইন কৰিবলৈ গৈছিল তেতিয়া সকলো গম পাই মাক দেউতাকে তাইৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল।। মাৰ ধৰ , গালি শপনিৰ কোবত থাকিব নোৱাৰি সন্তোষীয়ে চিঠি লিখিলে ৰিতুললৈ।।আৰু তাৰ অপেক্ষাত দিন ৰাতি কান্দি কান্দি পাৰ কৰিছিল।। চিঠিখন তাৰ ওচৰ পোৱালৈ এমাহ বেছি দিন লাগিছিল।। পুনৰ দহ দিনৰ ছুটি লৈ ৰিতুল সন্তুৰ ঘৰলৈ আহিছিল।। ইতিমধ্যে দেউতাকে তাইৰ বিয়া ঠিক কৰি পেলাইছিল।। পাগলৰ দৰে হৈ পৰিছিল সি।। চিঠি পঠিওৱাৰ পিছতো ইমান দেৰিকৈ অহা বাবে অভিমানে ঘৰ সাজিছিল সন্তুৰ বুকুত।। উপায়হীন হৈ পৰিছিল দুয়ো।। দেউতাকে সন্তুক বাহিৰলৈ ওলোৱা বন্ধ কৰি দিছিল বিয়ালৈকে।। অৱশেষত বিয়াৰ দিনাই কইনাৰ সাজত পলুৱাই আনিছিল ৰিতুলে তাৰ প্ৰেয়সীক।। সন্তোষীক ঘৰৰ পৰা চিৰদিনৰ বাবে ত্যাগ কৰিলে।। আমাক গাঁৱৰ পৰা বহিস্কাৰ কৰা হ'ল।। লৈ আনিলে মাক - দেউতাক আৰু সন্তুক তাৰ ওচৰলৈ।। 
               সন্তুৰ ফ'নৰ পৰা ভিডিঅ' ক'ল আহিছে।। দুচকু জপাই দুৰ্গাক আৰাধনা কৰি সি ৰিচিভ কৰিছে।। 

সিফালে চিন্তাক্লিষ্ট তাৰ মাক ৰৈ আছে।। 

: বহু অপৰেচন থিয়েটৰ মে হে বেটা।। ৱৌ বহত ৰৌ ৰহি হে।। 

           মাকৰ কঁপা কঁপা মাতত ৰিতুলৰো বুকু কঁপি উঠে।। কাণত পৰে তাৰ মানুহজনীৰ চিঞৰ।। উফ্,,,,,,তাই কুশলে থাকক।। এতিয়া যদি সি তাইৰ কাষত থাকিব পাৰিলেহেতেন।। তাইৰ সাহস হৈ থিয় দিব পৰা হ'লে এইসময়ত।। কেতিয়াবা নিজকে অপৰাধী যেন লাগে পৰিয়ালৰ ওচৰত।। টকাকেইটা পঠিওৱাৰ বাদে আন কিবা সহায় কৰিব পাৰে জানো সি ঘৰখনৰ বাবে?? বিধৱা মাকজনীৰ বাবে?? আৰু না তাৰ মৰমৰ পত্নীজনীৰ কাৰণে।। এতিয়া ইমান এটা সন্তুৰ কষ্টৰ সময়তো সি তাইৰ কাষত নাই।।দেশবাসীৰ প্ৰতি থকা দায়িত্বয়ে বান্ধি ৰাখিলে তাক।। 

: এ সন্তু,,,, সন্তু,,, তুঝে কোচ নেহি হৌগা সন্তু।। তু দৰ মত।। দেখ্ মে মাতা ৰাণী কে চামনে খৰাহো।। ৱৌ তুঝে ভৰ ভৰকে আশীৰ্বাদ দে ৰহে হে।। তুঝে কোচ্ নেহি 
হৌগা মেৰে সন্তু।। তু দৰ মত,, তু দৰ মত।। মে হুনা!! 

                 দুহাত যোৰ কৰি কাঁতৰ প্ৰাৰ্থনা জনাই ৰিতুলে দেৱী মাৰ আগত ।। কঁপনি উঠিছে গাত।। অনুভৱ কৰিছে এই মুহূর্তত তাৰ সন্তুৱে পোৱা কষ্ট।। আহ্,,,,,,, হে দেৱী মা,, মোৰ সন্তুক শক্তি দিয়া ,, দেৱী মা শক্তি দিয়া।। 

                 তাক দেখি লগৰ তিনিজনেও হাতযোৰ কৰে দেৱীৰ আগত।। 

              তেনেতে মাকৰ চিঞৰ কাণত পৰাত হাতত থকা ফ'নটো চাই ৰিতুলে 

: এ বেটা,,, বহুকৌ বেটী হোৱা হে।। য়ে দেখ ঘৰমে লক্ষ্মী আইহে বেটা লক্ষ্মী।

             দুচকুৰে ধাৰাষাৰে লোতক বৈ আহে ৰিতুলৰ।।তাৰ সন্তুৱে হাঁহিছে।। সৌৱা দেৱী মায়ে তাইক সুস্থ কৰি ৰাখিলে।। লাহে লাহে তাৰ চকু আইতাকৰ হাতত থকা ঘৰৰ লখিমী তথা তাৰ আৰু সন্তুৰ ভালপোৱাৰ প্ৰথমটো চিন কণমানিজনীলৈ যায়।। কপাহৰ দৰে বগা, নোডোকা চেহেৰাৰ মৰম লগা এইজনী কণমানি সন্তু।। চকুলো বাধা দিব নোৱাৰে কোনেও।। 

                লগৰ সৈনিককেইজনেও সন্তুষ্টিৰ হাঁহি মাৰে ৰিতুললৈ চায়।। 

                  ৰিতুলে তাৰ কণমানিজনীৰ উজ্জ্বল চকুহাললৈ চায়।। কিবা এটা ভাবি পুনৰ মণ্ডপৰ দুৰ্গা মাৰ চকু জুৰিলৈ চায়।। ভাঁহি উঠে কাণত ----

                     या देवी सर्वभू‍तेषु माँ कात्यायनी रूपेण संस्थिता।

                     नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
         
সমাপ্ত

✍️ সুস্মিতা দেৱী। 
কামপুৰ, নগাঁও। 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)