অনুৰাগ~অণুগল্প-বাণীকান্ত লহকৰ

©Admin
0
হিলদল ভাঙি দৌৰা ভিত হৰণীৰ চকুৰ মণিত গোটমাৰা তেজৰ বৰফ। অহৰহ দৌৰি থকা পেটৰ ভিতৰৰ নিগনি কেইটাৰ আহ্বান এৰাব নোৱাৰি তাই ওলাই আহিছিল মুক্ত ৰণাঙ্গনলৈ,ল'ক ডাউনৰ গয়নাৰে ; ইঞ্জিনীয়াৰ গিৰিয়েকৰ হাক বাধাক কেৰেপ নকৰি। পেটৰ ভিৰৰ নিগনি কেইটা শান্ত হওঁতেই সেয়া তাই কি দেখিছিল ব্যৱসায়ীৰ অংশীদাৰৰ চকুৰে ওলাই অহা উত্তপ্ত শিখাই গলাই পেলালে তাইৰ চকুৰ মণিৰ গোটমাৰা তেজ। সপোনৰ দুচকুত ভাঁহি উঠিছিল নৱজাতকৰ কান্দোৰত মুখ । নাকৰ উশাহৰ সুঘ্ৰাণ স্পৰ্শত পাহৰণিৰ নদীয়েদি বৈ গৈছিল মৰহা অতীত য'ত অসম্পূৰ্ণ মাতৃত্বৰ কলংকৰ মোহৰ মাৰা দৈন্যতা বিদ্যমান । পায় নাপায় প্ৰশ্নটোক কাটি খাই সঁচাই এদিন ৰূপকৰ হাতত ধৰি জেউতি আঁতৰি গৈছিল ইঞ্জিনীয়াৰ বিমলৰ পৰা । বিমলৰ স্বগোক্তি "কৰ'ণাই মোৰ সকলো খালে ।"

✍️বাণীকান্ত লহকৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)