শাওণক চিনি নোপোৱা-আঘোণকহে চিনি পোৱা কিয়-মীনা পামে গাম

©Admin
0
'ন' খাবৰ সময়ত মানুহৰ সমাগম,
কি দি 'ন' ভাত খাওঁ (?),
কি মাছেৰে খাওঁ 
কোমোৰাই - হাহে খাওঁনে
বৰালি -চিতলেৰে খাওঁ ॥

দ পথাৰত ধান দাই থকা
নৰেশৰ ঘৰত ন খোৱা
অগনন ৰাইজ ...।

নৰেশে অকলে অকলে
ভাগৰি ভাগৰি হাল জুৰাওঁতে
ওচৰত বা চোতালত
কোনাে ছাঁকে দেখা নাছিল ,
নৰেশৰ নিজৰ ছাঁ'ই সংগী আছিল ॥

তেতিয়া শাওণক 
কোনেওঁ নাজানিছিল !
যেতিয়া
বানে ধোৱা পথাৰত
ভাগৰি পৰিছিল
আইজং ধানৰ কঠীয়া বিছাৰি !!

এতিয়া !!
আঘোণক !!
সকলোৱে চিনে !!

আজি নৰেশৰ চোতালত  
ন ভাত খোৱাৰ জোৱাৰ
স্থানীয় শিল্পীৰ বিহুগীতত
নিয়ৰ-কুৱঁলী শুকাই যায় ॥

ধানৰ নৰাবোৰে
কাণ পাতি শুনি থাকে
বাঁহীৰ মাত
ঢােলৰ ছেওঁৰ গুমগুমণি
আৰু বিহুগীতৰ সুৰ !!

ইমান উল্লাসৰ মাজতো
নৰেশে হাঁহিম বুলিওঁ
হাঁহিব নোৱাৰিলে ,
কিয়নো, ভাৰ কঢ়িয়াওঁতে কঢ়িয়াওঁতে
কান্ধৰ ছালৰ চেকচেকনিত
ভৰিত নৰাই কটা, 
আঁক দিয়া ভৰিখনত পোৱা বিষৰ 
জ্বালা - যন্ত্ৰনাত
হাঁহিৰ-পাহি মেলিব পৰা নাইচােন !!
মালতী ঐ, মলমতো লৈ আনচোন
ঘঁহি দে ভৰিৰ আঁকবােৰত ...!!!

তেতিয়াহে, 
চিতল মাছৰ সোৱাদ ল'ব পাৰিম,
আৰু শীতল বতাহৰ ফাঁকেৰে জুমি আহি,
শিল্পীৰ গানৰ সোৱাদ ল'ব পাৰিম,
"আহ, মালতী মোৰ ওচৰলৈ --
তয়েই মােৰ প্ৰকৃত সংগী" 
শাওণ আৰু আঘোণৰ..... ॥॥॥

✍️মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)